অমাইক্ৰনৰ পিছত এইবাৰ কৰোনাৰ নতুন অৱতাৰ হৈ ফ্ৰান্সত ওলাইছে 'ইহু'




অমাইক্ৰনৰ সংক্ৰমণে সমগ্ৰ বিশ্বতে জনজীৱনৰ বাবে সংকট বৃদ্ধি কৰিছে। তদুপৰি ডেল্টাৰ বিপদ এতিয়াও আঁতৰা নাই। ইয়াৰ মাজতে ভাইৰাছটোৰ আন এটা ভেৰিয়েণ্টৰ আবিৰ্ভাৱ ঘটিছে। প্ৰজাতিটো ফ্ৰান্সত পোৱা গৈছে। ইয়াৰ নাম দিয়া হৈছে ‘ভেৰিয়েণ্ট IHU’ বা B.1.640.2। ফ্ৰান্সত ডিচেম্বৰত ইহু-ৰ প্ৰথমটো ঘটনা পোহৰলৈ আহে। কিন্তু গ্ল’বেল এক্সপাৰ্টৰ গুৰুত্ব আকৰ্ষণ কৰাৰ পিছত এয়া সমগ্ৰ বিশ্বত চৰ্চিত হৈছে। এই নতুন ভেৰিয়েণ্টত শ্বাস–প্ৰশ্বাসত সামান্য সমস্যাৰ লক্ষণ দেখা গৈছে। য’ত অমিক্ৰনৰ সংক্ৰমণত পাতল জ্বৰ, ভাগৰুৱা আদিৰ দৰে লক্ষণ অধিক দেখা গৈছে।


ৰিপ’ৰ্ট অনুসৰি, ফ্ৰান্সৰ মাৰ্ছেল চহৰত নতুন ভেৰিয়েণ্টৰ ১২টা ঘটনা ধৰা পৰিছে। ইয়াৰে কেইবাজনো হাস্পতালত ভৰ্তি হয়। এই ভেৰিয়েণ্টটোৰ আফ্ৰিকান দেশ কেমেৰুণৰ সৈতে সম্পৰ্ক থকা বুলি সন্দেহ কৰা হৈছে। বিশেষজ্ঞসকল চিন্তিত হৈছে এইকাৰণেই যে ভেৰিয়েণ্টটোৰ সকলো ভেকচিনৰ প্ৰভাৱ নাইকিয়া কৰাৰ ক্ষমতা থাকিব পাৰে।


অৱশ্যে সকাহৰ কথা যে অমাইক্ৰনৰ দৰে নতুন ভেৰিয়েণ্ট ইহুৰ দ্ৰুতগতিত সংক্ৰমণ ঘটা নাই। নতুন ভেৰিয়েণ্টৰ সন্ধান ‘দ্য মেডিটেৰেনী ইনফেকচন ইউনিভাৰ্ছিটী হাস্পতাল ইনষ্টিটিউট’ৰ গৱেষকে কৰিছে, কিন্তু ই এতিয়ালৈ বিশ্ব স্বাস্থ্য সংস্থাৰ পৰীক্ষাৰ আওতালৈ অহা নাই। এই কথাৰো কোনো প্ৰমাণ নাই যে এই নতুন ভেৰিয়েণ্ট ফ্ৰান্সৰ সীমাৰ বাহিৰলৈ বিয়পিছে। অৱশ্যে কিছু অসমৰ্থিত দাবী মতে, এই ভেৰিয়েণ্ট পূৰ্বেই ইউ কেৰ সীমাত ধৰা পৰিছে।



ইহুৰ সন্ধান কৰা ডিপাৰ্টমেণ্টত মুখ্য অধ্যাপক ফিলিপ কোলছনে বিগত মাহত এখন সংবাদ পত্ৰৰ অনলাইন পোষ্টত এই ভেৰিয়েণ্টৰ বিষয়ে সদৰি কৰিছিল। অৱশ্যে ইয়াক এতিয়ালৈ কোনো মেডিকেল জাৰ্নেলে প্ৰকাশ কৰা নাই। তেওঁ লিখিছে, ‘আমি মাৰ্ছেলৰ জিঅ’গ্ৰাফিক এৰিয়াত নতুন ভেৰিয়েণ্টৰ কেইবাটাও ঘটনা দেখিছো। আমি ইয়াক ‘ভেৰিয়েণ্ট IHU’ নাম দিছো। এতিয়ালৈ দুটা নতুন জিন’ম জমা কৰা হৈছে।’


তেওঁ উল্লেখ কৰা মতে, সংক্ৰমিত হোৱা লোককেইজন সম্পূৰ্ণৰূপে ভেকচিন গ্ৰহণ কৰা আছিল। এই আটাইকেইজন লোক পজিটিভ হোৱাৰ তিনি–চাৰিদিন পূৰ্বে কেমেৰুনৰ পৰা ফ্ৰান্সলৈ উভতিছিল। ৰিপ’ৰ্ট অহাৰ এদিন পূৰ্বে তেওঁলোকে শ্বাস–প্ৰশ্বাসৰ সামান্য লক্ষণ অনুভৱ কৰিছিল। অৱশ্যে ১২টা ঘটনাৰ আধাৰত বৰ্তমান কোনো মন্তব্য কৰাটো উচিত নহ’ব।

7 views0 comments