এইখন অসমতে কংগ্ৰেছ পৰিয়ালত ব্যভিচাৰ : শহুৰ-দেওৰ সকলোৱে মিলি ধৰ্ষণ




নিজৰেই পত্নীৰ দাখিল কৰা এজাহাৰৰ ভিত্তিত ৰুজু হোৱা বিপৰীতে দলবদ্ধ ধৰ্ষণত অভিযুক্ত হৈ ৰঙাঘৰৰ আলহী হৈছে যুৱ কংগ্ৰেছৰ এজন নেতা। এগৰাকী পত্নীৰ এনে অভিযোগে ব্যভিচাৰৰ এখন ভয়ংকৰ তথা ক'লা জগত উদঙাই দিছে। নিজৰ পত্নীক কোনে আনৰ ভোগৰ সামগ্ৰী হ'বলৈ এৰি দিয়ে? এয়া ব্যভিচাৰৰ বাহিৰে আন কোনো নহয়। ৰ'ব, নেতাজনৰ কথা কোৱাই নাই। তেওঁ অসমৰেই। নাম হুমায়ুন কবিৰ। দৰং জিলা যুৱ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি আৰু বৰ্তমান দৰং জিলা পৰিষদৰ নিৰ্বাচিত পাৰিষদ। কংগ্ৰেছীজনৰ ব্যভিচাৰক উদঙাই দি তেওঁৰ পত্নীয়ে জিলাখনৰ ধূলা আৰক্ষীৰ কাষ চাপিছে। এজাহাৰত পত্নী কবিৰৰ লগতে আন চাৰিজনৰ নাম উল্লেখ কৰা হৈছে। কেউজনে মিলি তেওঁক বলাৎকাৰ কৰাৰ অভিযোগ লাভৰ পিছতে আৰক্ষীও বিষয়টোক লৈ তৎপৰ হৈ পৰে।


মাত্ৰ এমাহ পূৰ্বে বিবাহপাশত আবদ্ধ হোৱা কবিৰৰ পত্নীয়ে ২৫ নৱেম্বৰতে ধূলা থানাত এজাহাৰখন দাখিল কৰিছিল। এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে ধূলা থানাত হুমায়ুন কবিৰৰ লগতে চফিকুল ৰহমান, জয়নুদ্দিন আহমেদ আৰু ফকৰুদ্দিনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে। গোচৰটো ভাৰতীয় দণ্ডবিধিৰ ৩৭৬(ডি)/৫০৬নং ধাৰাত ৩৬৬/২১ নম্বৰত ৰুজু হয়। ধূলা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া কল্যাণ বৰাই সদৰি কৰা অনুসৰি, বিগত ১৫ দিনে বিষয়টো তন্ন তন্নকৈ তদন্ত চলাই কালি পুৱাতে জিলা যুৱ কংগ্ৰেছৰ সভাপতি কবিৰক ধূলা থানালৈ লৈ আহে আৰু আবেলি মঙলদৈত আদালতত হাজিৰ কৰোৱা হয়। আদালতে কবিৰক জে'ল-হাজোতলৈ প্ৰেৰণ কৰে। লক্ষণীয়ভাৱে কবিৰে ঘটনাটোক পৰিয়ালৰ আভ্যন্তৰীণ বিষয় বুলি কৈ সাংবাদিকক এৰাই চলে। উল্লেখ্য যে এজাহাৰত হুমায়ুনৰ ভাতৃ, পিতৃকো অভিযুক্ত কৰা হৈছে।



এটা পৰিয়ালত এইদৰে এগৰাকী বোৱাৰীক শহুৰেক, দেওৰেক সকলোকে ভোগৰ সামগ্ৰী হিচাপে ব্যৱহাৰ কৰা অথবা কৰিব বিচৰা কাৰ্য ব্যভিচাৰৰ চূড়ান্ত নিদৰ্শন। কংগ্ৰেছ নেতাৰ ঘৰেই যেতিয়া এনে ধৰণৰ ব্যভিচাৰৰ কেন্দ্ৰ হৈ পৰে, দলটোৱে সমাজৰ পৰা দুৰ্নীতি-কেলেংকাৰি, ব্যাভিচাৰ-অন্যায় আঁতৰোৱাৰ বাবে দিয়া ধ্বনিবোৰ উপহাসত পৰিণত নহ'বনে?

26 views0 comments