এয়া কি প্ৰশ্ন আদালতৰ- আপুনি প্ৰধানমন্ত্ৰী মোদীৰ বাবে কিয় লজ্জিত?





সাধাৰণ মানুহৰ নহয়, প্ৰশ্নটো উচ্চ ন্যায়ালয়ৰ। আচৰিত হোৱাৰেই কথা। অৱশ্যে প্ৰসংগক্ৰমেহে প্ৰশ্নটোৰ অৱতাড়না। বিষয়টোৰ ভিতৰলৈ নোসোমালে ন্যায়পালিকাৰ প্ৰতি মনত বিৰূপ ধাৰণা এটাৰো গজালি মেলিব পাৰে। এতিয়া প্ৰশ্নটোলৈ আহোঁ। কেৰালা উচ্চ ন্যায়ালয়ে এজন ন্যায়প্ৰাৰ্থীক সুধিছে- আপুনি প্ৰধানমন্ত্ৰী মোদীৰ বাবে কিয় লজ্জিত?


ইয়াৰ গুৰিটো ক'ভিড ভেকচিনৰ প্ৰমাণ পত্ৰত সন্নিৱিষ্ট প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ফটোখন। প্ৰমাণপত্ৰত প্ৰধানমন্ত্ৰী মোদীৰ ফটো সন্নিৱিষ্ট কৰাত অসন্তুষ্ট ব্যক্তি এজনে মোডীৰ ফটো আঁতৰাবলৈ উচ্চ ন্যায়ালয়ত আবেদন দাখিল কৰে। এই আবেদনৰ শুনানি গ্ৰহণ কৰি আবেদনকাৰীক উচ্চ ন্যায়ালয়ে প্ৰশ্ন কৰিছে, আপুনি প্ৰধানমন্ত্ৰী মোদীৰ বাবে কিয় লজ্জিত?


কেৰালা উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ পি ভি কুনহিকৃষ্ণনে কয়- “প্ৰধানমন্ত্ৰীক দেশৰ জনসাধাৰণে নিৰ্বাচিত কৰিছে। গতিকে ভেকচিনৰ প্ৰমাণপত্ৰত তেওঁৰ ছবি ৰখাত কি ভুল আছে?” আবেদনকাৰীৰ উত্তৰ- এনে ধৰণৰ ব্যৱস্থা আন দেশত নাই।



উচ্চ ন্যায়ালয়ে আবেদনকাৰীৰ এই মন্তব্যৰ মৌখিক উত্তৰ দি কয় যে আমি আমাৰ প্ৰধানমন্ত্ৰীক লৈ গৌৰৱান্বিত। হয়তো আপুনি আপোনাৰ প্ৰধানমন্ত্ৰীক লৈ গৌৰৱান্বিত নহয়। আদালতে আৰু কয়, ‘আপুনি প্ৰধানমন্ত্ৰীৰ বাবে কিয় লজ্জিত? তেওঁ জনসাধাৰণৰ ৰায়ৰ জৰিয়তে ক্ষমতালৈ আহিছে। ৰাজনৈতিকভাৱে, আমাৰ দৃষ্টিভংগী বেলেগ বেলেগ হ’ব পাৰে, কিন্তু তেওঁ এতিয়াও আমাৰ প্ৰধানমন্ত্ৰী।’

ইয়াৰ উত্তৰত আবেদনকাৰীৰ অধিবক্তা পিটাৰ মায়ালিপাৰাম্পিলে যুক্তি দাঙি ধৰি কয়, ‘টিকাকৰণৰ প্ৰমাণপত্ৰ হৈছে এটা ব্যক্তিগত স্থান। তাত আমাৰ ব্যক্তিগত তথ্য থাকে। সেয়েহে এজন ব্যক্তিৰ গোপনীয়তাত হস্তক্ষেপ কৰাটো অন্যায়। আদালতে উয়াৰ উত্তৰ দিলে এইদৰে- “প্ৰধানমন্ত্ৰীৰ ফটোৰ সৈতে ভেকচিন প্ৰমাণপত্ৰত দেশৰ ১০০ কোটিৰো অধিক লোকৰ কোনো সমস্যা নাই, গতিকে আপোনাৰ সমস্যা কি?”


আদালতৰ মতে, এইটো ৰাজনৈতিক পাৰ্থক্যৰ ঘটনা নহয়। আবেদনকাৰীৰ যুক্তি হ'ল, ভেকচিনৰ প্ৰমাণপত্ৰত থকা ফটোৱে ভোটাৰসকলৰ মনত প্ৰভাৱ পেলাব আৰু শেহতীয়া ৰাজ্যিক বিধানসভা নিৰ্বাচনৰ সময়তো বিষয়টো উত্থাপন কৰা হৈছিল।

6 views0 comments