এইবাৰ শীতৰ দৰে গ্ৰীষ্মই দিনতে তৰা দেখুৱাব পাৰে




দেশৰ বহু অংশত এইবাৰ স্বাভাৱিকতকৈ অধিক মাত্ৰাত শীত পৰিছে। ফেব্ৰুৱাৰীৰ প্ৰথম পষেকটো যোৱাৰ পৰা লাহে লাহে শীত কমিবলৈ ধৰিছে। সমান্তৰালকৈ মানুহৰ মাজত আশংকা এটাও লাহে লাহে গঢ় লৈ উঠিব ধৰিছে- এইবাৰ শীতে যেনেকৈ ধোঁৱা-কোঁৱা দেখুৱালে, গৰমেও দিনতে তৰা দেখুৱাব নেকি?

বতৰ বিজ্ঞান বিভাগৰ মতে, শীতপ্ৰৱাহৰ কবলত পৰা দেশৰ অঞ্চলসমূহত শীতৰ প্ৰভাৱ কমি আহিব। মাৰ্চৰ আৰম্ভণিলৈকে সামান্য শীতহে থাকিবগৈ। স্কাইমেট ৱে'ডাৰ ফৰকাষ্টৰ তথ্য মতে, এইবাৰ জানুৱাৰীত ১৭২ বছৰৰ অভিলেখ ভংগ কৰি দেশত বৰষুণ হৈছে। শীতৰ ক্ষেত্ৰত ৭২ বছৰৰ ইতিহাস ভংগ হৈছে। ইফালে, বছৰটোত গৰমৰ প্ৰাবল্য কিমান হ'ব, সেই সন্দৰ্ভত এতিয়ালৈকে বতৰ বিজ্ঞান বিভাগে কোনো ধৰণৰ পূৰ্বানুমান প্ৰকাশ কৰা নাই। ফেব্ৰুৱাৰীৰ শেষলৈকে জাৰি হ'ব পাৰে।


কিন্তু বিভিন্ন পেটাৰ্নৰ পৰা অনুমান কৰা হৈছে এইবাৰ দেশত গৰমে অভিলেখ গঢ়িব পাৰে। বিশেষকৈ জুন আৰু জুলাইত দেশত গৰমে জনসাধাৰণক অতিষ্ঠ কৰি তুলিব পাৰে। এই সময়ছোৱাত অসমতো গ্ৰীষ্মই দহিব পাৰে। অৱশ্যে বিহাৰত তুলনামূলকভাৱে সিমান গৰম নপৰিব পাৰে। এটা পেটাৰ্নৰ অধ্যয়নৰ জৰিয়তে কোৱা হৈছে যে ৰাজ্যখনত বিগত ৬০ বছৰত দেখা গৈছে যে যেতিয়াই অত্যধিক ঠাণ্ডা পৰে বিহাৰত মে'-জুন তুলনামূলকভাৱে শীতল হৈ থাকে। সিমান গৰম নপৰে। অৱশ্যে জুলাইত ইয়াৰ মাত্ৰা বাঢ়িব পাৰে। কিন্তু দেশৰ আন অংশৰ বাবে বেয়া খবৰ দিছে বতৰ বিজ্ঞান বিভাগৰ এটা সূত্ৰই। যেতিয়া দেশত জানুৱাৰীত অত্যধিক শীত পৰে আৰু অধিক দিন অব্যাহত থাকে, তেতিয়া মে'ত তাপমাত্ৰা ৪০ ডিগ্ৰী চেলচিয়াচৰ আশেপাশে গুচি যায়। অসমৰ ক্ষেত্ৰত তাপমান ইমান নাবাঢ়িলেও দেশৰ ৰাজধানী মহানগৰ আৰু ইয়াৰ আশেপাশে বতৰৰ এই বিকট ৰূপটো প্ৰত্যক্ষ হ'ব পাৰে। অসমতো ৩৮ ডিগ্ৰী মানলৈ পাৰাস্তম্ভ উঠিব পাৰে। মে'ত যদি এই দুৰৱস্থা হয়, গ্ৰীষ্মৰ বাকী সময়ছোৱাই কি ৰূপ পৰিগ্ৰহ কৰিব পাৰে, সেয়া ভাবিবলৈও ভয় লগা ধৰণৰ। গতিকে এইবাৰ শীতৰ দৰে গ্ৰীষ্মই জনসাধাৰণক কন্দুৱাব পাৰে।

4 views0 comments