মনৰ শক্তিৰে বাধাৰ প্ৰাচীৰ ভঙা চোহনা-মোহনা এতিয়া হাজাৰজনৰ অনুপ্ৰেৰণা



শৰীৰ এটা কিন্তু মানুহ দুজন। ভাগ্যৰ বিপাকেই হওক বা আন কোনো কাৰণত, পৃথিৱীত এনে ধৰণৰ মানুহ দুই-এঠাইত দেখা যায়। কেতিয়াবা যমজ শৰীৰটো পৃথকীকৰণৰ বাবে তেওঁলোক চৰ্চালৈ আহে। কিন্তু দুটা পৃথক সত্তা আৰু জীৱন লৈ বসবাস কৰা এই লোকসকলৰ বাবে প্ৰাত্যহিক জীৱন মুঠেও সুখকৰ নহয়। বেছিভাগেই ঘূৰি ফুৰিব নোৱাৰে। নিজৰ প্ৰয়োজনীয় কামখিনি নিজে সম্পাদন কৰিব নোৱাৰে। সততে তৃতীয় ব্যক্তি এজনৰ সহায় বা সহযোগিতাৰ প্ৰয়োজন হয়। ইয়াৰ প্ৰভাৱ তেওঁলোকৰ মানসিক জগততো পৰে। কিন্তু ব্যতিক্ৰমো থাকে। পৰম আত্মবিশ্বাস আৰু হাৰ নমনা স্বভাৱৰ তেনে কিছু ব্যক্তিৰো এইখন পৃথিৱীত জনম হয়। ১৯ বছৰীয়া চোহনা আৰু মোহনা তেনে এটা একক শৰীৰৰ যুগ্ম ব্যক্তি। দুয়ো এতিয়া পঞ্জাব চৰকাৰৰ বিদ্যুৎ বিভাগৰ কৰ্মচাৰী। মাহেকত কুৰি হাজাৰ টকা দৰমহা পায়। ছোহনা আৰু মোহনাক জন্মৰ প্ৰায় লগে লগে পিতৃ-মাতৃয়ে পৰিত্যাগ কৰিছিল। সেই দুৰৱস্থাৰ পৰা দুয়ো যুঁজিবলৈ আৰম্ভ কৰিছিল। সঁচাকৈয়ে দুয়োৰে জীৱন আন দহজনৰ বাবে প্ৰেৰণাৰ স্ৰোত।

অমৃতসৰৰ চোহনা আৰু মোহনাৰ বুকুৰ নিম্নাংশৰ পৰা শৰীৰ একেটাই। দুয়ো কিন্তু হাৰ মনা বিধাৰ নহয়। শৰীৰটোক লৈ দুয়ো আন দহজন মানুহৰ দৰেই ঘূৰা-ফুৰা কৰে। শেহতীয়াকৈ যোৱা ২০ ডিচেম্বৰত দুয়ো পঞ্জাব বিদ্যুৎ পৰিষদত চাকৰি এটা লাভ কৰিছে। দুয়ো শৈশৱৰ পৰাই পঢ়া-শুনাত ভাল। স্কুলীয়া শিক্ষা সাং কৰি দুয়ো ইঞ্জিনীয়াৰিঙত ডিপ্লোমা লয়। বিদ্যুৎ বিভাগে দুয়োৰে ডিপ্লোমা শেষ হোৱালৈকেই যেন বাট চাই আছিল। ডিপ্লোমা শষ হোৱাৰ পাছতে দুয়োকে চাকৰিত মকৰল কৰে।

পঞ্জাব চৰকাৰৰ বিদ্যুৎ বিভাগৰ বিষয়া ৰবীন্দ্র কুমাৰে এই সন্দৰ্ভত কয়, ‘‘চোহনা আৰু মোহনাই বৈদ্যুতিক যন্ত্রাংশ চোৱাচিতা কৰিব। দুয়োকেঅভিজ্ঞতাৰ ভিত্তিত এই কামত নিযুক্তি দিয়া হৈছে।

ইফালে, পঞ্জাব চৰকাৰক ধন্যবাদ জনাই ভাতৃ্দ্বয়েকয়, “চাকৰি পাই আমি নঅতি সুখী। সুযোগটো দিয়া বাবে পঞ্জাব চৰকাৰক ধন্যবাদ।” উল্লেখ্য যে ২০০৩ চনত দুয়ো ভাতৃৰ নতুন দিল্লীত জন্ম হৈছিল। জন্মৰ পৰাই দুয়োৰে মূৰ, হাত, আৰু হৃৎপিণ্ড পৃথক যদিও শরীরর নিম্নাংশ একেটা। জন্মর পিছতে পিতৃ-মাতৃয়ে দুয়োকে পরিত্যাগ করে। দিল্লি এইমছত চিকিৎসকে অস্ত্রোপচাৰ কৰি দুয়োকে পৃথক কৰাৰ চেষ্টা চলাইছিল। কিন্তু শাৰীৰিক জটিলতাৰ বাবে সেয়া সম্ভৱ নহ’ল। তাৰ পিছত দুয়ো অৱহেলিত আৰু উপেক্ষিত হৈ তেনেদৰেই ডাঙৰ-দীঘল হ’বলৈ ধৰে। ডিপ্লোমাও কৰে। এতিয়া চৰকাৰী চাকৰি। মনৰ দুৰ্বাৰ হেঁপাহ আৰু জীয়াই থকাৰ পৰ্বতসম তাগিদাই জন্মতে দুয়োকে পিতৃ-মাতৃৰ দ্বাৰা পৰিত্যাক্ত হোৱা সত্ত্বেও আজিৰ দিনটোলৈ লৈ আহিছে। জীৱন যিমানেই কঠিন নহওক কিয় জীয়াই থকাৰ প্ৰবল বাসনা আৰু আত্মবিশ্বাসে মানুহক যিকোনো বাধাৰ প্ৰাচীৰ ভাঙিবলা সাহস দিয়ে। প্ৰেৰণা দিয়ে। এয়াই জীৱনৰ আমোষ মন্ত্ৰ।

9 views0 comments