বাংলাদেশ সীমান্তত বিএছএফৰে সংঘৰ্ষত তিনি গৰু সৰবৰাহকাৰী নিহত



কোচবিহাৰ জিলাৰ বাংলাদেশ সীমান্তৰ সিতাইত বৃহস্পতিবাৰে গভীৰ নিশা বিএছএফৰ গুলীত নিহত হয় তিনিটা চোৰাং গৰুৰ সৰবৰাহকাৰী। নিহত তিনিজনৰ দুজন বাংলাদেশৰ নাগৰিক আৰু এজন ভাৰতীয়। ঘটনাস্থলীত সিতাই আৰক্ষীৰ দল এটা উপস্থিত হৈছে। দলটোৱে গৰু সৰবৰাহত বাধা পাই বিএছএফৰ জোৱানৰ ইটা-শিলেৰে আক্ৰমণ কৰিছিল। ইফালে, ঘটনা সন্দৰ্ভত বিএছএফে অদ্যাপি আনুষ্ঠানিকভাৱে একো তথ্য প্ৰকাশ কৰা নাই।



জানিব পৰা মতে, , বৃহস্পতিবাৰে নিশা ২ বজাত সিতাইৰ চামতা অঞ্চলত বিএছএফ আৰু গৰু সৰবৰাহকাৰীৰ মাজত সংঘর্ষ হয়। নিশা বাংলাদেশলৈ গৰু সৰবৰাহ কৰি থকা সময়ত পহৰাৰত বিএছএফৰ জোৱানে বাধা দিয়াত সৰবৰাহকাৰী দলটোৱে জোৱানসকলক ইটা-শিল নিক্ষেপ কৰি আক্ৰমণ কৰে। বিএছএফে গুলীৰে প্ৰত্যুত্তৰ দিয়াত তিনিজন নিহত হয়। নিহত ভাৰতীয়জনৰ নাম প্ৰকাশ বৰ্মন।


ইফালে, শুকুৰবাৰে পুৱা কোচবিহাৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক কুমাৰ ছানিৰাজে কয়, 'বিএছএফৰ গুলীত তিনজন নিহত হৈছে বুলি আমাৰ হাতত খবৰ আছে। ঘটনাস্থলীত সিতাই থানাৰ আৰক্ষী উপস্থিত হৈছে। কিন্তু বিষয়টোত বিএছএফৰ তৰফৰ পৰা জনোৱাৰ পিছতহে বিস্তৃতভাৱে ক'ব পৰা যাব।’






12 views0 comments