দুটা এনকাউণ্টাৰত তিনিটাক আহত কৰি ২০২১ক অসম আৰক্ষীৰ : কুখ্যাত পচা গুলীবিদ্ধ




২০২১ চনৰ বিদায়ৰ দিনটোত অসমত তিনিটা অপৰাধী আৰক্ষীৰ এনকাউণ্টাৰত গুলীবিদ্ধ হয়। ইয়াৰে এজন যোৰহাট আৰক্ষী আৰু দুজন লখিমপুৰ আৰক্ষীৰ গুলীত আহত হয়। যোৰহাট আৰক্ষীয়ে চহৰখনৰ অন্যতম আতংক পচাক গুলীয়াই আহত কৰে। পচাই আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ অপচেষ্টা চলাইছিল।




উল্লেখ্য যে যোৰহাট নগৰৰ হৰিজন কলনীৰ কুখ্যাত পচা ওৰফে ৰমেশ বাচফৰে দীৰ্ঘদিন ধৰি সুৰা, জুৱা, নিচাজাতীয় সামগ্ৰীৰ বেহা চলাই আহিছে। মাজতে পচা আটক হৈছিল যদিও আৰক্ষীয়ে তেওঁক মুকলি কৰি দিয়ে। তাৰে পিছৰে পৰা পচাৰ খবৰ নোহোৱা হয়। পচাই গৈ ধুবুৰীত আত্মগোপন কৰে। এই তথ্য লাভ কৰি যোৰহাট আৰক্ষীৰ এটা দলে ধুবুৰীৰ ব্ৰহ্মপুত্ৰ ল'জৰ পৰা বৃহস্পতিবাৰে দুপৰীয়া পচাক আটক কৰে । ইয়াৰ পিছতে যোৰহাটলৈ আনি থকা অৱস্থাত আৰক্ষীৰ জিম্মাৰ পৰা প্ৰস্ৰাৱ কৰাৰ কৌশলেৰে হঠাৎ পলাবলৈ চেষ্টা কৰে পচাই । কিন্তু  আৰক্ষীয়ে লগে লগে পচাৰ ভৰিলৈ গুলীয়ায়। পচাৰ গতিৰুদ্ধ হয়। ঘটনাটো নিশা আঢ়ৈমান বজাৰ।


#ঘটনা সন্দৰ্ভত পচাৰ ভাষ্য


"মই কিছু নিচাসক্ত হৈ আছিলোঁ। প্ৰস্ৰাৱ কৰিবলৈ যাওঁতে মই ভুল কৰি পেলালোঁ। মই পলাবলৈ চেষ্টা কৰিব নালাগিছিল ! ধুবুৰীলৈ মই পাবলৈ থকা কিছু টকা আনিবলৈহে গৈছিলো।"


#কি কয় আৰক্ষীয়ে


ঘটনা সন্দৰ্ভত যোৰহাটৰ আৰক্ষী অধীক্ষক অংকুৰ জৈনে কয় যে পচাক কৰায়ত্ত কৰি যোৰহাটলৈ আনি থকা অৱস্থাত পানীচকুৱা অঞ্চলত পচা প্ৰস্ৰাৱ কৰিবলৈ গাড়ীৰ পৰা নামে । কিন্তু আন্ধাৰৰ সুযোগ লৈ পচাই হঠাৎ দৌৰি পলাবলৈ চেষ্টা কৰে । সেই মুহূৰ্ততে এএছআই প্ৰদীপ শইকীয়াই পচাক পুনৰ কৰায়ত্ত কৰিবলৈ গুলীচালনা কৰাত পচাৰ ভৰিত গুলী লাগে।



#বান্দৰদেৱাত দুজনক এনকাউণ্টাৰ



লখিমপুৰ জিলাৰ বান্দৰডেৱাত নিশা দুজন ড্ৰাগছ সৰবৰাহকাৰী এনকাউন্টাৰত আহত হয়৷ গুলীবিদ্ধ ড্ৰাগছ ব্যৱসায়ী দুজন হৈছে নগাৱঁৰ আজিজুৰ ৰহমান আৰু লখিমপুৰ জিলাৰ বিহপুৰীয়াৰ ছহিফুল আলী।

উল্লেখ্য যে বান্দৰদেৱাত আৰক্ষীয়ে শুকুৰবাৰে তিনিজন ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিছিল। নিশা ড্ৰাগছৰ ঘাটি দেখুৱাবলৈ লৈ যাওঁতে আৰক্ষীক আক্ৰমণ কৰি পলায়নৰ চেষ্টা চলাই গুলীবিদ্ধ হয় ড্ৰাগছ সৰবৰাহকাৰী দুজন। দুয়ো সম্প্ৰতি লখিমপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন

5 views0 comments