আজি গুৱাহাটীত প্ৰথমবাৰৰ বাবে উত্তৰ-পূৰ্বাঞ্চল খেল সন্মিলনৰ আঁত ধৰিব স্পোর্টষ্টাৰে




আজি গুৱাহাটীৰ ৰেডিচন ব্লু হোটেলত প্ৰথমবাৰৰ বাবে স্পোর্টষ্টাৰে উত্তৰ-পূৰ্বাঞ্চল খেল সন্মিলনৰ আঁত ধৰিব । এক মন্তব্যত কোৱা হৈছে যে সন্মিলনত বহু বক্তাই অঞ্চলটোত খেলৰ পৰিবেশৰ সন্দৰ্ভত মুখ্য বিষয়বোৰৰ ওপৰত আলোচনা কৰিব । এই অনুষ্ঠানৰ মুখ্য আকৰ্ষণ হিচাপে উপস্থিত থাকিব টকিঅ' অলিম্পিক ২০২০-ত পদক লাভ কৰি ভাৰত তথা উত্তৰ-পূৰ্বাঞ্চললৈ গৌৰৱ কঢ়িয়াই অনা দুগৰাকী বিশিষ্ট খেলুৱৈ : ভাৰ উত্তোলক মীৰাবাঈ চানু (ৰূপৰ পদক) আৰু বক্সাৰ লাভলীনা বৰগোঁহাই (ব্ৰঞ্জৰ পদক) । অনুষ্ঠানত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে কেন্দ্ৰীয় খেলমন্ত্ৰী অনুৰাগ সিং ঠাকুৰো উপস্থিত থাকিব । সম্পূৰ্ণ দিনজুৰি অনুষ্ঠিত হবলগীয়া এই অনুষ্ঠানত কেইবাটাও কাৰ্যসূচী থাকিব । অনুষ্ঠানৰ মাজতে উত্তৰ-পূৰ্বাঞ্চলৰ খেল আৰু আন্তঃগাঁঠনিৰ সম্পৰ্কত এখনি বৈঠক বহিব । অনুষ্ঠানত উত্তৰ-পূৰ্বাঞ্চলৰ পৰম্পৰাগত খেলসমুহৰ বিষয়ত হোৱা আলোচনাত জয়ন্ত তালুকদাৰ (অলিম্পিক আৰ্চাৰ), বিশ্ব চেম্পিয়নশ্বিপত সোণৰ পদক বিজেতা বক্সাৰ সৰিতা দেৱী, বিটিচি প্ৰধান প্ৰমোদ বড়ো আৰু মিজোৰাম ফুটবল সংস্থাৰ সচিব টেতিয়া হমাৰে অংশ লব । উত্তৰ-পূৰ্বাঞ্চলক কিদৰে ভাৰতৰ খেল-কেন্দ্ৰ (sports hub) বনাব পৰা যায়, তাৰ ওপৰতো এই সন্মিলনত আলোচনা কৰা হব । অনুষ্ঠানত ভাৰতীয় ফুটবল দলৰ প্ৰাক্তন অধিনায়ক বাইচুং ভূটীয়া, গুৱাহাটীৰ এছ এ আই, আৰ চিৰ অধ্যক্ষ সতীশ কে চাৰহাদি, ভাৰতীয় হকী খেলুৱৈ কোথাজিত সিং আৰু অলিম্পিক ব্ৰঞ্জ মেডেলিষ্ট এম চি মেৰী কমৰ দৰে ভাৰতীয় খেল জগতৰ গণমান্য ব্যক্তিসকল উপস্থিত থাকিব ।

3 views0 comments