আজি ২৫ নৱেম্বৰ, মহিলাৰ বিৰুদ্ধে সংঘটিত হিংসা নিৰ্মূলকৰণৰ আন্তঃৰাষ্ট্ৰীয় দিৱস





মহিলাৰ বিৰুদ্ধে সংঘটিত হোৱা হিংসাবোৰক নিৰ্মূল কৰিবৰ বাবে এটা আন্তঃৰাষ্ট্ৰীয় দিন হিচাপে প্ৰতিবছৰে ২৫ নৱেম্বৰৰ দিনটোক পালন কৰা হয় । ৰাষ্ট্ৰসংঘৰ মতে, মহিলা আৰু যুৱতীসকলৰ বিৰুদ্ধে হোৱা হিংসাই বিভিন্ন ৰূপত পোহৰলৈ আহে । এক অন্তৰংগ বন্ধুৰ দ্বাৰা হোৱা হিংসাৰ পৰা আদি কৰি মানৱ সৰবৰাহ আৰু বাল্য বিবাহলৈকে, এনেকুৱা বহু ধৰণৰ হিংসা আছে যিবোৰে বিশ্বজুৰি মহিলা আৰু যুৱতীসকলক ভীষণ আঘাত কৰে । ১৯৯৩ চনত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই ২৫ নৱেম্বৰ তাৰিখটোক মহিলাৰ বিৰুদ্ধে সংঘটিত হোৱা হিংসাবোৰক নিৰ্মূল কৰিবৰ বাবে এটা আন্তঃৰাষ্ট্ৰীয় দিন হিচাপে ঘোষণা কৰে । মহিলাৰ বিৰুদ্ধে হোৱা হিংসাক ৰাষ্ট্ৰসংঘই লিংগ-আধাৰিত হিংসা বুলি বাখ্যা কৰে যাৰ পৰিণতিত মহিলাসকলে বিভিন্ন ধমকিৰ উপৰিও শাৰীৰিক, যৌন তথা মানসিক নিৰ্যাতনৰ চিকাৰ হয় । ৰাষ্ট্ৰসংঘৰ এক প্ৰতিবেদন মতে, প্ৰতি ৩ গৰাকী মহিলাৰ ভিতৰত এগৰাকী মহিলাই তেওঁৰ জীৱনকালত তেওঁৰ অন্তৰংগ সম্পৰ্ক বা অন্য ব্যক্তিৰ দ্বাৰা শাৰীৰিক নিৰ্যাতন তথা যৌন হিংসাৰ বলি হয় বুলি অনুমান কৰা হৈছে । প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে কোভিড লকডাউনৰ সময়ত মহিলাৰ বিৰুদ্ধে হোৱা হিংসাৰ ঘটনা উদ্বেগজনকভাৱে বৃদ্ধি পাইছে । বিশেষকৈ সংঘৰ্ষ, যুদ্ধ আৰু জলবায়ু দুৰ্যোগপ্ৰৱণ অঞ্চলবোৰত এনে হিংসাৰ ঘটনা সাংঘাতিক হাৰত উৰ্ধগামী হৈছে । মহিলাৰ বিৰুদ্ধে সংঘটিত হিংসা নিৰ্মূলকৰণৰ আন্তঃৰাষ্ট্ৰীয় দিৱস, ২০২১-ৰ মূল বিষয়বস্তু হৈছে "Orange the World: End Violence Against Women Now!"

6 views0 comments