আজি হিন্দুধৰ্মৰ আটাইতকৈ বেছি পৰিৱেশ অনুকূল উৎসৱ ষটপূজা




কাৰ্তিক শুক্ল পক্ষৰ ষষ্ঠী তিথিত অনুষ্ঠিত হোৱা ষটপূজা হৈছে ভাৰতীয় উপমহাদেশত হিন্দুধৰ্মী লোকসকলে পালন কৰা এক পবিত্ৰ সৰ্বোচ্চ পৰিবেশ অনুকূল উৎসৱ । ভাৰতৰ বিহাৰ, উত্তৰ প্ৰদেশ আদি ঠাইৰ লগতে আজিকালি প্ৰায় সকলো ঠাইতে এই উৎসৱৰ মহাআয়োজন দেখিবলৈ পোৱা যায় । আজি অৰ্থাৎ ১০ নৱেম্বৰৰ দিনটোতে দেশজুৰি বিশাল আয়োজনেৰে আয়োজিত হৈছে চলিত বছৰৰ ষটপূজা । শক্তিৰ দেৱতা সূৰ্য্য আৰু তেওঁৰ দুই পত্নী সন্ধ্যা আৰু উষা হৈছে এই পূজাৰ মূল আৰাধ্য দেৱতা । ঊষাদেৱীক 'ছটি মাইয়া' বুলি মূল আৰাধ্য দেৱী বুলি গণ্য কৰা হয়। তেওঁ সূৰ্য দেৱতাৰ সৰু পত্নী বাবে তেওঁক ছটি মাইয়া (সৰু মা) বুলি কোৱা হয় আৰু সেয়ে উৎসৱৰ নামো 'ষট উৎসৱ' হৈছে বুলি জনপ্ৰবাদ আছে । আনহাতে আন কিছুমান লোকৰ মতে ষষ্ঠী তিথিত অনুষ্ঠিত হোৱা বাবে 'ষষ্ঠী' শব্দৰ পৰা উৎসৱটোৰ নাম 'ষঠ' বা 'ষট' হৈছে । চাৰিদিন ধৰি এই পূজাৰ নীতি-নিয়মসমূহ পালন কৰা হয় । ইয়াৰ ৰীতি সমূহৰ ভিতৰত পৱিত্ৰ স্নান, নিৰ্জলা ব্ৰত, বহু সময় পানীত সোমাই থকা, সূৰ্য প্ৰাৰ্থনা আৰু উদিত আৰু অস্ত যোৱা সূৰ্যক অৰ্ঘ্য প্ৰদান সন্নিৱিষ্ট আছে । এই পূজাত কিছুমান ভক্তই নদীৰ ঘাটলৈ যাওঁতে বাগৰি বাগৰি যোৱাৰ দৃশ্যও দেখিবলৈ দেখা যায় ।

11 views0 comments