আজি বিশেষ মেট্ৰিক-হাইমাদ্ৰাছাৰ ফলাফল : Sebaonline.orgত হ'ব উপলব্ধ




পৰীক্ষাবিহীন মেট্ৰিক আৰু হাইমাদ্ৰাছাৰ ফলাফলক প্ৰত্যাহ্বান জনাই বিশেষ পৰীক্ষাত অৱতীৰ্ণ হোৱাসকলৰ বাবে আজিৰ দিনটো গুৰুত্বপূৰ্ণ। আজি পুৱা ১১ বজাত ছেবাই বিশেষ পৰীক্ষাৰ ফলাফল ঘোষণা কৰিব। অনলাইনযোগে ঘোষিত হ'ব ফলাফল। ইয়াৰ বাবে পৰীক্ষাৰ্থীয়ে Sebaonline.org লগ ইন কৰিব লাগে। মাৰ্কশ্বীটো তাৰ পৰাই ডাউনলোড কৰিব পাৰিব।


কৰোনাসৃষ্ট পৰিৱেশৰ বাবে চলিত বৰ্ষৰ মেট্ৰিক আৰু হাইমাদ্ৰাছা পৰীক্ষা অনুষ্ঠিত কৰাটো সম্ভৱ নহ'ল। ইয়াৰ বিপৰীতে ৰাজ্য চৰকাৰৰ পৰামৰ্শ মতে ছেবাই বিকল্প পদ্ধতিৰে ফলাফল ঘোষণা কৰে। পূৰ্বৰ পৰীক্ষাত লাভ (নৱম আৰু দশম) কৰা নম্বৰৰ ভিত্তিত মূল্যায়নৰ জৰিয়তে ফলাফল ঘোষণা কৰা হয়। ফলাফল ঘোষণা কৰোঁতে ছেবাই সুবিধা এটাৰ দিহা কৰি থৈছিল। অৰ্থাৎ যিসকল পৰীক্ষাৰ্থী বিকল্প পদ্ধতিৰে ঘোষিত ফলাফলত সন্তুষ্ট নহয়, তেওঁলোকে আবেদন কৰিলে পৰীক্ষা পতা হ'ব। সেই অনুসৰি অনুষ্ঠিত বিশেষ পৰীক্ষাৰ আজি ফলাফল ঘোষণা কৰা হ'ব।

4 views0 comments