আজৱ কাণ্ড : ডাৰহাম বিশ্ববিদ্যালয়ত শিক্ষাৰ্থীক নিৰাপদ যৌনতা বিক্ৰীৰ প্ৰশিক্ষণ




বিশ্ববিদ্যালয়ত অধ্যয়নৰত অনেক শিক্ষাৰ্থীয়ে পঢ়াৰ ব্যয়ৰ জোৰা মাৰিবলৈ যৌনকৰ্মী হিচাপে কাম কৰে। কোনো কোনোৱে অনলাইনৰ জৰিয়তে অপৰিচিত লোকৰ সংগী হয়। এইবোৰ কিদৰে সুৰক্ষিত আৰু নিৰাপদজনক কৰিব পাৰি, তাৰেই বিশেষ প্ৰদক্ষিণ দিছে ইংলেণ্ডৰ ডাৰহাম বিশ্ববিদ্যালয়ে। ইয়াৰ উদ্যোগ লৈছে বিশ্ববিদ্যালয়ৰ ছাত্ৰ ইউনিয়ন। আয়োজন হৈছে কৰ্মশালাৰ। তেনে এটা বাতৰি পৰিৱেশিত হৈছে দেশ-বিদেশৰ সংবাদমাধ্যমত।


ইফালে, ইংলেণ্ডৰ বিশ্ববিদ্যালয় বিষয়ক মন্ত্রী মিচেল ডোনিলানে বিষয়টোত কয়, ‘‘এইদৰে কোনো বিশ্ববিদ্যালয়ত তেনে পাঠ্যক্ৰমৰ ব্যৱস্থা কৰিব পৰা নাযায়। শিক্ষাৰ্থী যৌনকর্মী হৈ উঠিলে, সেয়া প্ৰতিৰোধৰ দায়িত্ব বিশ্ববিদ্যালয়ৰ। যৌনতা বিক্রীক স্বাভাৱিক ক্কি তোলাৰ কোনো অৰ্থ থাকিব নোৱাৰে।




আনহাতে, নাম প্ৰকাশত অনিশ্চুক বিশ্ববিদ্যালয়ৰ এজন শিক্ষাৰ্থীয়ে সংবাদ মাধ্যমত কয় যে এই ধৰণৰ পেছাত যুক্ত হোৱাটো বিপজ্জনক। বিশ্ববিদ্যালয়ৰ তৰফৰ পৰা তেনে এটা বিষয়ক লৈ পৰামর্শ দিয়াৰ বাবে কর্মশালাৰ আয়োজন কৰাটো একেবাৰেই উচিত নহয়। ইফালে, বিশ্ববিদ্যালয়ৰ ছাত্র ইউনিয়নৰ ফালৰ পৰা জনোৱা হৈছে, ‘‘যিসকল এই পেছাৰ সৈতে যুক্ত, তেওঁলোক হয়তো এই ধৰণৰ অনুষ্ঠানত চামিল হৈ কিছু মানসিক বল পাব।"

21 views0 comments