আজি ভাৰত ৰত্ন অটল বিহাৰী বাজপেয়ীৰ ওপজাদিন : দেশজুৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন




আজি প্ৰাক্তন প্ৰধানমন্ত্ৰী,ভাৰত ৰত্ন অটল বিহাৰী বাজপেয়ীৰ ৯৭সংখ্যক জন্মজয়ন্তী। এই উপলক্ষে সমাধিস্থলীত উপস্থিত হৈ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ লগতে লোকসভাৰ অধ্যক্ষ, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।


উল্লেখ্য যে স্বাধীন ভাৰতৰ দশমগৰাকী প্ৰধানমন্ত্ৰী আছিল অটল বিহাৰী বাজপেয়ী। তেওঁ মুঠ তিনিবাৰৰ ভাৰতৰ প্ৰধানমন্ত্ৰী হৈছিস। পোনপ্ৰথমবাৰ ১৯৯৬ চনত মাত্ৰ ১৩ দিনৰ বাবে (১৬ মে’ ১৯৯৬-১ জুন ১৯৯৬), তাৰপাছত ১৯৯৮ – ১৯৯৯ চনত ১৩ মাহৰ বাবে (১৯ মাৰ্চ ১৯৯৮ , দ্বাদশ লোকসভা) আৰু চুড়ান্তভাৱে ১৯৯৯ চনৰ পৰা ২০০৪ (ত্ৰয়োদশ লোকসভা-২২ মে’ ২০০৪) চনলৈ মুঠ ৫ বছৰকাল প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।


এগৰাকী জনতাৰ নেতা হিচাপে অটল বিহাৰী বাজপেয়ী সঁচা অৰ্থত নিজৰ নীতি আৰু আদৰ্শ তথা সদায় নিজৰ ৰাজনীতিত বিশ্বাসী আছিল। তেওঁ ১৯৯৯ৰ ১৩ অক্টোবৰত একেৰাহে দ্বিতীয়বাৰলৈ ৰাষ্ট্ৰীয় গণতান্ত্ৰিক  মৰ্চা চৰকাৰৰ দায়িত্ব লয়। ১৯৯৬ চনত কিছুদিনৰ বাবে বাজপেয়ী প্ৰধানমন্ত্ৰী পদত অধিষ্ঠিত হৈছিল।


৪ দশকতকৈও অধিক সময় সংসদীয় ৰাজনীতিত জীৱন কটোৱা জ্যেষ্ঠ সাংসদ  বাজপেয়ীয়ে ৯বাৰ লোকসভালৈ আৰু দুবাৰ ৰাজ্যসভালৈ নিৰ্বাচিত হোৱাতো এটা অভিলেখ।


ভাৰতৰ প্ৰধানমন্ত্ৰী, বৈদেশিক মন্ত্ৰী, বিভিন্ন গুৰুত্বপূৰ্ণ সংসদীয় কমিটী আৰু বিৰোধী দলৰ দলপতি হিচাপে স্বাধীনতাৰ পাছত  দেশীয় আৰু বৈদেশিক নীতিৰ নতুন আকাৰ প্ৰদানত তেওঁ এগৰাকী সক্ৰিয় অংশগ্ৰহণকাৰী হিচাপে ভূমিকা পালন কৰিছিল।


ছাত্ৰাৱস্থাতে বাজপেয়ীয়ে দেশৰ কাৰণে ৰাজপথলৈ ওলাই আহিছিল।  তেওঁ ১৯৪২ চনত ভাৰত ত্যাগ আন্দোলনত যোগদান কৰে। এই আন্দোলনে ভাৰতত ব্ৰিটিছ ঔপনিৱেশ শাসনৰ অৱসান ঘটায়। ৰাজনীতি বিজ্ঞান আৰু আইনৰ ছাত্ৰ হিচাপে কলেজত থাকোতেই তেওঁ বৈদেশিক পৰিক্ৰমা বিভাগৰ উন্নয়নত আগ্ৰহী আছিল- সেই আগ্ৰহেই পৰৱৰ্তী বছৰবোৰত তেওঁক সমৃদ্ধ কৰে আৰু বিভিন্ন বহুপাক্ষিক তথা দ্বিপাক্ষিক আলোচনাত ভাৰতক প্ৰতিনিধিত্ব কৰাৰ সময়ত সেইবোৰ দক্ষতাৰে প্ৰয়োগ কৰে।


বাজপেয়ীয়ে সাংবাদিক হিচাপে কৰ্মজীৱন আৰম্ভ কৰে যদিও ১৯৫১ চনত ভাৰতীয় জন সংঘত যোগ দিয়াৰ লগে লগে সেই কেৰিয়াৰ যতি পৰে আৰু পিছলৈ ভাৰতীয় জনতা পাৰ্টীৰ অগ্ৰদূত তথা ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চাৰ অবিসম্বাদী নেতা হৈ পৰে। সমালোচকৰ দ্বাৰা প্ৰশংসিত কবি বাজপেয়ীয়ে প্ৰধানমন্ত্ৰী হৈ থাকোঁতে সংগীতত লিপ্ত থকাৰ উপৰি সুস্বাদু খাদ্য ৰন্ধন-প্ৰকৰণৰ বাবে সময় উলিয়ায়।


অটল বিহাৰী বাজপেয়ী ১৯২৪ চনৰ ২৫ ডিচেম্বৰত গোৱালিয়ৰ(বৰ্তমান মধ্যপ্ৰদেশৰ এক অংশ)ৰ এগৰাকী ভদ্ৰ শিক্ষকৰ পৰিয়ালয়ত জন্মগ্ৰহণ কৰে। মহিলা সবলীকৰণ আৰু সামাজিক সমতাৰ অপ্ৰতিদ্বন্দী বিজেতা বাজপেয়ীয়ে সদায়েই এখন গতিশীল, শক্তিশালী আৰু সমৃদ্ধিশালী ভাৰতক বিশ্বাস কৰি আহিছিল।

বাজপেয়ীকশভাৰত দ্বিতীয় সৰ্বোচ্চ অসামৰিক সন্মান ‘পদ্ম বিভূষণ’ৰে সন্মানীত কৰা হয়। ১৯৯৪ চনত তেওঁ ভাৰতৰ ‘শ্ৰেষ্ঠ সাংসদ’ হিচাপে স্বীকৃতি লাভ কৰে। প্ৰশস্তি পত্ৰত এইদৰে লিখা আছেঃ “তেওঁ নাম যথাৰ্থ, অটলজী এগৰাকী প্ৰসিদ্ধ ৰাষ্ট্ৰীয় নেতা, এগৰাকী বিদ্বান ৰাজনীতিবিদ, এগৰাকী নিস্বাৰ্থ সমাজ কৰ্মী, শক্তিশালী বক্তা, কবি আৰু সাহিত্যিক, সাংবাদিকৰ উপৰি প্ৰকৃতাৰ্থত এগৰাকী বহুমুখী ব্যক্তিত্বসম্পন্ন লোক… অটলজীয়ে জনতাৰ আশা-আকাংক্ষাক অভিব্যক্ত কৰে…তেখেতৰ সকলো কামে সদায়েই ৰাষ্ট্ৰীয়বাদক প্ৰতিধ্বনিত কৰে।

4 views0 comments