আজি ২০ নৱেম্বৰ, বিশ্ব শিশু দিৱস




আজি অৰ্থাৎ ২০ নৱেম্বৰৰ দিনটোতে প্ৰতিবছৰে গোটেই পৃথিৱীজুৰি পালন কৰা হ'ব বিশ্ব শিশু দিৱস । এই দিৱসে গোটেই বিশ্বতে শিশুসকলে সন্মুখীন হোৱা বিভিন্ন সমস্যা তথা তেওঁলোকৰ কল্যাণৰ হকে চিন্তা-চর্চা কৰাৰ পথ খুলি দিয়ে । ১৯৫৪ চনত স্থাপিত ৰাষ্ট্ৰসংঘৰ বিশ্ব শিশু দিৱসে বিশ্বৰ শিশুসকলক একগোট হৈ আগুৱাই যাবলৈ উদগনি যোগায় । শিশুৰ বাবে সমৰ্পিত ৰাষ্ট্ৰসংঘৰ এক বিশেষ শাখা ইউনিচেফে এই শিশু দিৱসৰ প্ৰচাৰৰ আৰু সমন্বয় ঘটোৱাৰ কাম কৰে । এই দিৱস প্ৰথমবাৰৰ বাবে উদযাপন কৰা হৈছিল ১৮৫৭ চনৰ জুন মাহৰ দ্বিতীয়টো ৰবিবাৰে । এই দিনটো প্ৰথমে ৰোজ ডে', তাৰ পিছত 'ফ্লাৱাৰ চানডে' আৰু শেষলৈ 'শিশু দিৱস' হিচাপে নামাকৰণ কৰা হৈছিল । ১৯২০ চনত ২৩ এপ্ৰিল তাৰিখটোক তুৰ্কী চৰকাৰে 'শিশু দিৱস' হিচাপে লৈ তাক এটা ৰাষ্ট্ৰীয় বন্ধৰ দিন হিচাপে ঘোষণা কৰিছিল । 'শিশু দিৱস' কেৱলমাত্ৰ এটা সাধাৰণ উদযাপনৰ দিন নহয়, ই হৈছে বিশ্বজুৰি শোষণ, অত্যাচাৰ আৰু ভেদভাৱৰ বলি হোৱা শিশুসকলক একত্ৰিত কৰা আৰু তেওঁলোকক সজাগতা প্ৰদান কৰাৰ দিন । তথ্যমতে, সম্প্ৰতি সমগ্ৰ পৃথিৱীতে ৫ বছৰ বয়সৰ পৰা ১৪ বছৰ বয়সৰ ভিতৰৰ শিশুৰ ভিতৰত প্ৰায় ১৫৩ মিলিয়ন এনে শিশু আছে যাক বলপূৰ্বক 'শিশু শ্ৰমিক' বনোৱা হয় ।

6 views0 comments