আজি বীৰ লাচিত বৰফুকনৰ ৪০০ তম জন্ম জয়ন্তী, এইবাৰ কিয় বিশেষ এই জন্ম জয়ন্তী




বীৰ বুলি ক’লেই মনলৈ প্ৰথমতেই অহা নামটোৱেই হৈছে লাচিত বৰফুকন। অসমীয়াৰ আৱেগ, বিবেক সকলো অধিকাৰ কৰি আছে লাচিত বৰফুকনৰ বীৰত্বই। অসমৰ বীৰসমূহৰ ভিতৰত আটাইতকৈ পৰাক্ৰমী বীৰজনেই নিশ্চয় মহাবীৰ লাচিত বৰফুকন। যি সময়ত অসম দেশ আৰু অসমীয়া জাতিৰ ভৱিষ্যত বিদেশী বঙালৰ হাতলৈ যোৱাৰ উপক্ৰম হৈছিল, ঠিক সেইসময়তেই অসম দেশ ৰক্ষাৰ ভাৰ লাচিত বৰফুকনে শিৰ পাতি গ্ৰহণ কৰিছিল।আজিৰে পৰা ৰাজ্যজুৰি আজি পালন কৰা হব লাচিত দিৱসৰ সমাৰোহ ৷ স্বদেশপ্ৰেম আৰু বীৰত্বৰ প্ৰতীক লাচিত বৰফুকনে ১৬৭১ চনত অসমীয়া সেনাক নেতৃত্ব দি মোগলৰ বিশাল সৈন্যবাহিনীক অসমৰ পৰা খেদি পঠিয়াইছিল৷ শৰাইঘাটৰ যুদ্ধত নিভাজ স্বদেশপ্ৰেম, ত্যাগ, দূৰন্ত সাহস, কর্মদক্ষতা, নেতৃত্ব গুণৰ পৰিচয় দিয়া লাচিতৰ বিষয়ে স্বয়ং মোগলৰ সেনাপতি ৰামসিংহই ক’বলৈ বাধ্য হৈছিল ‘ধন্য ৰাজা, ধন্য মন্ত্ৰী, ধন্য সেনাপতি, ধন্য সেনা৷ অকল এজন মানুহে সকলো সৈন্য চলায়, ই কি আচৰিত!মইহেন ৰামসিংহই নিজেই যুদ্ধৰ বৰ সেনপতিহৈও একোতে সুবিধা নাপাওঁ৷’ শৰাইঘাটৰ যুদ্ধৰ অন্তিম পর্যায়ত নৰিয়া গাৰে পানী যুদ্ধত নামি শত্ৰুক ধৰাসায়ী কৰিছিল বীৰ লাচিতে৷ অসমীয়া জাতিৰ সাহস আৰু বীৰত্বৰ চানেকী বিশ্বৰ আগত তুলি ধৰা লাচিত বৰফুকনৰ জন্ম দিনটো ‘লাচিত দিৱস’ হিচাপে পালন কৰা হয়৷ লাচিত বৰফুকনে যি বুদ্ধিদীপ্ততাৰে সকলো সমস্যাৰ সমাধান কৰিছিল সেইয়া সঁচাই প্ৰশংসনীয়। তেঁৱেই প্ৰথম গেৰিলা যুদ্ধ পদ্ধতিৰ সূচনা কৰিছিল আৰু ই ৰণনীতিগত ক্ষেত্ৰত এক ব্যাপক ইন্ধন যোগাইছিল। আজিৰ অসমীয়াৰ বাবে আদৰ্শ হওক লাচিত বৰফুকন। লাচিত বৰফুকনক স্মৰণ কৰিবলৈ ভাৰত চৰকাৰে ১৯৯৯ চনৰ পৰা প্ৰতিবছৰে ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা একাডেমীৰ শ্ৰেষ্ঠ কেডেটজনক “লাচিত বৰফুকন সোণৰ পদক” প্ৰদান কৰি আহিছে।আজি ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ দেৱে মহান সেনাপতি লাচিত বৰফুকন দেৱৰ ৪০০ তম জন্ম জয়ন্তী ৰ বৰ্ষজোৰা সমাৰোহৰ ৰ শুভাৰম্ভ কৰিব ।

4 views0 comments