আজি অসমীয়া ছবিৰ বিগ বি বিজু দাৰ চতুৰ্থ মৃত্যু বাৰ্ষিকী !




২০১৭ ৰ আজিৰ দিনটোতে সামৰণি পৰিছিল এক পৰিক্ৰমাৰ। চাৰিবছৰ হ’ল বিজু দা বিহীন অসমীয়া চলচিত্ৰজগতখনৰ । খ্যাতনামা অসমীয়া কথাচলচ্চিত্ৰ ডাঃ বেজবৰুৱাত এটা তেনেই সৰু চৰিত্ৰত প্ৰথমে ভূমুকি কৰা এই গৰাকী অভিনেতাই প্ৰথমে বৰুৱাৰ সংসাৰ চলচ্চিত্ৰত নায়কৰ ৰূপত অভিনয় কৰে আৰু পাছলৈ অসমীয়া চলচ্চিত্ৰৰ এগৰাকী জনপ্ৰিয় নায়কত পৰিণত হয়। বিজু ফুকনে অভিনয় কৰা আজলী নবৌ, বোৱাৰী আদি সৰ্বকালৰ সফল অসমীয়া চলচ্চিত্ৰ বুলি পৰিগণিত।তেখেতৰ মৃত্যু তিথিত অসমৰ মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মা ই টুইট কৰি লিখে ," জনপ্ৰিয় বহুকেইখন অসমীয়া চলচ্চিত্ৰত অভিনয় কৰি খ্যাতি বোটলা সকলোৰে শ্ৰদ্ধাৰ বিজুদাই যি চৰিত্ৰই নকৰক কিয়, সফল হৈছিল সকলোতে৷ সুন্দৰ ব্যক্তিত্বৰ অধিকাৰী বিজুদাক যেতিয়াই লগ পাইছিলোঁ তেতিয়াই উজ্জীৱিত হৈছিলোঁ৷ আজি পৱিত্ৰ পুণ্যতিথিত প্ৰিয় অভিনেতাগৰাকীক সশ্ৰদ্ধ প্ৰণিপাত জনালোঁ"৷নিশ্বয়কৈ আজিৰ দিনটো প্ৰতিজন অসমীয়া ৰ কাৰনে এই স্মৰণীয় দিন হৈ ৰব । যদিও কায়িক ভাবে বিজু দা আমাৰ মাজত নাই, তথাপিও অসমীয়া ছবিলৈ বিজু দাই আগবঢ়োৱা অৱদান সদায়েই সজীৱ হৈ থাকিব অসমীয়া সমাজ জীৱনত।

6 views0 comments