আজি "প্ৰতিমাৰ খনিকৰ" চন্দ্ৰকুমাৰ আগৰৱালাদেৱলৈ জন্মবাৰ্ষিকী !




১৮৬৭ চনৰ আজিৰ দিনটোতেই জন্মগ্ৰহণ কৰিছিল অসম সন্তান চন্দ্ৰকুমাৰ আগৰৱালাদেৱে । অসমীয়া সাহিত্য লৈ ৰোমাণ্টিক সাহিত্যৰ ঢল বোৱাই অনা কবিসকলৰ ভিতৰত চন্দ্ৰকুমাৰ আগৰৱালা আছিল অন্যতম । তেখেতৰ শ্ৰেষ্ঠ কবিতা পুথি খনৰ নাম হ'ল 'প্ৰতিমা'। সেইবাবেই তেখেতক 'প্ৰতিমাৰ খনিকৰ' বোলা হয়।ছাত্ৰ অৱস্থাতেই কলিকতাৰ পৰা ‘জোনাকী’ আলোচনীৰ প্ৰকাশ কৰিবলৈ গৈ তেখেতে যি মৰসাহৰ পৰিচয় দাঙি ধৰিছিল সেয়া আজিও অসমীয়া ভাষা প্ৰেমী উদ্যোগীসকলৰ বাবে এক উজ্জ্বল দৃষ্টান্ত। সেইসময়ত তেখেতে সময়োপযোগী সিদ্ধান্তটো নোলোৱা হ’লে অসমীয়া সাহিত্যই হয়তো আজিৰ তাৰিখতকৈও কেইবাদশকো পিছ পৰি থাকিব লাগিলহেতেঁন।চন্দ্ৰকুমাৰ আগৰৱালাৰ দৰে অসমীয়া সাহিত্যপ্ৰেমী আৰু জাতিপ্ৰেমী ব্যক্তি আমাৰ সকলোৰে বাবে আদৰ্শ। এই পবিত্ৰ দিনটোত অসমৰ শিক্ষা মন্ত্ৰী ৰানুজ পেগু ডাঙৰীয়া ই টুইট যোগ্য আগৰৱালা দেৱৰ জন্মবাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি আগবঢ়ায় । তেখেতে লিখে," প্ৰতিমাৰ খনিকৰ চন্দ্ৰকুমাৰ আগৰৱালাদেৱলৈ জন্মবাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি জনালোঁ। ৰোমাণ্টিক যুগৰ ত্ৰিমূৰ্তিৰ এজন আগৰৱালাদেৱে অসমীয়া সাহিত্যলৈ যোগোৱা অৱদানসমূহ অক্ষয় কীৰ্তি হৈ ৰ'ব"।

4 views0 comments