প্ৰজ্ঞাৰ আকৰ-চাৰিকড়ীয়াৰ বাপুকণৰ আজি ওপজা দিন




আধুনিক অসমক প্ৰজ্ঞাৰ সাধনাৰে প্ৰতিনিয়ত সঠিক পথ দেখুৱাই জ্ঞানৰ আকৰ, কথাশিল্পী, মননশীল লেখক, সাংবাদিক হোমেন বৰগোহাঞি আজি ৯০সংখ্যক ওপজা দিন। প্ৰজ্ঞাৰ সাধকগৰাকীৰ এইবেলিৰ ওপজা দিনটোক অসম চৰকাৰে অতি বিশেষ ৰূপ দি কেতবোৰ গুৰুত্বপূৰ্ণ কাৰ্যসূচী হাতত লৈছে। তেওঁৰ উৎসৰ্গিত হৈছে এটা গুৰুত্বপূৰ্ণ পথ। দিনটোক মহীয়ান কৰি সাহিত্যিকক সন্মানিত কৰা হ'ব।


চাৰিকড়ীয়াৰ বাপুকণ ৰূপে খ্যাত কথাশিল্পীগৰাকীৰ ১৯৩২ চনত ঢকুৱাখানাত জন্ম হয় ।তেওঁ পিতৃৰ নাম ইন্দ্রধৰ বৰগোহাঞি আৰু মাতৃৰ নাম আইতা বৰগোহাঞি । বৰগোহাঞিদেৱৰ ১৯৫৭ চনত বিশিষ্ট সাহিত্যিক নিৰুপমা বৰগোহাঞিৰ সৈতে বিবাহ হয়।



অসমৰ জাতীয় জীৱনৰ এনে এটা ক্ষেত্ৰ নাই য''ত বৰগোহাঞিদেৱৰ সহজ বিচৰণ আৰু অভিভাৱকত্বৰ প্ৰভাৱ নাই। ইয়াৰে সাহিত্য তেওঁৰ প্ৰথম পছন্দ। সাহিত্যৰ জৰিয়তে অসমখনৰ বিভিন্ন-বিচিত্ৰ ৰূপৰ উন্মোচন কৰিছে। সাহিত্যিৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা অৱদানৰ বাবে তেওঁক অসম চৰকাৰে শ্ৰীমন্ত শংকৰদেৱ বঁটা আগবঢ়োৱাৰ উপৰিও অসম উপত্যকা সাহিত্য বঁটাকে ধৰি অসংখ্য বঁটা-বাহনেৰে তেওঁৰ অৱদানক স্বীকৃতি জনোৱা হৈছিল। ‘পিতা-পুত্ৰ‘ গ্ৰন্থখনৰ বাবে বৰগোহাঞিক ১৯৭৮ চনত অসমীয়া ভাষাৰ সাহিত্য অকাডেমি বঁটা প্ৰদান কৰা হৈছিল। যদিও তেওঁ ভাৰতীয় সমাজত সৃষ্টি হোৱা সহনশীলতাৰ অভাৱৰ বিৰুদ্ধে প্ৰতিবাদ স্বৰূপে, ২০১৫ চনত, এই বঁটা আৰু ইয়াৰ সৈতে প্ৰাপ্ত নগদ ধন ঘূৰাই দিছিল। হোমেন বৰগোহাঞিয়ে ২০০১ আৰু ২০০২ চনত দুবাৰকৈ অসম সাহিত্য সভাৰ সভাপতিৰ আসন অলংকৃত কৰিছিল।


অসমীয়া সাহিত্য জগতত হোমেন বৰগোহাঞিৰ অৱদান অনন্য । তেওঁৰ সাহিত্যৰাজি হ’ল-


উপন্যাস :-  সুবালা (১৯৬৩) ,  তান্ত্রিক( ১৯৬৭), কুশলীৱ (১৯৬০ ), পুৱাৰ পূৰবী আৰু সন্ধ্যাৰ বিভাস (১৯৭১,পত্নী নিৰুপমা বৰগোহাঞিৰ সৈতে যুটীয়াভাৱে ) , হালধীয়া চৰায়ে বাওধান খায় (১৯৭৩), পিতাপুত্র (১৯৭৫), অস্তৰাগ (১৯৮৬), মৎস্যগন্ধ্যা (১৯৮৭), সাউদৰ পুতেকে নাও মেলি যায় (১৯৮৭) ,নিসংগতা (২০০০),বিষন্নতা(২০০২),এদিনৰ ডায়েৰী (২০০৩)।


কবিতা পুথি : হৈমন্তী (১৯৮৭),(কবিতা -সাপ,বিকল্প,স্মৃতি,শাশ্বতী,অৰণ্য,মহানগৰ ) ।


গল্প পুথি :- বিভিন্ন কোৰাছ  (১৯৫৭), প্রেম আৰু মৃত্যুৰ কাৰণে (১৯৫৭), গল্প আৰু নক্সা (১৯৬৬), স্বপ্ন,স্মৃতি,বিষাদ (১৯৬৭ ) ,অস্তিত্বৰ জ্যোতিময় চেতনা । ঘ)চুটিগল্প – ধুমুহা,আনন্দৰ উৎস,ইস্মাইল শ্বেখৰৰ সন্ধানত ,শূণ্যতা ,পৰ্দা,অক্টোপাছ, চিনাকী গাঁও, ভয়, জন্ম, তিনি বাই ভনী , আদি ।

প্রবন্ধ:-প্ৰজ্ঞাৰ সাধনা ,লাগে ,কাম কৰাৰ আনন্দ ,জীৱনৰ মধুৰতম সময়,স্বাস্থ্য ৰক্ষাৰ সহজ নিয়ম, আনন্দ আৰু বেদনাৰ সন্ধানত,বিপদৰ বন্ধু ,জীৱনৰ সাধনা, সুস্থ দেহত সুস্থ মন ,মই যেতিয়া ক্লান্ত হওঁ  ,ৰহস্যময় বিষাদ আৰু যন্ত্ৰণা, আধুনিক যুগৰ জন্ম কাহিনী ,মোৰ জীৱনত ঈশ্বৰ , মোৰ টোকাবহীৰ পৰা ,বিচিত্ৰ অভিজ্ঞতা আৰু অনুভূতি, পাঠকৰ টোকাবহী, হৃদয়ৰ মানচিত্ৰ ।


জীৱনীমূলক গ্ৰন্থ :-বেঞ্জামিন ফ্ৰেংকলিন,অন্তহীন প্ৰেৰণাৰ উৎস লুই পেষ্টিঅ’ৰ,মোৰ প্ৰিয় মানুহ ছক্ৰেটিছ,ডাৰউইন,সোণাৰাম চুতীয়া: এজন অসাধাৰণ সাধাৰণ মানুহ ।


আত্মজীৱনীমূলক উপন্যাস :-আত্মানুসন্ধান (১৯৮৮),মোৰ সাংবাদিক জীৱন (১৯৮৯) ধুমুহা আৰু ৰামধেনু (প্রথমখণ্ড১৯৯৭ আৰু দ্বিতীয় খণ্ড ১৯৯৮ ) ,মোৰ হৃদয় এখন যুদ্ধক্ষেত্ৰ ।


সম্পাদিত গ্ৰন্থ :- অসমীয়া সাহিত্যৰ বুৰঞ্জী ষষ্ঠ খণ্ড (১৯৯৩),এশবছৰৰ অসমীয়া কবিতা (২০০০) ।


ৰচনা সমগ্ৰ :-চাৰিটা দশকৰ ফচল:উপন্যাস সমগ্ৰ । চাৰিটা দশকৰ ফচল:গল্প আৰু প্ৰৱন্ধ সমগ্ৰ


শিশু উপযোগী গ্ৰন্থ :-অ আ ক খ ,কিতাপ পঢ়াৰ আনন্দ(১৯৯১)আমাক কিতাপ লাগে(১৯৯৩) মানুহ হোৱাৰ গৌৰৱ(১৯৯৪) আধুনিক যুগৰ জন্ম কাহিনী(১৯৯৬)প্ৰতিভাৰ সংজ্ঞা বিচৰা মানুহজন(১৯৯৬) ।


২০২১ চনৰ ক’ভিড-১৯ বৈশ্বিক মহামাৰীৰ দ্বিতীয় ঢৌত তেওঁ আক্ৰান্ত হৈ চিকিৎসালয়ত ভৰ্তি হয় আৰু ৭ মে’ তাৰিখে চিকিৎসালয়ৰপৰা ক’ভিড মুক্ত হৈ স্বগৃহলৈ ওভতে যদিও ১২ মে’ৰ পুৱতি নিশা ৩ বজাত তেওঁ বিছনাৰ পৰা ঢলি পৰে। স্বাস্থ্যৰ অৱনতি ঘটাত তেওঁক ৬:১৫ বজাত গুৱাহাটীৰ জিএনআৰচি হস্পিতালত ভৰ্তি কৰোৱা হয় আৰু তাতে ৬:৫৮ বজাত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮৯ বছৰ।

5 views0 comments