আজি পণ্ডিত মদন মোহন মালব্যৰ মৃত্যুতিথি




১৯৪৬ চনৰ আজিৰ দিনটোতে অৰ্থাৎ ১২ নৱেম্বৰ তাৰিখে পণ্ডিত মদন মোহন মালব্যৰ মৃত্যু হৈছিল । মহাত্মা গান্ধীয়ে 'মহামনা' অৰ্থাৎ মহান আত্মা বুলি আখ্যা দিয়া মালব্যৰ জন্ম হৈছিল ১৮৬১ চনৰ ২৫ ডিচেম্বৰ তাৰিখে এলাহাবাদত । গান্ধীয়ে তেওঁক নিজৰ জ্যেষ্ঠ ভাতৃ হিচাপে গণ্য কৰিছিল । ১৯১৬ চনত মদন মোহন মালব্যই ভাৰতৰ এক প্ৰমুখ শিক্ষানুষ্ঠান বেনাৰস হিন্দু বিশ্ববিদ্যালয় স্থাপন কৰিছিল । এই কাৰ্যৰ বাবে তেওঁক সকলোতকৈ বেছিকৈ স্মৰণ কৰা হয় । বেনাৰস হিন্দু বিশ্ববিদ্যালয় এছিয়াৰ বৃহত্তম আৰু আটাইতকৈ প্ৰাচীন বিশ্ববিদ্যালয়বোৰৰ ভিতৰত এখন । ১৯১৮ চনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ অধ্যক্ষৰূপে কৰ্মৰত সময়ছোৱাত তেওঁ উল্লেখ কৰা 'সত্যমেৱ জয়তে' শীৰ্ষক শ্লোগানটো দেশৰ আটাইতকৈ জনপ্ৰিয় শ্লোগানবোৰৰ ভিতৰত এক অন্যতম শ্লোগান । ২০১৫ চনৰ ৩০ মাৰ্চ তাৰিখে তেওঁক তৎকালীন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ দ্বাৰা মৰণোত্তৰভাৱে ভাৰত ৰত্ন সন্মান প্ৰদান কৰা হয় । তেওঁ ১৯০৯, ১৯১৩, ১৯১৯ আৰু ১৯৩২ চনত চাৰিবাৰকৈ ভাৰতীয় জাতীয় কংগ্ৰেছৰ অধ্যক্ষ নিৰ্বাচিত হৈছিল । ইংৰাজৰ বিৰুদ্ধে মহাত্মা গান্ধীৰ নেতৃত্বত চলা আইন অমান্য আন্দোলন আৰু অসহযোগ আন্দোলনত মালব্যই গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল । ভাৰতৰ সাংবাদিকতাৰ জগতখনতো তেওঁ যথেষ্ট বৰঙণি আগবঢ়াইছিল । ১৯২৪ চনৰ পৰা ১৯৪৬ চনলৈকে হিন্দুস্তান টাইমছৰ অধ্যক্ষ আছিল পণ্ডিত মালব্য । তাৰ উপৰিও তেওঁ দ্যা লিডাৰ, হিন্দুস্তান দৈনিক, মৰ্যদা আদিৰ দৰে কেইবাখনো হিন্দী-ইংৰাজী বাতৰি কাকতৰ জন্মদাতা আছিল । ভাৰতৰ শিক্ষা প্ৰণালীত তেওঁৰ অৱদান আৰু ভাৰতৰ স্বাধীনতা আন্দোলনত তেওঁৰ মহত্বপূৰ্ণ ভূমিকাৰ বাবে পণ্ডিত মদন মোহন মালব্য সদায় স্মৰণীয় হৈ ৰ'ব ।

3 views0 comments