আজি ২০২২ৰ প্ৰথমটো সূৰ্যগ্ৰহণ





আজি ২০২২ চন অৰ্থাৎ চলিত বৰ্ষটোৰ প্ৰথমটো সূৰ্যগ্ৰহণৰ সাক্ষী পৃথিৱীবাসী। অৱশ্যে ই পৃথিৱীৰ সকলো স্থানৰ পৰা দৃশ্যমান নহ'ব। দুৰ্ভগীয়াসকলৰ তালিকাখনত ভাৰতৰ নামো আছে। এইখন দেশৰ লোকে বছৰটোৰ প্ৰথমটো সূৰ্যগ্ৰহণ চাবলৈ নাপাব। বছৰটোৰ দ্বিতীয়টো সূৰ্যগ্ৰহণলৈ অৰ্থাৎ ২২ অক্টোবৰলৈ অপেক্ষা কৰিব লাগিব।


উল্লেখ্য যে বৈজ্ঞানিক দৃষ্টিভংগীৰ পৰা সূৰ্যগ্ৰহণ এটা স্বাভাৱিক ঘটনা। কিন্তু ধৰ্মীয় দৃষ্টিভংগীত ইয়াৰ ব্যাখ্যা ভিন্ন। সূৰ্যগ্ৰহণক অশুভ বুলি গণ্য কৰা হয়। জ্যোতিষ শাস্ত্ৰৰ মতে, গ্ৰহণৰ সময়ছোৱাত আমাৰ আশেপাশে থকা সকলোবোৰ প্ৰভাৱিত হয়।



ভাৰতীয় সময় অনুসৰি আজি মাজনিশা ১২.১৫ বজাত গ্ৰহণ আৰম্ভ হ'ব আৰু পুৱা ৪.০৭ বজালৈকে চলিব। এইখিনিতে উল্লেখ কৰিব পাৰি যে এইটো পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণ নহয়। আংশিকহে।



'নাছা'ৰ মতে, গ্ৰহণৰ সময়ত সূৰ্যৰ ৬৪ শতাংশ চন্দ্ৰৰ দ্বাৰা ঢাক খাই পৰিব। আংশিক গ্ৰহণ হেতু সূৰ্য, চন্দ্ৰ আৰু পৃথিৱী একেডাল ৰেখাত অৱস্থান ৱকৰিব। চন্দ্ৰই নিজৰ ছায়াৰ মাথোঁ বহিঃভাগেৰে সূৰ্যক আৱৰিব। ইয়াক প্ৰচ্ছায়া বোলা হয়।



বছৰটোৰ প্ৰথমটো সূৰ্যগ্ৰহণ এণ্টাৰ্কটিকা, আটলাণ্টিক অঞ্চল প্ৰশান্ত মহাসাগৰীয় আৰু দক্ষিণ আমেৰিকাৰ দক্ষিণ-পশ্চিম অঞ্চলৰ পৰা দৃশ্যমান হ'ব। ভাৰতৰ পৰা ইয়াক দেখা নাযাব।



'নাছা'ৰ বিজ্ঞানীয়ে এই সন্দৰ্ভত সংবাদমাধ্যমৰ আগত কয় যে সূৰ্যগ্ৰহণ তেতিয়াই হয় যেতিয়া সূৰ্য আৰু পৃথিৱীৰ মাজত চন্দ্ৰ আহি উপস্থিত হয়। এই অৱস্থাত সূৰ্যৰ পোহৰৰ বিপৰীতে পৃথিৱীত চন্দ্ৰৰ ছায়া পৰে। আংশিক সূৰ্যগ্ৰহণত চন্দ্ৰৰ অৱস্থান সম্পূৰ্ণৰূপে কেন্দ্ৰত নথকাত পৃথিৱীৰ পৰা সূৰ্যটোক অৰ্ধচন্দ্ৰাকাৰ ৰূপত দেখা যায়।

7 views0 comments