আজি ভাৰত-নিউজিলেণ্ডৰ প্ৰথমখন টী-২০ মেচ





আজি টী-২০ মেচৰ প্ৰথমখন যুদ্ধৰ বাবে খেলপথাৰত নামিব ভাৰত আৰু নিউজিলেণ্ড । মুঠ তিনিখন মেচৰ প্ৰথমখন আজি জয়পুৰত অনুষ্ঠিত হব । অষ্ট্ৰেলিয়াত ১১ মাহ পিছত অনুষ্ঠিত হব ২০২২-ৰ টী-২০ বিশ্বকাপ । ভাৰতীয় ক্ৰিকেট দলৰ নতুন অধিনায়ক ৰোহিত শৰ্মা আৰু মুখ্য প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়ৰ বাবে এই আহি থকা ১১ টা মাহ অতিকে গুৰুত্বপূৰ্ণ । অলপতে শেষ হোৱা টী-২০ বিশ্বকাপত ভাৰতক হতাশা উপহাৰ দিয়া হাৰ্ডিক পাণ্ডিয়াক আঁতৰাই ইতিমধ্যে ভেংকটেশ আয়াৰক নিয়োগ কৰা হৈছে । ভাৰতক এজন দক্ষ অলৰাউণ্ডাৰ বলাৰৰ খুব প্ৰয়োজন । সেই প্ৰয়োজনীয়তাক ভেংকটেশ আয়াৰে কিমানদূৰ পূৰণ কৰিব পাৰিব সেয়া পৰৱৰ্তী তিনিখন মেচতে গম পোৱা যাব । ঋতুৰাজ গায়কোৱাৰ, হৰ্ষল পেটেল আৰু আবেজ খানে দলটোত স্থান লাভ কৰিছে । স্পীনাৰ য়ুজবেন্দ্ৰ চহলেও এইবাৰ দলটোত অন্তৰ্ভুক্ত হৈছে । জছপ্ৰীত বুমৰাহে বিশ্ৰাম লোৱাৰ ফলত এইবাৰ এজন পেচবলাৰৰো ভাৰতক যথেষ্ট প্ৰয়োজন । আজিৰ খেলখনত ৰোহিত শৰ্মা আৰু কে এল ৰাহুলে ইনিংছ মুকলি কৰিব বুলি আশা কৰা হৈছে । আজি সন্ধিয়া ৭ বজাত আৰম্ভ হবলগীয়া খেলখনে দুয়োখন দেশৰে ক্ৰিকেটপ্ৰেমীসকলৰ মাজত নিঃসন্দেহে উৎকণ্ঠাৰ সৃষ্টি কৰিছে ।

5 views0 comments