আজি দ্বিতীয়দিনাও কাজিৰঙাত ৰাষ্ট্ৰপতি কোৱিন্দৰ ব্যস্ত কাৰ্যসূচী




তিনিদিনীয়া কাৰ্যসূচীৰে অসমত থকা

ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দৰ আজি অন্তিম দিন তথা কাজিৰঙা ভ্ৰমণৰ দ্বিতীয় দিন ।

কালি কাজিৰঙাত উপস্থিত হোৱা ৰাষ্ট্ৰপতিগৰাকীৰ আজিও আছে কেইবাটাও কাৰ্যসূচী ৷ পুৱাতেই কাজিৰঙাৰ কঁহৰা বনাঞ্চলত পৰিয়ালসহ ৰাষ্ট্ৰপতিৰ ছাফাৰী ।

হাতী ছাফাৰী, জীপ ছাফাৰীৰে কাজিৰঙাৰ অপৰূপ সৌন্দৰ্য উপভোগ কৰিব ৰাষ্ট্ৰপতিগৰাকীয়ে। ছাফাৰীৰ পিছতেই কঁহৰাত থকা বন বিভাগৰ সভাগৃহত অনুষ্ঠিত হবলগীয়া বিশেষ অনুষ্ঠানত ৷

অংশ ল'ব ৰাষ্ট্ৰপতিগৰাকীয়ে।


আনহাতে, শনিবাৰে তেজপুৰ বিশ্ববিদ্যালয়ৰ ঊনবিংশ সমাৱৰ্তন সমাৰোহত ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দে অংশগ্ৰহণ কৰে। এই উপলক্ষে বিশ্ববিদ্যালয়খনৰ আচাৰ্য তথা অসমৰ ৰাজ্যপাল অধ্যাপক জগদীশ মুখীৰ সভাপতিত্বত অনুষ্ঠিত সমাৱৰ্তনত সন্মানিত অতিথি হিচাবে অংশ গ্ৰহন কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে । বিশ্ববিদ্যালয়খনৰ আচাৰ্য অধ্যাপক জগদীশ মুখীৰ সভাপতিত্বত অনুষ্ঠিত সমাৱৰ্তনত বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য অধ্যাপক ড০ বিনোদ কুমাৰ জৈনে দিয়া আদৰণি ভাষণত সমাৱৰ্তনত ১২৪৯গৰাকী ছাত্ৰ-ছাত্ৰীক ডিগ্ৰী-ডিপ্লোমা,৬৩গৰাকীক পি এইছ ডি,৭১৭গৰাকীক পষ্ট গ্ৰেজুৱেট, ৪০১ক আণ্ডাৰ গ্ৰেজুৱেট,৬৮গৰাকীক পি জি ডিপ্লোমা আৰু বিভিন্ন বিষয়ত শীৰ্ষৰ ৪৫গৰাকীক সোণৰ পদক প্ৰদান কৰে। আনহাতে সমাৱৰ্তন অনুষ্ঠানত ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দে ৰাষ্ট্ৰৰ উন্নয়নত অসমৰ অৱদানৰ কথা ব্যক্ত কৰি ড০ ভূপেন হাজৰিকাই মানুহে মানুহৰ বাবে গোৱা গীতটি স্মৰণ কৰে। ভাষণ প্ৰসংগত ৰাষ্ট্ৰপতিগৰাকীয়ে প্ৰধানমন্ত্ৰীৰ জৈৱিক ফাৰ্মিংৰ অধীনত অসমৰ জহা চাউলৰ প্ৰসাৰৰ বাবে কাম কৰিবলৈ আহ্বান জনাই এই ক্ষেত্ৰত গাঁৱৰ মানুহৰ লগত জ্ঞানৰ ভাৱ বিনিময় কৰি কাম কৰাৰ বাবে বিশ্ব বিদ্যালয়ৰ প্ৰতি আহ্বান জনায় ।

6 views0 comments