আজি বিশ্ব হিন্দী দিৱস : বিশ্ব হিন্দী দিৱসৰ কিছু তাৎপৰ্য





প্ৰতি বছৰে ১০ জানুৱাৰীত পালন কৰা হয় বিশ্ব হিন্দী দিৱস। ১০ জানুৱাৰী দিনটো বিশ্বৰ হিন্দী প্ৰেমীসকলৰ বাবে এক অতি বিশেষ দিন। এই দিনটো উদযাপন কৰাৰ উদ্দেশ্য হৈছে সমগ্ৰ বিশ্বতে হিন্দীৰ প্ৰচাৰ কৰা। ইয়াৰ লক্ষ্য হৈছে হিন্দীক এটা আন্তৰ্জাতিক ভাষা হিচাপে প্ৰতিষ্ঠা কৰা। এই দিনটো বিশেষকৈ সেই দেশবোৰত উদযাপন কৰা হয় য'ত ভাৰতৰ দূতাবাস আছে। কেৱল সেয়াই নহয়, সমগ্ৰ দেশৰ সকলো চৰকাৰী কাৰ্যালয় আৰু বিশ্ববিদ্যালয়ত ও আজিৰ দিনটোত বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হয়।


বিশ্ব হিন্দী দিৱসৰ ইতিহাসলৈ যদি আমি চাওঁ, ২০০৬ চনত তদানীন্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙে ১০ জানুৱাৰীক 'বিশ্ব হিন্দী দিৱস' হিচাপে ঘোষণা কৰিছিল। তেতিয়াৰ পৰাই আজিৰ দিনটোতে বিশ্ব হিন্দী দিৱস পালন কৰিবলৈ আৰম্ভ কৰে। কিন্তু ৰাষ্ট্ৰীয় হিন্দী দিৱস আৰু বিশ্ব হিন্দী দিৱসৰ মাজত কিছু পাৰ্থক্য আছে। ৰাষ্ট্ৰীয় হিন্দী দিৱস ১৪ ছেপ্টেম্বৰত উদযাপন কৰা হয়। আনহাতে, বিশ্ব হিন্দী দিৱস ১০ জানুৱাৰীত পালন কৰা হয়।



১৯৭৫ চনৰ ১০ জানুৱাৰীত মহাৰাষ্ট্ৰৰ নাগপুৰত বিশ্বজুৰি হিন্দীৰ প্ৰচাৰৰ বাবে প্ৰথম বিশ্ব হিন্দী সন্মিলন অনুষ্ঠিত হৈছিল।সেই সন্মিলনখনত ৩০ খন দেশৰ ১২২ জন প্ৰতিনিধি উপস্থিত আছিল। যদিও ২০০৬ চনৰ পৰাহে বিশ্ব হিন্দী দিৱস প্ৰতি বছৰে ১০ জানুৱাৰীত বিশ্বব্যাপী পালন কৰা হয়।


আজিৰ দিনটোতেই বিদেশত থকা ভাৰতীয় দূতাবাসসমূহে 'বিশ্ব হিন্দী দিৱস' উপলক্ষে বিশেষ অনুষ্ঠান অনুষ্ঠিত কৰে।ইয়াৰোপৰি সকলো চৰকাৰী কাৰ্যালয়ত হিন্দীত বিভিন্ন বিষয়ৰ কাৰ্যসূচী আয়োজন কৰা হয়। উল্লেখযোগ্য যে

নৰৱেৰ প্ৰথম বিশ্ব হিন্দী দিৱস ভাৰতীয় দূতাবাসে উদযাপন কৰিছিল। তাৰ পিছত ভাৰতীয় নৰৱে তথ্য আৰু সাংস্কৃতিক মঞ্চৰ অধীনত লেখক সুৰেশ চন্দ্ৰ শুক্লাৰ অধ্যক্ষতাত দ্বিতীয় আৰু তৃতীয় হিন্দী দিৱস অতি ধুমধামেৰে উদযাপন কৰা হৈছিল।

'বিশ্ব হিন্দী দিৱস'ৰ উপৰিও, প্ৰতি বছৰে ১৪ ছেপ্টেম্বৰত 'হিন্দী দিৱস' পালন কৰা হয়। ১৯৪৯ চনৰ ১৪ ছেপ্টেম্বৰত সংবিধান সভাই হিন্দীক চৰকাৰী ভাষাৰ মৰ্যাদা দিয়াৰ পিছৰে পৰা এই দিনটো 'হিন্দী দিৱস' হিচাপে পালন কৰা হয়।


বৰ্তমান হিন্দী বিশ্বৰ শ শ বিশ্ববিদ্যালয়ত শিকোৱা হয় আৰু সমগ্ৰ বিশ্বৰ লাখ লাখ লোকে হিন্দী কয়। তদুপৰি, হিন্দী হৈছে বিশ্বৰ পাঁচটা সৰ্বাধিক কথিত ভাষাৰ ভিতৰত এটা।


দক্ষিণ প্ৰশান্ত মহাসাগৰৰ মেলানেচিয়াত ফিজি নামৰ এটা দ্বীপ আছে। ফিজিত হিন্দীক চৰকাৰী ভাষাৰ মৰ্যাদা দিয়া হৈছে। ইয়াক ফিজিয়ান হিন্দী বা ফিজিয়ান হিন্দুস্তানী বুলিও জনা যায়। ই অৱধি, ভোজপুৰী আৰু অন্যান্য উপভাষাৰ এক মিশ্ৰিত ৰূপ।

পাকিস্তান, নেপাল, বাংলাদেশ, ইউ.এ.ই., উগাণ্ডা, আমেৰিকা যুক্তৰাজ্য, ইউ.কে., জাৰ্মানী, নিউজিলেণ্ড, গায়ানা, চুৰিনাম, ত্ৰিনিদাদ, দক্ষিণ আফ্ৰিকা আৰু মৰিচাছকে ধৰি বহুতো দেশত হিন্দী কোৱা হয়।


ৱৰ্ল্ড ইকনমিক ফ'ৰামৰ গণনা অনুসৰি, হিন্দী হৈছে বিশ্বৰ ১০ টা আটাইতকৈ শক্তিশালী ভাষাৰ ভিতৰত এটা। ২০১৭ চনত, অক্সফৰ্ড অভিধানত প্ৰথমে 'আচ্ছা', 'বাচ্চা' আৰু 'সূৰ্য নমস্কাৰ'ৰ দৰে হিন্দী শব্দ অন্তৰ্ভুক্ত কৰা হৈছিল।

3 views0 comments