পহিলা জানুৱাৰী নহয় পহিলা জুলাইৰ ভাৰতত টোকেনাইজেচন




শেহতীয়াকৈ অনলাইনত সামগ্ৰী ক্ৰয়ৰ ধুম উঠিছে। অনেকেই ডেবিট বা ক্রেডিট কার্ড ব্যৱহার কৰি এমাজন, ফ্লিপকার্ট, ছুইগী, জমাটোৰ দৰে ই-কমার্চ সংস্থাৰ পৰা বিভিন্ন সামগ্ৰী ক্ৰয় কৰে। কিন্তু ইয়াত প্রতাৰিত হোৱাৰ শংকা থাকি যায়। শংকা নির্মূল কৰাৰ বাবে ‘টোকেন’ ব্যৱস্থা প্ৰণয়ন কৰা চালু কথা ঘোষণা কৰিছে ৰিজার্ভ বেংক অৱ ইন্ডিয়া (আৰবিআই)।প্রথম সিদ্ধান্ত লোৱা হৈছিল, ২০২২ চনৰ পহিলা জানুৱাৰীৰ পৰা দেশজুডৰি এই ব্যৱস্থা আৰম্ভ কৰা হ'ব। কিন্তু শেহতীয়াকৈ ইয়াক ছমাহ পিছুৱাই দিয়া হৈছে। এই সন্দৰ্ভত আৰবিআই-ৰ তৰফৰ পৰা নতুন নিৰ্দেশনা জাৰি কৰা হৈছে। নিৰ্দেশনাত কোৱা হৈছে, ২০২২ চনপ ৩০ জুনপর্যন্ত বহাল থাকিব পুৰণি নিয়ম। পহিলা জুলাইৰ পৰা আৰম্ভ হ'ব টোকেন ব্যৱস্থাৰে লেনদেন।উল্লেখ্য যে মার্চেন্ট পেমেন্টছ এলায়েন্স অৱ ইণ্ডিয়া (এমপিএআই), এলায়েন্স অৱ ডিজিটেল ইণ্ডিয়া ফাউণ্ডেচন (এডিআইএফ)-ৰ দৰে বজাৰৰ প্রস্তুতিৰ বাবে অধিক সময় বিচাৰি আবেদন কৰিছিল। সম্ভৱত সেই আবেদনৰ পৰিপ্রেক্ষিতত আৰবিআয়ে ছমাহ বাড়তি সময় বৃদ্ধি কৰিলে। বৰ্তমান অনলাইনত বস্তু কিনিলে সংশ্লিষ্ট ৱেবছাইটলৈ গৈ নিজপ ডেবিট বা ক্রেডিট কার্ডের ১৬ সংখ্যাৰ নম্বৰটো দিব লাগে। তাৰ পিছত চিভিভি, চিভিচি নম্বৰ দি অ'টিপিৰ জৰিয়তে টকা আদায় দিয়া হয়। বাৰে বাৰে একেটা ছাইটৰ পৰা ক্ৰয় কৰিলে ১৬ সংখ্যাৰ নম্বৰ দিব নালাগে। সেইটো ৱেবছাইট বা পেমেন্ট গেটৱে'ত সংৰক্ষিত হৈ থাকে । তেতিয়া কেৱল চিভিভি নম্বৰ দি অ'টিপিৰ জৰিয়তে সহজেই ধন আদায় দিয়া হয়। ইয়াত প্ৰৱঞ্চনাৰ আশংকা বহুত। কিয়নো ক্ৰয় অধিক অনায়াস কৰিবলৈ কাৰ্ডৰ তথ্য জমা হৈ থাকে সংশ্লিষ্ট সংস্থাৰ ৱেবছাইটক। আৰবিআই সম্প্রতি এই নিয়মটোতলৈ পৰিৱৰ্তন আনে। ইয়াৰ নাম দিয়া হয় ‘টোকেনাইজেচন’। এই পদ্ধতিত অনলাইনযোগে সামগ্ৰী ক্ৰয়ৰ সময়ত সংশ্লিষ্ট ৱেবছাইটত মাথোঁ এটা বিকল্প কোড দিয়া হয়। কোডটো আপোনাৰ বেংক কৰ্তৃপক্ষই আপোনাক প্ৰদান কৰিব। এই কোডটোৰেই নাম ‘টোকেন’। ইয়াৰ জৰিয়তে গ্রাহকে আগৰ দৰেই কিনাকটা কৰিব পাৰিব কিন্তু সংশ্লিষ্ট ই-কমার্চ সংস্থাৰ কাষত মাথোঁ জমা নাথাকিব আপোনাৰ কার্ডৰ তথ্য। আৰবিআইৰ মতে, ইয়াৰ ফলত প্ৰতাৰণাৰ শংকী কমিব। ২০২২ চনৰ পহিলা জানুৱাৰীৰ পৰাই ‘টোকেন’ ব্যৱস্থা আৰম্ভ কৰাৰ নির্দেশ জাৰি কৰা হৈছিল। কিন্তু এতিয়া আৰবিআইৰ নতুন নির্দেশনাত কোৱা হৈছে, ২০২২ চনৰ ৩০ জুন পর্যন্ত বহাল থাকিব পুৰণি নিয়ম। পহিলা জুলাইৰ পৰা টোকেন ব্যৱস্থাৰ লেনদেন।

9 views0 comments