শান্তি আলোচনালৈ আৰু এখোজ : তিনি মাহলৈ বৃদ্ধি আলফাৰ একপক্ষীয় যুদ্ধবিৰতি




আলফা-স্বাধীনৰ নতুন দিল্লীৰ সৈতে শান্তি আলোচনাৰ সম্ভাৱনা ক্ৰমাৎ বৃদ্ধি পাবলৈ ধৰিছে। ইয়াৰ মাজতে সংগঠনটোৰ মুৰব্বী পৰেশ বৰুৱাই তিনি মাহৰ বাবে একপক্ষীয় যুদ্ধবিৰতিৰ ম্যাদ বৃদ্ধি কৰিছে। তেওঁ ১৫ মে'ত একপক্ষীয় যুদ্ধবিৰতি ঘোষণা কৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই শান্তি আলোচনাৰ বাবে লোৱা উদ্যোগলৈ সঁহাৰি দিছিল। পৰেশ বৰুৱাই ইয়াৰ ম্যাদ বৃদ্ধি কৰি শান্তি আলোচনাৰ প্ৰতি নিজৰ দায়বদ্ধতা প্ৰকাশ কৰিছে।


পৰেশ বৰুৱাই এটা বিবৃতিত কৈছে যে তৎকালে বলৱৎ হোৱাকৈ আলফা-স্বাধীনে আৰু তিনি মাহৰ বাবে অসমত সকলো ধৰণৰ সামৰিক অভিযান, তৎপৰতা বন্ধ ৰাখিব। পৰেশ বৰুৱাৰ এই সিদ্ধান্তই শান্তি আলোচনা প্ৰক্ৰিয়াক নিশ্চয়কৈ গতি প্ৰদান কৰিব। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বিষয়টোত ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰৰ সৈতে কেইবাবাৰো মত বিনিময় কৰিছে।

4 views0 comments