গুৱাহাটীত ভয়ংকৰ দুৰ্ঘটনা : ট্ৰাকে ১ কিলোমিটাৰ চোঁচৰাই নিলে বাইক, পথত পৰিল ছিন্ন শৰীৰ




এটা অবৰ্ণনীয় ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে গুৱাহাটীৰ সৰুসজাইত। এখন দ্ৰুতবেগী ট্ৰাকে প্ৰায় এক কিলোমিটাৰ দূৰ বাইক এখন চোঁচৰাৰ নিয়ে। বাইকখনৰ আৰোহী এগৰাকীৰ ছিন্ন ক'ৰবাত, শৰীৰৰ আন আন ক'ৰবাত পৰি ৰয়। মহিলাগৰাকীৰ কৰুণভাৱে মৃত্যু হোৱাৰ বিপৰীতে বাইকচালক যুৱক এজন গুৰুতৰভাৱে আহত হয়। ঘটনাত মৃত্যু হোৱা মহিলাগৰাকী নুনমাটিৰ ৰুণু দাস।




খানাপাৰাৰ পৰা লখৰা অভিমুখে একে দিশে গৈ থকা AS 01EW 6813 নম্বৰৰ বাইকখনক AS 02AC 7662 নম্বৰৰ ট্ৰাকখনে মহটিয়াই নিয়ে। ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে সৰুসজাইত সংঘটিত দুৰ্ঘটনাগ্ৰস্ত বাইকখন ট্ৰাকসহ উদ্ধাৰ হয় প্ৰায় এক কিলোমিটাৰ দূৰৈৰ লখৰাত।





ইফালে, গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত যুৱকজনক ভৰ্তি কৰোৱা হৈছে জি এম চি এইচত। তদুপৰি, দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখনৰ চালক ৰফিকুল ইছলামক আটক কৰিছে গড়চুক আৰক্ষীয়ে।

2 views0 comments