অসমীয়াৰ সংজ্ঞাত জনজাতিৰ শংকা





বহুদিন হ’ল, সৰ্বসন্মত তথা সৰ্বজনগ্ৰাহ্য ৰূপত অসমীয়াৰ সংজ্ঞা নিৰূপণৰ বিষয়টো প্ৰায়েই এটা ঠাইতে আবদ্ধ হৈ আছে। অসমীয়া কোন- এই প্ৰশ্নটোৰ উত্তৰ ওলোৱা নাই। আজিৰ পৰা ৫০-৬০ বছৰ পূৰ্বে হোৱাহেঁতেন, সংজ্ঞাটো নিৰূপণত সিমান সমস্যাই দেখা নিদিলেহেঁতেন। কিন্তু সময়ৰ গতিত ই ক্ৰমশঃ জটিল হৈ পৰিব ধৰিলে। অসমত নিজকে অসমীয়া বুলি পৰিচয় দিবলৈ ইতস্ততঃবোধ কৰা লোকৰ সংখ্যা ক্ৰমশঃ বাঢ়িবলৈ ধৰিলে। আজি সমস্যাটো ইমানেই জটিল হৈ পৰিল যে অসমীয়াৰ ঠাইত খিলজ্ঞীয়া শব্দটো ব্যৱহাৰ কৰিবলগীয়া হৈছে বা অনেকে ইয়াক বিকল্প হিচাপে গ্ৰহণ কৰিবলৈ প্ৰস্তাৱ দিছে। মহাৰাষ্ট্ৰ, পশ্চিমবংগ, তামিলনাড়ু, কৰ্ণাটক, পঞ্জাব, হাৰিয়ানা আদি ৰাজ্যতো সমস্যাটো সিমান জটিল হৈ থকা নাই। কিন্তু অসমত জটিল। ইয়াৰ ঐতিহাসিক কাৰণ আছে। অসমৰ অসমীয়াভাষীয়ে ইতিহাসক উপেক্ষা কৰি ভাষাৰ ভিত্তিত অসমীয়া জাতি গঠন কৰিবলৈ যোৱাৰ বাবে অসমীয়া শব্দটোক লৈ জটিলতাৰ সৃষ্টি হৈছে। অসমীয়া যদি এটা ভূখণ্ডত বসবাস কৰা জনসমষ্টিৰ পৰিচয় হ’লহেঁতেন তেন্তে সমস্যাটো ইমান কঠিন হৈ নাথাকিলহেঁতেন। কিন্তু দেশে স্বাধীনতা লাভ কৰাৰ পাছত ৰাজ্যখন শাসন কৰা প্ৰতিটো ৰাজনৈতিক দলে অসমক অসমীয়াভাষীৰ ৰাজ্যত পৰিমত কৰিবলৈ চেষ্টা চলাই থাকিল। শিক্ষাৰ মাধ্যমৰ ক্ষেত্ৰত চৰকাৰসমূহে গ্ৰহণ কৰা নীতিয়ে ৰাজ্যখনত বসবাস কৰা জনজাতিসকলৰ মাজত সন্দেহ আৰু শংকাৰ সৃষ্টি কৰিলে। আত্মপৰিচয় হেৰুওৱাৰ দুৰ্ভাৱনা বঢ়াই তুলিলে। নিজাকৈ মাতৃভাষা এটা লোকৰ ওপৰত আন এটা ভাষা জাপি দিলে বিদ্ৰোহৰ সূচনা হ’বই। ধৰ্মৰ ভিত্তিত দেশ বিভাজন হোৱাৰ পিছতো পাকিস্তান পুনৰ কিয় দ্বিখণ্ডিত হ’ল? পূব পাকিস্তানৰ বাসিন্দাসকলো মূলতঃ ইছলাম। কিন্তু পাকিস্তানৰ আনটো প্ৰান্তৰ সৈতে তেওঁলোকৰ ভাষাৰ অমিল আছিল। পাকিস্তানৰ শাসকে পূব পাকিস্তানৰ জনসাধাৰণৰ ওপৰত উৰ্দু ভাষা জাপি দিবলৈ চেষ্টা চলাইছিল। ফলত পাকিস্তানৰ সপক্ষে সৰ্বাধিক সমৰ্থন থকা অংশটো পাকিস্তানৰ পৰা ওলাই আহি নিজাববীয়াকৈ এখন ৰাষ্ট্ৰ গঠন কৰিলে। অসমতো কালক্ৰমত আত্মপৰিচয়ৰ তাগিদা বাঢ়িল। ই ৰাজপথৰ আন্দোলনৰ ৰূপ গ্ৰহণ কৰিলে। দিছপুৰৰ শাসকে আন্দোলন বা সমস্যাসমূহক আন্তৰিকতাৰে সমাধানৰ বিপৰীতে অসমবিৰোধী চক্ৰৰ চক্ৰান্ত, বিৰোধী ৰাজনৈতিক দলৰ উচটনি আদি আখ্যা দি দমনমূলক নীতি গ্ৰহণ কৰিলে। ফলত দিছপুৰ মানে অসমীয়াভাষী বুলি বোলা ধাৰণা এটাৰ সৃষ্টি হ’ল।জনজাতীয় লোকৰ মাজত বৃহত্তৰ অসমীয়া বুলি লাহে লাহে গা কৰি উঠা সহজ বোধটো বাধাগ্ৰস্ত হ’ল। অসমীয়াৰ পৰিধি সীমিত হৈ পৰিবলৈ ধৰিলে। ইয়াত লাহে লাহে গা কৰি উঠা বুলি এইবাবেই কোৱা হৈছে ব্ৰিটিছে এৰি থৈ যোৱা অসমখনৰ ইতিহাস আজিৰ ইতিহাসতকৈ সুকীয়া। অসমৰ অসমীয়াভাষীসকলে সেই ইতিহাসক অস্বীকাৰ কৰা অথবা ইতিহাসৰ মাজলৈ নোযোৱা বাবে আজি অসমত বহু সমস্যাৰ সৃষ্টি হৈছে।


অসমীয়া জাতি-গঠনৰ ঐতিহাসিক প্ৰক্ৰিয়া আৰু বিকাশৰ মাজত সোমাই আছে অসম আৰু অসমীয়াৰ ভৱিষ্যৎ। আজিৰ অসমীয়া জাতিটো প্ৰকৃততে বিভিন্ন জনগোষ্ঠীৰ সংমিশ্ৰণতহে গঢ়ি উঠা। প্ৰাক-ঐতিহাসিক যুগৰ পৰাই উত্তৰ-পূব ভাৰতত বিভিন্ন জনগোষ্ঠীৰ মাজত সংমিশ্ৰণৰ প্ৰক্ৰিয়াটো আৰম্ভ হৈছিল। অষ্ট্ৰিক জনগোষ্ঠীৰ সৈতে মংগোলীয় জনগোষ্ঠীৰ মানুহৰ মিলন হৈছিল। প্ৰাক-ঐতিহাসিক যুগৰ পৰাই উত্তৰ-পূব ভাৰতত মংগোলীয় জনগোষ্ঠীৰ বাহিৰেও উত্তৰ-পশ্চিম ভাৰতৰ পৰা আৰ্যভাষীৰ আগমন ঘটিছিল। তেতিয়া উত্তৰ-পূৱ ভাৰতৰ নাম আছিল প্ৰাগজ্যোতিষপুৰ আৰু কামৰূপ। আৰ্যসকলৰ আগমনৰ লগে লগে থলুৱা অনাৰ্য মংগোলীয়সকলৰ ওপৰত আৰ্য সংস্কৃতিৰ প্ৰভাৱ পৰে। ড০ বিৰিঞ্চি কুমাৰ বৰুৱাই ‘A cultural History of Assam’ত আৰ্যসকলৰ অসম আগমনৰ বিষয়ে আৰু আৰ্যীয়কৰণৰ প্ৰক্ৰিয়াৰ বিষয়ে বহলাই লিখিছে। ড০ কাকতিৰ ভাষাত কামাখ্যা অষ্ট্ৰিক ভাষী খাচীৰ মৰিশালি আছিল। অষ্ট্ৰিকৰ পিছত কিৰাত বা মংগোলীয় বড়ো গোষ্ঠীৰ লোকসকলৰ প্ৰভাৱ পৰে। তাৰ পিছত আৰ্য সংস্কৃতিৰ প্ৰভাৱত সেই কামাখ্যা আৰ্য হিন্দুৰ তীৰ্থস্থান ৰূপে খ্যাত হয়। সম্ভৱতঃ খ্ৰীষ্টীয় প্ৰথম শতিকাৰ পৰাই প্ৰাচীন কামৰূপৰ মংগোলীয়সকলৰ ওপৰত আৰ্যীয়কৰণৰ প্ৰক্ৰিয়া আৰম্ভ হয়। তথাপিও প্ৰাচীন কামৰূপত কোনো উমৈহতীয়া ভাষা বা সংস্কৃতি গঢ়ি উঠা নাছিল।

বিভিন্ন গোষ্ঠীগত কাৰণত উত্তৰ-পূৱ ভাৰতত মংগোলীয় লোকসকল বিভিন্ন দুৰ্গম পাহাৰত সিঁচৰতি হৈ আছিল। কিন্তু বৃহৎ মংগোলীয় গোষ্ঠীৰ অন্তৰ্গত বড়ো ভাষাগোষ্ঠীৰ লোকসকলে ব্ৰহ্মপুত্ৰ উপত্যকাৰ বিস্তীৰ্ণ অঞ্চলত বসতি কৰি আছিল। আহোম অহাৰ আগলৈকে বড়ো ভাষাগোষ্ঠীৰ লোকসকলেই আছিল ব্ৰহ্মপুত্ৰ উপত্যকাৰ শক্তিশালী জাতি আৰু ৰাজশক্তি। ত্ৰয়োদশ শতিকাত চুকাফাৰ নেতৃত্বত অহা টাই আহোমসকলে ইতিমধ্যে প্ৰতিষ্ঠিত বড়ো ভাষাগোষ্ঠীৰ লোকসকলৰ লগত আত্মপ্ৰতিষ্ঠাৰ বাবে বাৰে বাৰে যুদ্ধত অৱতীৰ্ণ হৈছিল। ড০ সুনীতি কুমাৰ চেটাৰ্জীয়ে ‘The place of Assam in History and Civilization of India’-ত লিখিছে যে-‘For 450 years, Bodo and Ahom fought with each other for mastery and both gradually merged into a single Assamese speaking people..’ টাই আহোমসকলে ব্ৰহ্মপুত্ৰ উপত্যকা জয় কৰি একেৰাহে ছশ বছৰ ৰাজত্ব কৰে আৰু সামাজিক গাঁথনিত থলুৱা লোকসকলৰ সৈতে এক সাংস্কৃতিক আৰু সামাজিক সমন্বয় গঢ়ি তোলে। টাই আহোমসকলে শাসনভাৰ লোৱাৰ পিছত নিজৰ ভাষা-সংস্কৃতি এৰি আৰ্য ধৰ্ম আৰু সংস্কৃতি গ্ৰহণ কৰে। আহোম ৰজাৰ আমন্ত্ৰণতেই উত্তৰ ভাৰতৰ পৰা ব্ৰাহ্মণ সম্প্ৰদায়ৰ লোক অসমলৈ আহিছিল আৰু অসমত ব্যাপকভাৱে আৰ্য সংস্কৃতিয়ে প্ৰচাৰ আৰু প্ৰসাৰ লাভ কৰিছিল। মহাভাৰতৰ যুগৰ পৰাই এই অঞ্চললৈ আৰ্যসকল আহিছিল। তথাপিও আহোম ৰাজত্বৰ সময়তহে ইয়াৰ অধিবাসীসকলৰ ওপৰত আৰ্যীয়কৰণ প্ৰক্ৰিয়াটোৱে ব্যাপকতা লাভ কৰে। মূল আৰ্যভাষীৰ মাগধী প্ৰাকৃত মূলৰ অসমীয়া ভাষাৰো গঠন আৰু বিকাশ লাভ কৰিছে ইয়াৰ থলুৱা মংগোলীয় ভাষাৰ প্ৰভাৱত (Dr.Bani Kanta Kakati, Assamese: Its formation and development)। আহোমসকলে নিজৰ ভাষা ত্যাগ কৰি ৰাজকীয় ভাষা হিচাপে অসমীয়া ভাষা গ্ৰহণ কৰাৰ পিছত অসমীয়া ভাষাই উন্নতি আৰু বিস্তৃতি লাভ কৰে। ছশ বছৰীয়া আহোম শাসনে ব্ৰহ্মপুত্ৰ উপত্যকাৰ থলুৱা লোকসকলক একেটা অৰ্থনৈতিক আৰু সামাজিক গাঁথনিৰ পৰিধিলৈ আনিছিল আৰু থলুৱা জনগোষ্ঠীৰ মাজত হোৱা দীঘলীয়া সংমিশ্ৰণ প্ৰক্ৰিয়াৰ ফলত ই একেটা অসমীয়া জাতিলৈ পৰিণত হৈছিল। আহোমৰ উপৰি ব্ৰহ্মপুত্ৰ উপত্যকাৰ বৃহৎ বড়ো ভাষাগোষ্ঠীৰ চুতীয়া, কোচ, কছাৰী, লালুং, দেউৰী, মৰাণ, মটক আদি জনগোষ্ঠীয়ে নিজ ভাষা-সংস্কৃতি সাময়িকভাৱে ত্যাগ কৰি অসমীয়া ভাষাকে গ্ৰহণ কৰিলে আৰু এই অসমীয়াভাষী সকলোৱে নিজকে ‘অসমীয়া’ বুলি চিনাকি দিয়া হ’ল। সংমিশ্ৰিত অসমীয়া ভাষাই এক বৃহত্তৰ অসমীয়া জাতিক গঢ় দিলে। আৰম্ভ হ’ল ভাষাভিত্তিক অসমীয়া জাতি গঠনৰ প্ৰক্ৰিয়া।

কিন্তু উত্তৰ-পূৱ ভাৰতৰ পৰ্বতীয়া জনজাতি মংগোলীয় লোকসকল কোনোকালে আহোম ৰাজ্যৰ ভিতৰত বা আহোমৰ প্ৰত্যক্ষ শাসনৰ তলত নাছিল। আহোমসকলে কেতিয়াবা যুদ্ধত পৰাস্ত কৰি পৰ্বতীয়া জনজাতি সকলক কৰতলীয়া প্ৰজা হিচাপেহে মাত্ৰ ৰাখিছিল (Dr.Surjya Kr. Bhuyan, Anglo-Assamese Relation)। পৰ্বতীয়া জনজাতি সকলৰ ওপৰত অসমীয়া ভাষা আৰু আৰ্য ভাষা-সংস্কৃতিৰ প্ৰভাৱ সেই কাৰণে বহু কম আছিল। সেই কাৰণে কালক্ৰমত নগা, মিজো, খাচী, জয়ন্তীয়া, গাৰো আৰু অৰুণাচলী সকল আঁতৰি গৈছিল। কিন্তু দুটা পাহাৰীয়া জনগোষ্ঠী কাৰবি আৰু ডিমাচা, ভৈয়ামৰ জনজাতি বড়ো, ৰাভা, মিচিং, দেউৰী, তিৱাসকলে এতিয়াও অসমতে বসবাস কৰি আছে। দীৰ্ঘদিনীয়া সংমিশ্ৰণৰ ফলস্বৰূপে বড়ো, মিচিং, কাৰবি, ডিমাচা, তিৱা আদি জনগোষ্ঠীয় লোকসকলৰ একাংশই নিজৰ ভাষা-সংস্কৃতি এৰি অসমীয়া ভাষা-সংস্কৃতি আঁকোৱালি লৈছিল বা ল’বলৈ আৰম্ভ কৰিছিল। কিন্তু ’৭০-’৮০ দশকৰ পৰা অসমৰ জনজাতিসকলৰ মাজত নিজৰ ভাষা-সংস্কৃতি, সুকীয়া জাতিসত্তা আৰু অস্তিত্ব ৰক্ষা তথা উন্নতিৰ সচেতনতা জাগ্ৰত হৈ উঠে। তেওঁলোকে নিজৰ বাবে ৰাজনৈতিক অধিকাৰ, সম-মৰ্যাদা আৰু সম-অধিকাৰৰ দাবী তোলে। নিজৰ সুকীয়া আত্মপৰিচয়ৰ বাবে আৰু এটা পৰিপূৰ্ণ জাতিসত্তা হিচাপে জীয়াই থাকিবলৈ তেওঁলোক ব্যাকুল হৈ পৰে। সুকীয়া ৰাজ্যৰ দাবীবোৰ বাৰে বাৰে উত্থাপিত হ’বলৈ ধৰে। ফলত মূল-সূঁতিৰ অসমীয়াভাষী আৰু অসমৰ বিভিন্ন জনগোষ্ঠীয় লোকসকলৰ মাজত সম্পৰ্ক তিক্ততাপূৰ্ণ হৈ উঠে। উল্লেখযোগ্য যে অসমীয়া ভাষাক আঁকোৱালি লৈ অসমীয়া ভাষাতে সাহিত্য চৰ্চা কৰা বহু বড়ো আৰু কাৰবি লিখকে তেতিয়াই অসমীয়া ভাষাত লিখা-মেলা বাদ দিয়া দেখা গৈছিল। পৰিতাপৰ কথা যে অসমৰ বিভিন্ন জাতি সত্তাসমূহে সমমৰ্যাদা আৰু সম-অধিকাৰ আদি দাবী কৰিলেই ‘অসমবিৰোধী চক্ৰৰ ষড়যন্ত্ৰ’ বুলি অভিহিত কৰি প্ৰকৃত সমস্যা অনুধাৱন বা বিশ্লেষণ কৰাৰ পৰা বিৰত থকা দেখা যায় আৰু এনে সমস্যাৰ বিষয়ে নিৰ্মোহ আৰু ঐতিহাসিক বিশ্লেষণেৰে বিজ্ঞানসন্মত আলোচনা খুব কমেইহে দেখা পোৱা যায়।

বিশিষ্ট বুদ্ধিজীৱী আৰু চিন্তাবিদ ড০ হীৰেণ গোহাঁয়ে কেইটামান প্ৰবন্ধত এইবোৰৰ আলোচনা কৰিছে। ড০ গোহাঁইদেৱে ‘জাতি গঠনৰ পথ’ নামৰ প্ৰবন্ধত লিখিছে-

“জনজাতীয় লোকসকল সৌসিদিনালৈকে জাতীয় আত্মপৰিচয়ৰ বাবে ব্যাকুল হৈ পৰা নাছিল।কিন্তু জনজাতীয়সকলৰ মাজত যেতিয়া শিক্ষিত, অৱস্থাপন্ন লোকৰ সংখ্যা বেছি হ’ল তেতিয়া অসমীয়া হিন্দু সমাজত এখন তলতীয়া আসন ল’বলৈ তেওঁলোকৰ আগ্ৰহ নাথাকিল। জাত-পাতৰ ধাৰণা বৰ্জন কৰিবলৈ অসমীয়া হিন্দু মধ্যবিত্ত ব্যগ্ৰ নহয়, তাৰ প্ৰতিক্ৰিয়া স্বৰুপে আপোন ঐতিহ্য আৰু জীৱন-ধাৰা সম্পৰ্কে জনজাতীয়সকল সচেতন হৈ উঠিল। গণতান্ত্ৰিক আৰু সমাজবাদী ৰাজনীতিৰ প্ৰভাৱ বিয়পি পৰা বাবেও তেওঁলোকে ঊনবিংশ শতাব্দীৰ অসমীয়া জাতীয়তাৰ সঁজাত সোমাই থাকিবলৈ আগ্ৰহ নকৰা হ’ল। সামন্ত যুগৰ পৰা চলি অহা সামাজিক হীনতা আৰু ৰাজনৈতিক অৱদমন মানি ল’বলৈ তেওঁলোক আৰু সন্মত নহয়। অৱশ্যে তেওঁলোকৰ এই জাগৰণক বাধা দিবলৈ প্ৰভুত্বকামী অসমীয়াসকলে চেষ্টাৰ ক্ৰুটি কৰা নাই। কিন্তু সেই দিন আৰু নাই। বহু বাধা-বিঘিনি অতিক্ৰম কৰি উন্নয়নৰ ৰাজপথত জনজাতীয়সকলে ভৰি দিছে। অতীতলৈ চাই তেওঁলোকে দেখিছে সুদীৰ্ঘ স্থবিৰতা। সভ্যতাৰ অগ্ৰণী বাহিনীৰ লগত খোজ দিবলৈ আজি তেওঁলোক অধীৰ। তেওঁলোকৰ এই অধীৰতা, স্বনিয়ন্ত্ৰণৰ এই আকাংক্ষাক কেৱল বাহিৰা শক্তিৰ চক্ৰান্ত বুলি ভাবিলে অন্যায় হ’ব। নাইবা তেওঁলোকৰ ‘পথ প্ৰদৰ্শক’ বা ‘শিক্ষাগুৰু’ বুলি অসমীয়াই ভেম কৰিলেও কাম নহ’ব”।

‘জনজাতীয় সংস্কৃতি আৰু অসমৰ ভবিষ্যত’ নামৰ প্ৰবন্ধত ড:হীৰেন গোহাঁইদেৱে স্পষ্টভাৱে লিখিছে-‘পুঁজিবাদী মনোভাব হিন্দু অসমীয়াৰ মাজত বিস্তাৰ লাভ কৰাৰ ফলত জনজাতীয়ৰ ওপৰত শোষণ প্ৰবল হ’ল। তাৰ লগত তাল মিলাই জনজাতীয় সকলৰ প্ৰতি অৱজ্ঞা-অৱহেলাৰ ভাৱ বাঢ়ি গ’ল। ঊনবিংশ শতাব্দীৰ শিক্ষিত অসমীয়া সমাজৰ ওপৰত বংগদেশৰ ভদ্ৰলোক শ্ৰেণীৰ প্ৰভাৱ যথেষ্ট আছিল। বহুত ভাল কথাৰ লগতে নব্য শিক্ষিত অসমীয়াই শিক্ষিত বাঙালী সমাজৰ পৰা দুটামান বেয়া কথাও শিকি লৈছিল। তাৰে এটা কথা হ’ল জাত-কুলৰ বিচাৰত আগৰ তুলনাত অধিক উগ্ৰতা আৰু ‘জংঘলী’ বা ‘অসভ্য’ বুলি জনজাতীয় সকলৰ প্ৰতি হেয়জ্ঞান’।

অকল সামাজিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক ক্ষেত্ৰতে নহয়, অসমীয়া সাহিত্য-সংস্কৃতিৰ ক্ষেত্ৰতো জনজাতীয় সমাজ জীৱন উপেক্ষিত। ৰজনী কান্ত বৰদলৈৰ ‘মিৰি জীয়ৰী’, মেদিনী চৌধুৰীৰ ‘ফেৰেংগাদাও’, ড: বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ ‘ইয়াৰুইংগম’, ‘মৃত্যুঞ্জয়’, উমাকান্ত শৰ্মাৰ ‘ভাৰুণ্ড পখীৰ জাঁক’,ৰীতা চৌধুৰীৰ ‘দেওলাংখুই’, তিলোত্তমা মিশ্ৰৰ ‘কে মেইখাৰ ঘৰ’ আদি কিছুসংখ্যক উপন্যাসৰ বাদে অসমত ইমান বাৰেৰহণীয়া, জনগোষ্ঠীয় সংস্কৃতি থকা স্বত্বেও অসমীয়া সাহিত্যত জনজাতীয় সমাজ জীৱন আৰু চৰিত্ৰ অংকন এতিয়ালৈকে মূল-সুঁতিৰ অসমীয়া লিখকে গল্প-উপন্যাসত উপস্থাপন কৰা চকুত লগা ধৰণে পৰিলক্ষিত হোৱা নাই। কিন্তু তাৰ বিপৰীতে ১৯২৫ চনতে G.D.Walker নামৰ চাহাব এজনে “A Dictionary of the Mikir Language” নামৰ কাৰবি অভিধান লিখি থৈ গৈছিল। ব্ৰিটিছ বিষয়া আৰু মিছনেৰী সকলে অতি কমেও চাৰিখন কাৰবি অভিধান লিখি থৈ গৈছে। অতি সন্তাপৰ বিষয় এয়ে যে আজিও Edward Stack আৰু Sir Charles Lyall চাহাবে লিখি থৈ যোৱা “The Mikirs” কিতাপখনেই কাৰবি সকলৰ ওপৰত লিখা একমাত্ৰ নিৰ্ভৰ যোগ্য কিতাপ। সুদূৰ জাৰ্মানীৰ Tubingen University পৰা আহি Dr.Karl-Heinz Grussner ৰে ১৯৭৩ চনত কাৰবি ভাষাৰ ব্যাকৰণৰ বিষয়ে জাৰ্মানী ভাষাত লিখি উলিয়াইছিল-“Arleng Alam, die Sprach Der Mikir: Grammatik U.Texte”.আমেৰিকাৰ University of Oregon ৰ গৱেষক Dr.Linda Konnerth তে কাৰবি ব্যাকৰণ প্ৰণয়নৰ কাম ইতিমধ্যে সমাপ্ত কৰিছে। এইখিনিতে প্ৰশ্ন হয়-অসম সাহিত্য সভা আৰু অসমীয়া লিখক-গৱেষক সকলে ইমানদিনে কি কৰিলে?

আমাৰ নিজৰো ব্যক্তিগত আৰু চাকৰি জীৱনত বহুত তিতা-কেঁহা অভিজ্ঞতা আছে। মুঠতে আজিৰ অসমত জনজাতীয় লোক সকলে নিজকে অসমীয়া বুলি পৰিচয় দিব পৰাকৈ মূল-সূঁতিৰ অসমীয়াভাষী লোকসকলে পৰিবেশ দিব পৰা নাই। ফলত জনজাতীয় মূলৰ লোকসকলে নিজকে অসমীয়া বুলি চিনাকি দিবলৈ দ্বিধাগ্ৰস্ত হৈ পৰিছে। ক্ষুদ্ৰ, অবিকশিত জাতিসত্তা সমূহৰ আত্মবিকাশৰ আশা-আকাংক্ষাক অস্বীকাৰ নকৰি জনজাতীয় ভাষা সমূহক স্বীকৃতি আৰু সম বিকাশৰ সুবিধা দি জনজাতীয় লোক সকলক মূল-সূঁতিৰ অসমীয়া সকলৰ লগত সমানে খোজ দিবলৈ বাট প্ৰশস্ত কৰিব লাগিব। মূলসূঁতিৰ অসমীয়া মানুহৰ উগ্ৰজাতীয়তাবাদী মনোভাৱ আৰু দৃষ্টিভংগী সলনি নহ’লে কিন্তু এই কাম সম্ভৱ নহ’ব।