ট্ৰাইবছ ইণ্ডিয়া সন্মিলন : আদি মহোৎসৱত আয়োজিত ডিপ্ল'মেট ডে'ত ১০০ জন ডিপ্ল'মেটৰ উপস্থিতি





চহকী জনজাতীয় ঐতিহ্যক আন্তঃৰাষ্ট্ৰীয় দৰ্শকৰ সৈতে চিনাকি কৰাই দিবলৈ নতুন দিল্লীৰ 'দিল্লী হাট'ত ট্ৰাইবছ ইণ্ডিয়া আদি মহোৎসৱত এখন ট্ৰাইবছ ইণ্ডিয়া সন্মিলনৰ আয়োজন কৰা হয় । কেন্দ্ৰীয় বিদেশ মন্ত্ৰালয়ৰ সহযোগত এই সন্মিলন আয়োজিত হয় । সন্মিলনত প্ৰায় ১০০ গৰাকী ডিপ্ল'মেট উপস্থিত থকাৰ উপৰিও বিদেশ মন্ত্ৰালয় আৰু অন্য মন্ত্ৰালয়সমূহৰ জ্যেষ্ঠ বিষয়াবৰ্গ উপস্থিত থাকে । উল্লেখ্য যে এই সন্মিলনত পোলেণ্ড, কিৰিবাটি, দক্ষিণ কোৰিয়া, মেক্সিকো, থাইলেণ্ড, লাওছ, ছুইজাৰলেণ্ড, বাংলাদেশ, মালদ্বীপ, আমেৰিকা যুক্তৰাষ্ট্ৰ, ব্ৰাজিল আদিকে ধৰি প্ৰায় ২০ খনকৈ দেশৰ ডিপ্ল'মেটসকল উপস্থিত থাকে । তদুপৰি ৰাষ্ট্ৰসংঘৰ দৰে আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ প্ৰতিনিধিও এই সন্মিলনত উপস্থিত থাকে । এই অনুষ্ঠানত বহা প্ৰায় ২০০ খন দোকানত বিভিন্ন জনজাতীয় কাপোৰ, পুতলা, হাতেৰে সজা বস্তু, অলংকাৰ আদি প্ৰদৰ্শিত কৰা হয় । সন্মিলনত উপস্থিত থকা গণমান্য ব্যক্তিসকলক এই সকলোবোৰৰ দ্বাৰা জনজাতীয় কলা আৰু নিৰ্মাণৰ এক ধাৰণা দিবলৈ যত্ন কৰা হয় । তদুপৰি এই সন্মিলনত কলাকাৰসকলৰ দ্বাৰা মাটিৰ পাত্ৰ নিৰ্মাণ, লাকৰ খাৰু নিৰ্মাণ আৰু গোন্দ চিত্ৰ অংকনৰ ওপৰত এক লাইভ প্ৰদৰ্শন আগবঢ়োৱা হয় ।

3 views0 comments