টুইটাৰৰ নতুন মুখ্য কাৰ্যবাহী বিষয়া পৰাগ আগৰৱালা




চলিত বৰ্ষৰ ২৯ নৱেম্বৰ তাৰিখে জনপ্ৰিয় সামাজিক মাধ্যম টুইটাৰে কোম্পানী আভ্যন্তৰীণ আৰু প্ৰযুক্তিবিদ্যা মুৰব্বী পৰাগ আগৰৱালাক কোম্পানীটোৰ মুখ্য কাৰ্যবাহী বিষয়ালৈ পদোন্নতি প্ৰদান কৰে । আই আই টি বোম্বাইৰ পৰা কম্পিউটাৰ বিজ্ঞানত স্নাতক ডিগ্ৰী আৰু ইঞ্জিনিয়াৰিং আৰু ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ৰ পৰা কম্পিউটাৰ বিজ্ঞানত পি এইচ ডি ডিগ্ৰী লাভ কৰা আগৰৱালাই টুইটাৰত যোগদান কৰাৰ পূৰ্বে মাইক্ৰ'চফ্ট কৰ্প, য়াহু আৰু এটি&টি লেবছ ইনচৰ গৱেষণা কেন্দ্ৰবোৰত কাম কৰিছিল । ২০১৯ চনৰ ডিচেম্বৰ মাহৰ পৰা আগৰৱালাই টুইটাৰত অপমানজনক আৰু ভ্ৰমিত তথ্যবোৰৰ সৈতে মোকাবিলা কৰিবলৈ মুকলি উৎস নিৰ্মাতা, অভিযন্তা আৰু ডিজাইনাৰসকলৰ এক স্বতন্ত্ৰ দল 'প্ৰজেক্ট ব্লু-স্কাই'-ৰ ওপৰত ও কাম কৰি আহিছে । ব্লুস্কাইয়ে এক কেন্দ্ৰবিহীন প্ৰযুক্তি আগবঢ়াব বিচাৰে, য'ত টুইটাৰ আৰু অন্য তেনে কোম্পানীবোৰে ব্লুস্কাইৰ সেৱা গ্ৰহণ কৰিব পাৰিব আৰু নিজৰ প্লেটফৰ্মবোৰক নতুন ধৰণে নিৰ্মাণ কৰিব পাৰিব । আগৰৱালাই প্ৰায় এটা দশক পূৰ্বে টুইটাৰত যোগদান কৰিছিল । ২০১৭ চনৰ অক্টোবৰ মাহত তেওঁক কোম্পানীটোৰ মুখ্য প্ৰযুক্তি বিষয়া হিচাপে নিয়োগ কৰা হৈছিল ।

4 views0 comments