দুমাহতে সম্পূৰ্ণ বিচাৰ : কন্যাক ধৰ্ষণকাৰী নৰাধম পিতৃক মৃত্যুদণ্ড আদালতৰ




নিজ কন্যাক বলাৎকাৰ কৰা পাষণ্ড পিতৃক সমুচিত দণ্ড বিহিলে আদালতে। ফাঁচিৰ হুকুম দিলে। ঐতিহাসিক ৰায়দানৰ খবৰটো আহিছে উত্তৰপ্ৰদেশৰ পৰা। বাহৰেইছ সত্ৰ আদালতে পক্সোৰ অধীনত পাষাণ পিতৃজনক ফাঁচি অৰ্থাৎ মৃত্যুদণ্ড বিহা হয়।




উল্লেখ্য যে যোৱা ২৫ আগষ্টত নৰাধমটোৰ পত্নীয়ে ছুজৌলী থানাত এখন এজাহাৰ দাখিল কৰিছিল। এজাহাৰ পঢ়ি আৰক্ষীৰ চকু থৰ হৈ যায়। এজাহাৰত মহিলাগৰাকীয়ে নিজ স্বামীৰ বিৰুদ্ধে এটা ঘৃণনীয় অভিযোগ কৰে। নৰাধমটোৱে নিজ নাবালিকা কন্যাক দুবছৰ ধৰি ধৰ্ষণ কৰি আহিছে। সমাজক দেখুৱাবলৈ কন্যাৰ বিবাহো পাতি দিয়ে। কিন্তু অকল্পনীয় বৰ্বৰ তথা মানুহৰ নামত কলংকটোৱে বিবাহৰ পিছতে কন্যাক ঘৰলৈ ওভতাই আনে আৰু ধৰ্ষণকাৰ্য চলাই থাকে। অভিযোগ পাই আৰক্ষীয়ে লম্পটটোক গ্ৰেপ্তাৰ কৰি তদন্তৰ জৰিয়তে অভিযোগনামা প্ৰস্তুত কৰি ফাষ্টট্ৰেক আদালতত দাখিল কৰে।আদালতে দুমাহতে বিচাৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰি নৰাধমটোক মৃত্যুদণ্ড বিহে। গোচৰটোত নৰাধমটোৰ পুত্ৰৰ সাক্ষীয়ে মৃত্যুদণ্ডৰ হুকুম প্ৰদানত গুৰুত্বপূৰ্ণ ভূমিকা লয়।

9 views0 comments