নগাঁৱতো হেলমেট নিপিন্ধা দুচকীয়া বাহনৰ আৰোহীক জৰিমনা আৰক্ষীৰ




অকল গুৱাহাটীতেই নহয়, হেলমেট নিপিন্ধা দুচকীয়া বাহনৰ আৰোহীৰ বিৰুদ্ধে কঠোৰ হৈছে নগাঁও আৰক্ষীও। পুৱা ৬ বজাৰ পৰাই নগাঁৱৰ বিভিন্ন অংশত হেলমেট নিপিন্ধা দুচকীয়া বাহনৰ আৰোহীৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান চলায়। আৰক্ষীৰ অভিযানত হেলমেট নিপিন্ধাকৈ দুচকীয়া বাহন চলোৱা বহু লোক জৰিমনাৰ সন্মুখীন হয়। বাহনত উঠা দুয়োজন লোকৰ এজনে হেলমেট নিপিন্ধাকৈ থাকিলেও আৰক্ষীয়ে ৰেহাই দিয়া নাই। জৰিমনা বিহিছে।



অৱশ্যে শিক্ষাৰ্থীক সতৰ্ক কৰি ৰেহাই দিয়া পৰিলক্ষিত হৈছে। উল্লেখ্য যে আজিৰে পৰা দুচকীয়া বাহনত হেলমেট পিন্ধাটো বাধ্যতামূলক কৰা হৈছে। বাহনত যদি দুজন ব্যক্তি উঠে দুয়োজনে পিন্ধিব লাগিব হেলমেট। নহ'লে ভৰিব লাগিব এহেজাৰ টকা জৰিমনা।

4 views0 comments