চাকিৰ জুইৰ পৰা খাণ্ডৱদাহ : বৰপেটাত দুটা পৰিয়ালৰ গৃহ ভস্মীভূত



থাপনাৰ চাকিৰ পৰা খাণ্ডৱদাহ! বুধবাৰে তেনে এটা ঘটনাই ঘটিল সত্ৰনগৰী বৰপেটাত। চহৰখনৰ মেটুৱাকুছিৰ শান্তিনগৰত সোণ বৈশ্যৰ ঘৰত থকা থাপনাত জ্বলি থকা চাকিৰ পৰা অগ্নিকাণ্ডটোৰ সূত্ৰপাত হয় আৰু দুটা ঘৰ জাহ যায়।



জানিব পৰা মতে, জ্বলি থকা চাকিটো পৰি যোৱাত লগা জুয়ে ঘৰত থকা ৰন্ধন গেছ চিলিণ্ডাৰকো সামৰি লয়। দুটাকৈ চিলিণ্ডাৰ বিস্ফোৰণ ঘটে আৰু জুয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰে ৷ জুইৰ লেলিহান শিখা ধনন দাস নামৰ আন এজন লোকৰ ঘৰলৈও সম্প্ৰসাৰিত হয়৷ সোণ বৈশ্যৰ ঘৰটোৰ লগতে ধনন দাসৰ ঘৰো সম্পূৰ্ণৰূপে ভস্মীভূত হয়৷


ঘটনাৰ বাতৰি পাই অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হৈ জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় যদিও অগ্নিকাণ্ডটোৰ ফলত পৰিয়াল দুটাৰ ঘৰ বাৰীসহ কেইবালাখ টকাৰ সা-সম্পত্তি ভস্মীভূত হয়।

8 views0 comments