নগাঁৱত ১৩৪ ম'বাইল ফোনসহ গ্ৰেপ্তাৰ ঝাৰখণ্ডৰ দুই চিলনী চোৰ



অপৰাধমুক্ত নগাঁৱৰ দিশে আৰু এটা বলিষ্ঠ খোজ পেলালে আৰক্ষীয়ে। চহৰখনৰ হয়বৰগাঁৱত শনিবাৰে পুৱা অভিযান চলাই নগাঁও আৰক্ষীয়ে ঝাৰখণ্ডৰ দুটা গভাইত চিলনী চোৰক ১৩৪টা চুৰি ম'বাইল ফোনসহ গ্ৰেপ্তাৰ কৰে। অভিযানৰ সময়ত চোৰ দুটাই দুই লাখ টকা উৎকোচ যাচি আৰক্ষীক মেনেজ কৰিবলৈ অপচেষ্টা চলাইছিল। কিন্তু আৰক্ষীয়ে উৎকোচ গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰে।


জানিব পৰা মতে, নগাঁৱৰ হয়বৰগাঁও হাইস্কুলৰ ওচৰত এটা ভাৰাঘৰত হয়বৰগাঁও আৰক্ষীয়ে অভিযানটো চলায়। তাত বাহৰ পাতি চোৰ দুটাই দীৰ্ঘদিন ধৰি চলাই গৈছিল ৰাজপথত লোকৰ পৰা ম'বাইল ফোন থপিয়াই নিয়াৰ দুস্কাৰ্য। ঝাৰখণ্ডৰ চোৰ দুটাৰ নাম নুনিয়া আৰু ছনু কুমাৰ নুনিয়া ৷ চোৰ দুটাই এই কাৰ্যত দুটা কিশোৰকো ব্যৱহাৰ কৰিছিল।


হয়বৰগাঁও আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া তৰংগ পাটোৱাৰীৰ নেতৃত্বত চলা অভিযানটোক নগাঁৱৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই প্ৰশংসা কৰিছে। লগতে হয়বৰগাঁও আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া তৰংগ পাটোৱাৰীকো প্ৰসংসাৰে ওপচাই দিয়ে আৰক্ষী অধীক্ষক মিশ্ৰ। ইফালে, দুই চোৰক কৰায়ত্ত কৰোঁতে এটা চোৰে আৰক্ষীক দুই লাখ টকা উৎকোচ যাচিছিল। কিন্তু আৰক্ষীয়ে উৎকোচ নলৈ কৰ্তব্য পালন কৰে।

13 views0 comments