নগাঁৱত নিশা বাইকত ট্ৰাকৰ প্ৰচণ্ড খুন্দা, দুজনৰ থিতাতে মৃত্যু




নগাঁৱৰ উৰিয়াগাঁও বাইপাছৰ সমীপৰ উৰিয়াগাঁৱত যোৱানিশা প্ৰায় ১০.৩০ বজাত ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত এটা শোকাৱহ দুৰ্ঘটনাত দুজন যুৱকৰ থিতাতে মৃত্যু হয়। যুৱক দুজনক ৰিংকু মেধি (৩৪) আৰু ভুপেন দাস(৩৪) বুলি চিনাক্ত কৰা হয়। দুয়োৰে ঘৰ নগাঁও জিলাৰ হাতীচোং মেধিচুকত।


জানিব পৰা মতে এ এছ-০১ এম বি- ৯০৮৪ নম্বৰৰ বাইকেৰে বঢ়মপুৰৰ পৰা নগাঁও দিশে আহি থকা অৱস্থাত এ এছ-০১ জি চি-৬৭৯৫ নম্বৰৰ দহচকীয়া ট্ৰাকখন বাইকখনত খুন্দা মাৰে। ঘটনাটোত বাইকখন আৰোহী যুৱক দুজনৰ থিতাতে মৃত্যু হয়।


ঘটনাৰ খবৰ লাভ কৰি নগাঁৱৰ যান-বাহন আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হৈ যুৱক দুজনৰ মৃতদেহ উদ্ধাৰ কৰি মৰোণোত্তৰ পৰীক্ষাৰ বাবে নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।লগতে ট্ৰাকখন জব্দ কৰে। অৱশ্যে চালকজনক ধৰিব নোৱাৰিলে। পলাই যাবলৈ সক্ষম হয়। আজি মৰণোত্তৰ পৰীক্ষাৰ অন্তত দুয়োজন যুৱকৰ মৃতদেহ পৰিয়ালৰ লোকক চমজাই দিয়া হয়।

1 view0 comments