গছত বাহনৰ খুন্দা : গোলাঘাটত দুই বৰযাত্ৰীৰ মৃত্যু




গোলাঘাট জিলাৰ ঢেকিয়ালত সোমবাৰে নিশা সংঘটিত এটা শোকাৱহ পথ দুৰ্ঘটনাত দুজন বৰযাত্ৰীৰ থিতাতে মৃত্যু হয়। বৰযাত্ৰীৰ দলটো জাঁজীৰ কইনাগৃহৰ গোলাঘাটলৈ ওভতাৰ পথত দুৰ্ঘটনাটো সংঘটিত হয়।জানিব পৰা মতে, পুৱতিনিশা AS-01 EA-9060 নম্বৰৰ বাহনখনে পথৰ কাষৰ এজোপা গছত নিয়ন্ত্ৰণ হেৰুৱাই খুন্দা মৰাৰ ফলত শোকাৱহ দুৰ্ঘটনাটো সংঘটিত হয়। ঘটনাত বিপুল শৰ্মা আৰু মহেন্দ্ৰ কলিতা নামৰ দুজনৰ মৃত্যু হয়। অভিজিত সাহা, মুনিন্দ্ৰ দাস আৰু দিগন্ত বৰুৱা আহত হয়।

1 view0 comments