গুৱাহাটী-তাম্বুৰাম এক্সপ্ৰেছত আটক দুই নাৰী সৰবৰাহকাৰী, উদ্ধাৰ ২ যুৱতী




কেৰালাত চাকৰি দিয়াৰ প্ৰলোভন দি অসমৰ পৰা দুগৰাকী যুৱতীক বহিঃৰাজ্যলৈ সৰবৰাহ কৰাৰ চক্ৰান্ত এটা ব্যৰ্থ কৰিলে ৰে'ল আৰক্ষীয়ে। নলবাৰী ষ্টেচনত আৰপিএফে এখন এক্সপ্ৰেছ ৰে'লত অভিযান চলাই যুৱতী দুগৰাকীক উদ্ধাৰ কৰে। লগতে আটক কৰে দুটা নাৰী সৰবৰাহকাৰী। উদ্ধাৰ হোৱা যুৱতীদ্বয়ৰ ঘৰ দৰং জিলাৰ দলগাঁৱত। আনহাতে, ধৃত সৰবৰাহকাৰী দুজন ঝাৰখণ্ডৰ পুপাকুৰৰ আছগৰ আনচাৰী আৰু দৰং জিলাৰ বেচিমাৰীৰ চুফিয়া আনচাৰী।


ধৃত সৰবৰাহকাৰী দুটাই যুৱতী দুগৰাকীক কেৰালাৰ কোম্পানী এটাত কাম দিয়াৰ প্ৰলোভন দি গুৱাহাটী-তাম্বুৰাম এক্সপ্ৰেছযোগে অসমৰ পৰা বাহিৰলৈ নিয়াৰ পৰিকল্পনা কৰিছিল। আৰপিএফে অভিযান চলাই দুয়োকে উদ্ধাৰ কৰে। পিছত আটাইকেইজনকে ৰঙিয়াৰ জিআৰপি থানাত চমজাই দিয়া হয়।

6 views0 comments