
ভাৰতীয় শিক্ষাৰ্থীক মানৱ ঢাল হিচাপে ব্যৱহাৰ ইউক্ৰেইন সেনাৰ : ৰাছিয়া

ছাত্ৰীক মাৰপিট কৰা হৈছে। ট্রেইনত উঠিবলৈ গ'লে কান্ধত ধৰি টানি নমাই দিয়া হৈছে। কাৰণ জানিব বিচাৰিলে বন্দুক টোঁৱাইছে ইউক্রেইন সেনাৰ। কেতিয়াবা লাঠীৰে মাৰা হৈছে, কেতিয়াবা শূন্যলৈ গুলীচালনা কৰা হৈছে। তেন্তে ভাৰতীয় শিক্ষাৰ্থীসকল ইউক্রেইনত পণবন্দী হৈছে নেকি? বুধবাৰে এই দাবী কৰিছে ৰাছিয়ান সেনাৰ মুখপাত্র। অৱশ্যে ৰাছিয়ান সেনাৰ এই দাবীৰ সত্যতাক নস্যাৎ কৰিছে ভাৰতৰ বৈদেশিক মন্ত্ৰালয়ে। মন্ত্ৰালয়ৰ পৰা জনোৱা হৈছে, কোনো ভাৰতীয় শিক্ষাৰ্থী পণবন্দী হোৱাৰ খবৰ নাই। ইয়াৰ মাজতে আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুতিনৰ সৈতে ফোনত কথা পাতি যুদ্ধবিধ্বস্ত ইউক্ৰেইনত আবদ্ধ ভাৰতীয় শিক্ষাৰ্থীৰ নিৰাপদ উদ্ধাৰত সহযোগ বিচাৰে। পুতিনে ভাৰতীয় শিক্ষাৰ্থীক উদ্ধাৰত সহযোগিতাৰ আশ্বাস দিয়ে।
বুধবাৰে ৰাছিয়াৰ প্রতিৰক্ষা মন্ত্রালয়ে এটা বিবৃতিত কৈছিল, ইউক্রেনীয় সেনা খাৰকিভত ভাৰতীয় শিক্ষাৰ্থীক পণবন্দী কৰি ৰাখিছে। শিক্ষাৰ্থীসকলক ‘মানৱ বর্ম’ হিচাপে ব্যৱহাৰ কৰিব বিচাৰিছে ইউক্রেইন। বিবৃতিটোত জনোৱা হৈছে, ভাৰতীয় শিক্ষাৰ্থীৰ এটা দল খাৰকিভৰ পৰা ৰাছিয়াৰ সীমান্ত বেলগাৰোদলৈ যাব বিচাৰিছিল। কিন্তু তেওঁলোকক আহিবলৈ দিয়া হোৱা নাই। ভাৰতীয় শিক্ষাৰ্থীসকলক ইউক্রেইনৰ পশ্চিমেস্থিত পোলেণ্ড সীমান্তলৈ যাবলৈ কোৱা হৈছে। খাৰকিভৰ পৰা পোলেণ্ড সীমান্তলৈ ২০ ঘণ্টাৰ পথ। পথছোৱাৰ বিভিন্ন অঞ্চলত তীব্র সংঘৰ্ষ চলিছে। ৰাছিয়াৰ প্রতিৰক্ষা মন্ত্ৰালয়ৰ ধাৰণা, ভাৰতীয় শিক্ষাৰ্থীক অঞ্চলটোত ঢাল হিচাপে ব্যৱহাৰ কৰিব বিচাৰিছে ইউক্রেইনে।
ইফালে, ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ বিবৃতিটোৱে ইউক্ৰেইনত আবদ্ধ ভাৰতীয় শিক্ষাৰ্থীৰ লগতে ভাৰতত থকা অভিভাৱকৰ মাজত দুশ্চিন্তা আৰু আতংক বৃদ্ধি কৰিছে। এই প্ৰেক্ষাপটত আজি পুৱা বিবৃতি দি ভাৰতৰ বৈদেশিক মন্ত্রালয়ে। মন্ত্ৰালয়ৰ মুখপাত্র অৰিন্দম বাগচীয়ে টুইটাৰত কয়, “ভাৰতীয় শিক্ষাৰ্থীক পণবন্দী কৰাৰ বিষয়ে কোনো খবৰ এই মুহূৰ্তলৈক্ আমাৰ হাতত নাই। খাৰকিভসহ পশ্চিমাঞ্চলে আবদ্ধ হৈ থকা শিক্ষাৰ্থীক উলিয়াই অনাত বিশেষ ট্রেইনৰ ব্যৱস্থা কৰিবলৈ ইউক্রেইন প্রশাসনক আমি আৰ্জি দিছোঁ। শীঘ্ৰে ব্যৱস্থা হ'ব।”
জানিব পৰামতে অকল খাৰকিভতেই চাৰু হাজাৰ ভাৰতীয় শিক্ষাৰ্থী আবদ্ধ হৈ আছ্। তেওঁলোক সকলো মেডিকেল কলেজৰ শিক্ষাৰ্থী।
ইফালে ৰাছিয়াই জনাইছে, তেওঁলোকে ভাৰতীয় শিক্ষাৰ্থীক ৰাছিয়াৰ সীমান্তৰে ‘ছেফ পেছেজ’ দিবলৈ প্ৰস্তুত। মোদী-পুতিনৰ বৈঠকৰ পিছত বুধবাৰ নিশাই খাৰকিভৰ পৰা এদল ভাৰতীয় ছাত্ৰীক ৰাছিয়াৰ সীমান্তলৈ লৈ যোৱা হৈছে। ইয়াৰ পিছত ছাত্ৰক লৈ যোৱা হ'ব। ৰাছিয়াই আশ্বাস দিছে, সীমান্তলৈ যাবলৈ সক্ষম হোৱা ভাৰতীয় শিক্ষাৰ্থীক সেনাই বিমানেৰে হ'লেও ৰাছিয়ালৈ প্ৰেৰণ কৰিব।