ইউনিফৰ্ম চিভিল কোড : এইবাৰ হিমাচলত বিধেয়ক অনাৰ ইংগিত বিজেপিৰ






দেশজুৰি ইউনিফৰ্ম চিভিল কোড (অভিন্ন দেৱানী বিধি) প্ৰণয়নৰ দিশে এখোজ-দুখোজকৈ আগবাঢ়িছে বিজেপি। প্ৰথমে দলটোৱে নিজৰ শাসনত থকা ৰাজ্যকেইখনত ইয়াক প্ৰৱৰ্তন কৰাৰ লক্ষ্য কৰি লৈছে। ইয়াৰ পিছত সংসদত বিধেয়ক উত্থাপন কৰি সমগ্ৰ দেশখনত সকলো ধৰ্মৰ লোকৰ বাবে এখন আইনৰ দিহা কৰি বিবাহ, উত্তৰাধিকাৰ আদিত থকা বৈষম্যমূলক ব্যৱস্থা নাইকিয়া কৰিব। বিশেষকৈ ভাৰতৰ বুকুত এখন সুকীয়া ইছলামিক ৰাষ্ট্ৰৰ দৰে ব্যৱস্থা গঢ়ি তোলা মুছলিম পাৰ্ছনেল ল’ৰ ব’ৰ্ডৰ বৈষম্যমূলক ব্যৱস্থাক আঁতৰাই দেশখনত সকলোৰে বাবে এখন আইন প্ৰয়ণন কৰা হ’ব। এইটো বিজেপিৰ দীৰ্ঘদিনীয়া ৰাজনৈতিক প্ৰতিশ্ৰুতি। জম্মু-কাশ্মীৰৰ পৰা ৩৭০নং অনুচ্ছেদৰ প্ৰত্যাহাৰ, ৰাম মন্দিৰ নিৰ্মাণৰ পিছত এইটো গুৰত্বপূৰ্ণ নিৰ্বাচনী পূৰণ কৰিবলৈ বাকী আছে। এইবাৰ বিজেপিয়ে এইটোকো পূৰণ কৰি দেশবাসীক বহু বছৰ পূৰ্বে দিয়া নিৰ্বাচনী প্ৰতিশ্ৰুতিটো পূৰণ কৰিব। লগতে সলনি হৈ পৰিব দেশখনৰ আৰ্থ-সামাজিক পৰিৱেশ।

বিজেপিয়ে ইতিমধ্যে উত্তৰাখণ্ড বিধানসভাত ইউনিভাৰ্ছেল চিভিল কোড বিধেয়ক অনাৰ প্ৰ্স্তুতি আৰম্ভ কৰিছে। মধ্যপ্ৰদেশৰ বিজেপিক নেতৃত্বক ৰাজ্যখনৰ বিধানসভা অভিন্ন দেৱানী বিধিৰ বিধেয়ক আনিবলৈ গৃহমন্ত্ৰী অমিত শ্বাহে নিৰ্দেশ দিছে। একেই পথলৈ আগবাঢ়িছে যোগী আদিত্যনাথ। তেওঁ উত্তৰপ্ৰদেশ বিধেয়ক এখন আনিবলৈ ব্যৱস্থা গ্ৰহণ কৰা বুলি বাতৰি ওলাইছে। তিনিওখন ৰাজ্যৰ পিছত বিজেপিৰ দৃষ্টি নিক্ষেপ হৈছে হিমাচলত। ৰাজ্যখনৰ মুখ্যমন্ত্ৰী জয়ৰাম ঠাকুৰে বিধানসভাত অভিন্ন দেৱানী বিধিৰ বাবে বিধেয়ক আনিব পাৰে। মুখ্যমন্ত্ৰী ঠাকুৰে এই ইংগিত দিছে। তেওঁ কয় যে বিষয়টো পৰীক্ষা কৰি থকা হৈছে। সমাগত দিনত হিমাচলত ইউনিফৰ্ম চিভিল কোড প্ৰৱৰ্তন কৰা যায় নে নাই, সেইটো ভাবি থকা হৈছে। এইটো এটা খুব ভাল পদক্ষেপ হ’ব। অৱশ্যে চৰকাৰখন ইয়াৰ বাবে লৰালৰি কৰাৰ পক্ষত নাই।

উল্লেখ্য যে উত্তৰাখণ্ডত অভিন্ন দেৱানী বিধি প্ৰৱৰ্তনৰ ব্যৱস্থা কৰিবলে ইতিমধ্যে সমিতি এখন গঠন কৰা হৈছে। সদ্যসমাপ্ত বিধানসভা নি্ৰ্বাচনত দলটোৱে প্ৰদেশখনৰ জনসাধাৰণক অভিন্ন দেৱানী বিধি প্ৰৱৰ্তনৰ প্ৰতিশ্ৰুতি দিছিল। মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামিয়ে কৈছিল যে ক্ষমতালৈ আহিলে ৰাজ্যখনত অভিন্ন দেৱানী বিধি প্ৰণয়নৰ চেষ্টা চলোৱা হ’ব। প্রতিশ্রুতি অনুসৰি ক্ষমতালৈ উভতিয়েই মুখ্যমন্ত্ৰী ধামীয়ে অভিন্ন দেৱানী বিধি প্ৰণয়নৰ সপক্ষে উদ্যোগ গ্ৰহণ কৰিছে। ৰাজ্য এখনে এইদৰে অভিন্ন দেৱানী বিধি প্ৰণয়ন কৰিব পাৰে নেআি, সেইটো আইনঞ্জৰ জৰিয়তে চৰকাৰখনে পৰীক্ষা কৰিবলৈ আৰম্ভ ৰিছে। আইনজীৱীৰ পৰা পৰামৰ্শ ল’বলৈ আৰম্ভ কৰিছে। বিজেপিশাসিত উত্তৰপ্ৰদেশ চৰকাৰেও একেি পথ অনুসৰণ কৰাৰ ইংগিত দিছে। এই ইংগিত দিছে ৰাজ্যখনৰ উপ-মুখ্যমন্ত্ৰী কেশৱপ্রসাদ মৌর্যই। তেওঁ কয় যে প্ৰতিজন ব্যক্তিয়ে অভিন্ন দেৱানীবিধি বিচৰা উচিত আৰু এই প্ৰচেষ্টাক সমৰ্থন কৰা। উত্তৰপ্ৰদেশ চৰকাৰ সেই দিশে আগবাঢ়িছে।

উল্লেখ্য যে এখন ৰাষ্ট্ৰত দুজন প্ৰধান, দুখন পতাকা আৰু দুখন সংবিধান থাকিব নোৱাৰে বুলি শ্যামাপ্ৰসাদ মুখাৰ্জীৰ নীতিটোক বিজেপিয়ে অন্তঃকৰণেৰে মানি চলে। ২০১৪ চনত ক্ষমতালৈ অহাৰ পিছৰে পৰা এক দেশ, এক আইনৰ সপক্ষে ওকালতি কৰি আহিছে প্রধানমন্ত্রী নৰেন্দ্র মোদী নেতৃত্বাধীন চৰকৰাখনে। তাৰেই প্ৰতিফলন ঘটিছে অভিন্ন দেৱানী বিধি প্ৰণয়নত বিজেপিশাসিত ৰাজ্যকেইখনৰ শেহতীয়া প্ৰস্তুতিত।

এইখিনিতে উল্লেখ কৰিব পাৰি যে চলিত বৰ্ষৰ শেষৰ পিনে গুজৰাটৰ সৈতে উত্তৰাখণ্ড বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হ’ব। পঞ্জাবত অভিলেখ গঢ়ি সাফল্য অৰ্জন কৰি বিধানসভা দখল কৰা আপে হিমাচলত ভাল ফল লাভৰ বাবে ইতিমধ্যে কঁকালত টঙালি বান্ধিছে। অৱশ্যে বিজেপিৰ শক্তিশালী অৱস্থান থকা ৰাজ্যত আপৰ সাফল্য তেনেই সামান্য। ৰাজ্যখনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে যদি বিজেপিয়ে অভিন্ন দেৱানীবিধিৰ সপক্ষে কুচকাৱাজ চলায়, আপৰ লগতে শ’লঠেকত পৰিব পাৰে কংগ্ৰেছ। মুখ্যমন্ত্রী জয়ৰাম ঠাকুৰৰ দাবী, ”হিমাচল প্রদেশ শান্ত ৰাজ্য। আম আদমি পার্টীৰ ৰাজনীতিৰ ধৰণ এইখন ৰাজ্যত নচলিব। তদুপৰি হিমাচলে কেতিয়াও তৃতীয় সক্তিক সুযোগ দিয়া নাই।”

1 view0 comments