ইউক্ৰেনত গেৰিলা যুদ্ধৰ পৰিকল্পনা আমেৰিকা-ইউৰোপৰ




ইউক্রেইনত ৰাছিয়াৰ বিৰুদ্ধে গেৰিলা যুদ্ধ এখনৰ পাতনি মেলাৰ দিশে অগ্ৰসৰ হৈছে আমেৰিকাসহ পশ্চিমীয়া ৰাষ্ট্ৰসমূহ। বিশেষকৈ আমেৰিকাৰ সমৰবিদ একাংশৰ মতে, ইউক্ৰেইনত ৰাছিয়াৰ আগ্ৰাসন দীৰ্ঘদিনীয়া হ’ব। ইয়াক ইউক্ৰেইনে সামৰিক শক্তিৰে প্ৰতিহত কৰিব নোৱাৰে। তাৰ বিপৰীতে গেৰিলা যুদ্ধৰ জৰিয়তে আফগানিস্তানত যিদৰে ৰাছিয়াক শ’লঠেকত পেলোৱা হৈছিল, অনুৰূপ কৌশল হাতত লৈ ইউক্ৰেইনৰ পৰা ৰাছিয়াৰ সেনাক খেদি পঠিওৱাৰ কৌশলটোক ুত্তম হিচাপে গণ্য কৰা হৈছে। ইয়াৰ বাবে আমেৰিকাসহ পশ্চিমীয়া দেশসমূহে পোলেণ্ডত ইউক্ৰেইনৰ নিৰ্বাসিত চৰকাৰ এখন গঠন কৰাৰ লগতে ইউক্ৰেইনৰ জনসাধাৰণৰ হাতত অস্ত্ৰ তুলি দি তেওঁলোকক গেৰিলা সমৰৰ বাবে প্ৰশিক্ষণ দিয়াৰ প্ৰস্তুতি চলিছে। আমেৰিকা আৰু সহযোগী ৰাষ্ট্ৰৰ এই ৰণকৌশলে দুটা কথা নিশ্চিত কৰিছে যে ইউক্ৰেইনত জেলেনস্কী চৰকাৰৰ পতনৰ বেচি দিন নাই। ৰাছিয়াই ইউক্ৰেইনৰ বিশাল অংশ এটা নিজৰ নিয়ন্ত্ৰণলৈ আনিব আৰু দেশখনক বিভাজিত কৰি দুৰ্বল কৰি তুলিব। লগতে পশ্চিমীয়া দেশ নিশ্চিত হৈছে যে ইউক্ৰেইনৰ জনসাধাৰণ নিজৰ দেশৰ স্বাধীনতাৰ বাবে মৰণপণ যুঁজ দিবলৈ সাজু। সেয়ে ৰাছিয়াৰ বিৰুদ্ধে যুঁজত পৰাজিত হ’লেও ৰাষ্ট্ৰপতি জেলেনস্কীয়ে ইউক্ৰেইনৰ জনসাধাৰণৰ মনত লাভ কৰা বীৰৰ স্থানক সদ্ভ্যৱহাৰ কৰা উচিত। মুঠতে ইউক্ৰেইনত চলি থকা যুদ্ধখন দীৰ্ঘম্যাদী কৰাৰ পৰিকল্পনা ৰচনা কৰি হৈচে ৱাশ্বিংটনত। ইয়াত সহযোগী হিচাপে থাকিব ব্ৰিটেইনকে ধৰি ইউৰোপ আৰু নাটোৰ একাংশ দেশ।

দেওবাৰে আমেৰিকাৰ অগ্ৰণী সংবাদপত্ৰ ৱাশ্বিংটন পোষ্টত এই সন্দৰ্ভত এটা বাতৰি প্ৰকাশিত হৈছে। তাত কোৱা হৈছে যে যুদ্ধখন মাত্ৰ দ্বিতীয় সপ্তাহত ভৰি দিছে। যুক্তৰাষ্ট্ৰ আৰু ইউৰোপৰ মিত্ৰশক্তিয়ে অনুমাান কৰিছে- ৰাছিয়াই প্ৰাথমিক ক্ষয়-ক্ষতি চম্ভালি লৈ ইউক্ৰেইনক দীৰ্ঘদিনৰ বাবে ৰক্তক্ষয়ী যুদ্ধলৈ ঠেলি দিয়াৰ ব্যৱস্থা কৰিছে।

সংবাদপত্ৰখনত আৰু কোৱা হৈছে যে পশ্চিমৰ দেশসমূহে য়ে ইউক্ৰেইনক যুদ্ধত সহায় কৰিব, সেইটো ক্ৰমণঃ স্পষ্ট হৈছে। এই বিষয়ে দেশসমূহৰ কোনো ৰাষ্ট্ৰপ্ৰধানে আনুষ্ঠানিকভাৱে একো নক’লেও ইউক্ৰেইনৰ মিত্ৰৰাষ্ট্ৰসকলে এখন নিৰ্বাসিত চৰকাৰ গঠনৰ পৰিকল্পনা কৰিছে। চৰকাৰখনে ৰাছিয়াৰ বিৰুদ্ধে গেৰিলা যুদ্ধ পৰিচালনা কৰিছে।

সংবাদপত্ৰখনত নাম প্রকাশত অনিচ্ছুক আমেৰিকা আৰু ইউৰোপীয় ৰাষ্ট্ৰৰ সূত্ৰৰ উদ্ধৃতি দি কোৱা হৈছে, যুক্তৰাষ্ট্রই ইতিমধ্যে ইউক্রেনীয় সেনাবাহিনীৰ বাবে অস্ত্র পঠিয়াইছে। এই ধাৰা অব্যাহত থাকিব।বাইডেন প্রশাসনে ইউক্রেইনৈ মানৱীয় আৰু সামৰিক সহায়ৰ বাবে ১০ বিলিয়ন ডলাৰ দিবলৈ মাৰ্কিনকংগ্ৰেছক কৈছেই।

যুক্তৰাষ্ট্র আৰু মিত্রসকলে ইউক্রেইনত জনযুদ্ধত সহায় কৰিলে দেশখন বর্তমান প্রেছিডেণ্ট ভলোডিমিৰ জেলেনস্কী হ’ব গুৰুত্বপূর্ণ চালিকাশক্তি। সমান্তৰালকৈ, শক্তিশালী প্রতিৱেশীৰ বিৰুদ্ধে যুদ্ধ চলাই যাবলৈ ইউক্রেইনৰ জনগৰর মনোবলক উচ্চ কৰি ৰাখিব লাগিব।

বাতৰিকাকতখনত লগত কোৱা হৈছে যে ৰুছ সেনাৰ সম্ভাৱ্ভ কিয়েভ দখলৰ কথা মনত ৰাখিয়েই মার্কিন বৈদেশিক মন্ত্রালয়, পেণ্টাগন আৰু অন্যান্য সংস্থাসমূহে এনে 'আকস্মিক পৰিকল্পনা' প্ৰস্তুত কৰিছে। তেওঁলোকে ভাবে যে জেলেনস্কীয়ে কিয়েভ বা ইউক্রেইন ত্যাগ কৰা উচিত।

নাম প্রকাশ ননকৰাৰ চৰ্তত এজন মার্কিন কর্মকর্তাই বাতৰিকাকতখনত কৈছে, 'আমি সকলো সম্ভাৱনাক লৈ কাম কৰি আছোঁ। ইয়াৰ ভিতৰত আছে পোলেণ্ডত জেলেনস্কীৰ নিৰ্বাসিত চৰকাৰ গঠন।'

উল্লেখ্য যে জেলেনস্কীয়ে ইতিমধ্যে জনািছে যে তেওঁ ৰাছিয়াৰ 'নাম্বাৰ ৱান টার্গেট'। তথাপিও তেওঁ কিয়েভতে আছে আৰু কৈছে যে তেওঁ কিয়েভ এৰি নাযায়। ইফালে, কিয়েভৰত তুলনাত পোলেণ্ডৰ সীমানাৱর্তী তথা তুলনামূলকভাৱে নিৰাপদ লিভিভ চহৰলৈ জেলেনস্কীক যাবলৈ পৰামৰ্শ দিছে আমেৰিকা যুক্তৰাষ্ট্ৰই। এই বিষয়ে দুয়োপক্ষৰ কথা-বাৰ্তা চলি আছে। লগতে আমেৰিকা আৰু মিত্ৰদেশসমূহে জেলেনস্কী আৰু তেওঁৰ মন্ত্রী পৰিষদৰ সদস্যসকলৰ নিৰাপত্তা আৰু তেওঁলোকক দ্রুত নিৰাপদ স্থানলৈ নিয়াৰ বাবে পৰিকল্পনা কৰা হৈছে। ইয়াৰ বিপৰীতে, ইউক্ৰেইনৰ এটা শীৰ্ষ সূত্ৰই জনোৱা মতে, জেলেনস্কীয়ে কিয়েভ ত্যাগৰ প্ৰস্তাৱক প্ৰত্যাখান কৰিছে।

জেলেনস্কীৰ উপদেষ্টা মিখাইলো পদোলিয়াকে ইউক্রেইনক লৈ 'আকস্মিক পৰিকল্পনা'ৰ বিস্তাৰিত তথ্য জনাবলৈ অস্বীকাৰ কৰি কৈছে, 'এটা কথাই ক’ব পাৰি, কিয়েভ দখলৰ বাবে ৰাছিয়া যি ধৰণৰ প্রস্তুতি লৈছে, তেনেদৰে কিয়েভ ৰক্ষাৰ্থে ইউক্রেইনেও প্রস্তুতি লৈছে।'

ৰাছিয়াৰ আগ্রাসনৰ বিৰুদ্ধে চলি থকা যুদ্ধখনক 'ইউক্রেনীয়ৰ যুদ্ধ' হিচাপে উল্লেখ কৰি তেওঁ লগতে কৈছে,, 'আমি অৱশ্যেই যুদ্ধখন জয়ী হ’ম। ইয়াৰ আৰু কোনো বিকল্প নাই।'

ইউক্রেইনৰ বিৰোধী দল ইউৰোপিয়ান ছলিডাৰিটী পার্টীৰ সাংসদ ভলোডিমিৰ আৰেয়েভে সংবাদপত্ৰখনৰ আগত এইদৰে কয়, 'বহু আইনপ্রণেতা এতিয়াও কিয়েভতে আছে। যুদ্ধেৰ মাজতো সংসদ বহিছে।'

তেওঁ কয় 'আমি পলোৱাৰ পৰিকল্পনা কৰা নাই। আমি প্রতিৰোধৰ পৰিকল্পনা কৰিছোঁ। আমি চৰকাৰত নাই। কিন্তু, আমাৰ অস্ত্র আছে। আমি জনগণক লৈ আগ্রাসী শক্তিক সমুচিত উত্তৰ দিম।'

'এইটোৱেই আমাৰ পৰিকল্পনা,'- তেওঁ কয়।

ইফালে, সংবাদপত্ৰখনত প্ৰকাশিত প্ৰতিবেদনটো অনুসৰি, কিয়েভৰ পতন ঘটিলে ইউক্রেই চৰকাৰক কিদৰে সহায় কৰা হ’ব, তাক লৈ মার্কিন কূটনীতিকৰ দৰে ইউৰোপীয় কূটনীতিকসকলে প্রস্তুতি চলাইছে।

এজন শীর্ষ ইউৰোপীয় কূটনীতিকে কয়, জেলেনস্কীৰ চৰকাৰ ইউক্রেইনৰ পৰা বিতাড়িত হ’লেও তেওঁকেই যাতে ইউক্রেইনৰ বৈধ চৰকাৰ হিচাপে আন্তর্জাতিক স্বীকৃতি দিয়া হয়, তাৰেই অংশ হিচাপে বিগত সপ্তাহত ৰাষ্ট্ৰসংঘত ৰুছ আগ্রাসনক নিন্দা কৰি প্রস্তাৱ গৃহীত হয়। প্রস্তাৱৰ সপক্ষে ভোট পৰিছিল ১৪১টা।

3 views0 comments