আজিৰ পৰা আকৌ অসমত আৰম্ভ হৈছে মিছন মুডত ভেকচিন অভিযান




অসমত প্ৰতিজন লোককে কোৰোণাক প্ৰতিহত কৰিবলৈ ভেকচিন প্ৰদানৰ লক্ষ্যত উপনীত হ'বলৈ আজিৰে পৰা সমগ্ৰ ৰাজ্যত আজিৰ পৰা আৰম্ভ হৈছে বিশেষ ভেকচিন অভিযান। আগন্তুক ৫ ডিচেম্বৰৰ ভিতৰত যোগ্য সকলো লোককেই ভেকচিন প্ৰদান কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে অসম চৰকাৰে। ইতিমধ্যে অসমৰ ৩৩,৫০০ টা তকৈ ও অধিক ভোটকেন্দ্ৰ অধীনৰ থকা প্ৰতিটো পৰিয়ালৰ ঘৰলৈ গৈ শিক্ষক তথা স্বাস্থ্যকৰ্মী সকলে গাঁৱৰ উপযুক্ত লোকসকলে ভেকচিন লৈছে নে নাই সেয়া পৰীক্ষা কৰিছে । কোনোবা ভেকচিন নোলোৱা লোক থাকিলে তেওঁক ওচৰৰ ভোটকেন্দ্ৰতে ভেকচিন দিয়াৰ ব্যৱস্থা কৰিবলৈ ও পৰিকল্পনা হাতত লৈছে জিলা প্ৰশাসনৰ অধীনস্থ কৰ্মচাৰী তথা স্বাস্থ্য বিভাগে । উল্লেখ্য যে অসমত যাতে ১০০ শতাংশ লোকে কোৰোণা ভেকচিন লাভ কৰে সেয়া নিশ্চিত কৰিবলৈ সকলো প্ৰকাৰৰ চেষ্টা কৰিছে ড: হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে ।কিছুদিন পূৰ্ৱে মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই টুইটযোগে আজিৰে পৰা আৰম্ভ হ'বলগীয়া ভেকচিন অভিযানৰ কথা উল্লেখ কৰিছিল। নিজৰ টুইটাৰত তেও লিখিছিল যে সকলো লোকে যাতে ভেকচিন লয় সেয়া সুনিশ্চিত কৰিবলৈ মিছন মুডত ভেকচিন অভিযান চলাব লাগিব। একেসময়তে সকলো লোকে দ্বিতীয় পালি ভেকচিনো লয় তাৰ বাবে ব্যৱস্থা ল'বলৈ প্ৰতিখন জিলাৰ আৰক্ষী অধীক্ষক আৰু উপায়ুক্তসকলক নিৰ্দেশ দিছে মুখ্যমন্ত্ৰীয়ে।

6 views0 comments