শৰীৰত ভেকচিনসৃষ্ট প্ৰতিৰোধ ক্ষমতাকো ভেদ কৰে কৰোনাৰ নৱ অৱতাৰ অমিক্ৰনে



কৰোনাৰ সংক্ৰমণ আৰু মাৰক ক্ষমতা লাহে লাহে কমি অহাত সমগ্ৰ বিশ্বলৈ স্বাভাৱিক অৱস্থাও লাহে লাহে উভতি আহিবলৈ ধৰিছিল। চিকিৎসা বিজ্ঞানী, চৰকাৰ তথা জনসাধাৰণৰ মাজতো আত্মবিশ্বাস উভতিব ধৰিছিল। ইয়াৰ মাজতে দানৱৰ ৰূপত আবিৰ্ভাৱ ঘটিল ভাইৰাছটোৰ নতুন অৱতাৰ- বি.১.১.৫২৯ অথবা অমিক্ৰন। আবিৰ্ভাৱৰ প্ৰায় লগে লগে ই বিশ্ববাসীৰ বাবে আতংকৰ নতুন নাম হৈ পৰিছে। শ্বেয়াৰ বজাৰৰ পতন ঘটাইছে। নিউ য়ৰ্কৰ দৰে মহানগৰীক জৰুৰী অৱস্থালৈ ঠেলি দিছে। কিয় ইমানেই ভয়ংকৰ অমিক্ৰন?


কৰোনাৰ নতুন ৰূপটো প্ৰথমে বৎচোৱানাত পোৱা গৈছিল। ইয়াৰ পিছতে দক্ষিণ আফ্ৰিকা, হংকঙত ইয়াৰ সবল উপস্থিতি ধৰা পৰে। ভাইৰাছটোৰ নতুন ৰূপটোক লৈ উদ্বেগৰ যথেষ্ঠ কাৰণ আছে বুলি সংবাদমাধ্যমক জনালে এইএমছৰ এজন চিকিৎসকে। তেওঁ কয়, ভেকচিন গ্ৰহণৰ ফলত মানুহৰ শৰীৰত সৃষ্টি হোৱা ৰোগ প্ৰতিৰোধ ক্ষমতাকো ই ভেদ কৰিব পাৰে।




সংবাদ সংস্থা এএনআইৰে সাক্ষাৎকাৰত ডাঃ সঞ্জয় ৰায়ে কয় যে এইটো কৰোনাৰ নতুন ৰূপ। আমি ধৈৰ্য ধৰিব লাগিব আৰু পৰিস্থিতিৰ ওপৰত নজৰ ৰাখিব লাগিব। ৰূপটোৰ সংক্রমণ ক্ষমতা কিমান, সেইটো এতিয়াও জানিব পৰা হোৱা নাই। কিন্তু সম্ভাৱনা ব্যক্ত কৰা হৈছে যে ক'ভিড ভেকচিনে দেহত তৈয়াৰ কৰা ৰোগ প্ৰতিৰোধ ক্ষমতাক ৰূপটোৱে ভেদ কৰিব পাৰে। যদি এইটো সঁচা হয়, তেন্তে বিষয়টো ভীষণ উদ্বেগৰ।


বিশেষজ্ঞৰ মতে, অন্তত ৫০বাৰ জিনৰ বিন্যাস আৰু ৩২বাৰ স্পাইক প্র'টিনৰ চৰিত্র সলনি কৰি নতুন ৰূপটোৰ জন্ম হৈছে। অমিক্ৰন সমগ্ৰ বিশ্বত ত্রাসৰ সৃষ্টি কৰা ডেল্টা ৰূপটোতকৈ ভয়ংকৰ।

6 views0 comments