প্ৰথমে মুৰ্গী আহিছিল নে কণী? গৱেষণাই দিলে সমিধান




মুৰ্গী আগেয়ে আহিছিল নে কণী? যুগ যুগ ধৰি প্ৰশ্নটোৱে মানুহক আমনি কৰি আহিছে। ইয়াক লৈ তৰ্ক-বিতৰ্কৰো শেষ নাই। এটা অংশৰ দাবী মুৰ্গী প্ৰথমে আহিছিল। আনটো অংশই কয়- কণীহে প্ৰথম। ইয়াক লৈ গৱেষণাও চলি আহিছে। সমাধান কিন্তু কোনেও দিব পৰা নাছিল। শেহতীকায়ৈ এদল গৱেষকে ইয়াৰ সমাধান উলিয়াইছে। কণী নহয়, মুৰ্গীহে প্ৰথম। গৱেষকৰ দলটোৱে প্ৰমাণসহকাৰে ইয়াক প্ৰতিপন্ন কৰিছে।ব্রিটেইনৰ শেফিল্ড আৰু ৱাৰউইক বিশ্ববিদ্যালয়ৰ গৱেষকৰ দলটোৱে বিষয়টোক লৈ দীৰ্ঘ দিন ধৰি গৱেষণা কৰিছিল। সেই গৱেষণাতে তেওঁলোক সাঁথৰটো ভাঙিবলৈ সক্ষম হয়। গৱেষকসকলৰ দাবী, কণীৰ ভিতৰত থকা বগা অংশটোত অ’ভোক্লিডিন (ওচি-১৭) নামৰ এবিধ প্রোটিন থাকে। কণীৰ সৃষ্টিতে প্রোটিনটোৰ গুৰুত্বপূর্ণ ভূমিকা আছে। প্রোটিনবিধ মুৰ্গীৰ গর্ভাশয়ত পোৱা যায়। গৱেষকসকলক দাবী, ইয়াৰ পৰাই প্রমাণিত হয় যে প্রথমে মুৰ্গী আহিছে। তাৰ পিছত মুৰ্গীৰ গর্ভাশয়ত প্রোটিনবিধ প্ৰস্তুত হৈছে। সেই প্রোটিনৰ পৰাই কণীৰ সৃষ্টি।

মুৰ্গী প্ৰথমে আহিছে, এইটো বাৰু প্ৰমাণিত হ’ল। কিন্তু মুৰ্গী পৃথিৱীলৈ প্রথমে আহিল কিদৰে, সেইটো প্ৰশ্নৰ উত্তৰ কিন্তু গৱেষকসকলে দিব পৰা নাই।

24 views0 comments