ৱেব ৩.০’ : ২০২২ৰ পৰা প্ৰকৃতাৰ্থত গণতান্ত্ৰিক হ’ব ইণ্টাৰনেট, টেকনোলজীয়ে আনিব আমূল পৰিৱৰ্তন







কৰোনাকালত বিগত দুবছৰত জীৱন ভালেখিনি সলনি হ’ল। ঘৰবোৰ অফিচ হ’ল। ২০২২ চনত প্ৰযুক্তি ক্ষেত্ৰখনত এনে কিছুমানৰ বস্তুৰ বিপণন দেখিবলৈ পোৱা যাব, যিয়ে আমাৰ ভৱিষ্যতৰ পথ অধিক সহজ হৈ পৰিব। এইখিনিতে উল্লেখ কৰিব পাৰি যে আশীৰ দশকৰ পৰা আজিলৈকে ইণ্টাৰনেটে এটা দীঘল পৰিক্ৰমা অতিক্ৰম কৰিলে। আজিৰ পৰা ২০ বছৰ পূৰ্বে ইণ্টাৰনেট এখন জাননী ফলকৰ দৰে আছিল। তাত কেৱল তথ্যহে পোৱা গৈছিল।

তথ্যদাতাৰ সৈতে কথা পতাৰ কোনো উপায় নাছিল।এতিয়াৰ ইণ্টাৰনেট ‘ৱেব ২.০’ৰে সমৃদ্ধ। ইয়াত তথ্যও পোৱা যায় আৰু তথ্যদাতাৰ সৈতে কথাও পাতিব পাৰি। ইয়াত সময় অতিবাহিত কৰাটো এতিয়া আমোদজনক হৈ পৰিছে। কিন্তু ইণ্টাৰনেটৰ এই নতুন স্বৰপূটো যথেষ্ট পৰিমাণে গুগল, ফেচবুক (মেটা)ৰ দৰে কোম্পানীসমূহৰ নিয়ন্ত্ৰণত। আপোনাৰ আৰু মোৰ নিয়ন্ত্ৰণত নাই। ইণ্টাৰেনটত মজুত ডাটা এই নিৰ্দিষ্ট কেইটামান কোম্পানীৰ ছাৰ্ভাৰত আছে। আৰু ইণ্টাৰনেটত এটা নিয়ম আছে, যাৰ ডাটা, তেওঁৰেই দুনিয়া। কিন্তু ছবিখন সোনকালেই সলনি হ’ব। ২০২২ চনটো হ’ব ইয়াৰ যাত্ৰাৰম্ভৰ বছৰ।

ইণ্টাৰনেটৰ ভৱিষ্যৎ ‘ৱেব ৩.০’ৰ যাত্ৰা আৰম্ভ হৈ গৈছে। ইয়াক পৃথিৱীৰ বিকেন্দ্ৰীভূত-ৱেব বুলি কোৱা হয়। ব্লকচেইনৰ পৰা ক্ৰিপ্টোকাৰেন্সি পৰিচালিত হোৱা প্ৰযু্ক্তিটো ‘ৱেব ৩.০’ৰ ভেটি হ’ব। ব্লকচেইন প্ৰযুক্তিত তথ্য কোনো এজন ব্যৱহাৰকাৰীৰ কম্পিউটাৰ বা কোনো এটা কেম্পানীৰ ছাৰ্ভাৰত সীমাবদ্ধ হৈ নাথাকে। ইয়াৰ বিপৰীতে বিশ্বজুৰি থকা কোটি কোটি কম্পিউটাৰত অলপ অলপকৈ সংৰক্ষিত বা মজুত হৈ থাকে। ঠিক একেদৰে ‘ৱেব ৩.০’ত ডাটা কেইটামান নিৰ্দিষ্ট ছাৰ্ভাৰ বা কম্পিউটাৰত সীমিত হৈ নাথাকে। ই ইণ্টাৰনেটৰ সৈতে সংযুক্ত বিশ্বৰ প্ৰতিটো ডিভাইচৰ জৰিয়তে পৰাচিলাত হ’ব। ফলত স্বেচ্ছাচাৰিতাৰে ইণ্টাৰনেট চলাব বিচৰা বা চলাই থকা বৰ্তমানৰ কোম্পানীসমূহৰ একচ্ছত্ৰী ৰাজত্বৰ অৱসান ঘটিব। প্ৰতৃতাৰ্থত গণতান্ত্ৰিক হৈ পৰিব। ‘ৱেব ৩.০’ৰ আন এটা বৈশিষ্ট্য হৈছে- ইয়ে হেকৰ শংকা আৰু বিপদত প্ৰায় শূন্যলৈ লৈ যাব। কিয়নো হেকাৰ্ছক এটা সাধাৰণ ডাটা চুৰি কৰিবলৈ বিশ্বজুৰি এখন জালৰ দৰে থকা লাখ লাখ কম্পিউটাৰক একেলগে হেক কৰিব লাগিব।

২০২১ বৰ্ষটো শেষ হোৱালৈকে প্ৰযুক্তি ক্ষেত্ৰখনৰ সৈতে জড়িত লোকসকলে এটা নতুন শিকিলে-মেটা-ভাৰ্ছ। আমাৰ বহুজনৰ বাবে মেটা-ভাৰ্ছক বুজি পোৱাটো আশীৰ দশকৰ পূৰ্বৰ ইণ্টাৰনেটৰ দৰেই। ফেচবুক, মাইক্ৰ’ছফটৰ দৰে কোম্পানীয়ে মেটা-ভাৰ্ছক চিনেমাত আয়ৰনমেনৰ চমকপ্ৰদ চৰিত্ৰটোৰ কামৰ দৰে বুজিব বিচাৰে। ২০২২ আৰু অনাগত বছৰসমূহত মেটা-ভাৰ্ছ আমাৰ জীৱনৰ অন্যতম অংশ হৈ ৰ’ব।

গেমিঙৰ ক্ষেত্ৰখনত ইয়াৰ সবাতকৈ অধিক প্ৰভাৱ পৰিব। ইয়াত এতিয়া ভাৰ্চুৱেল, উদ্দীপিত বাস্তৱতা (augmented reality)ৰ দৰে প্ৰযুক্তিৰ প্ৰকৃতাৰ্থত প্ৰয়োগ কৰিব পৰা যাব। তদুপৰি অনলাইন শ্বপিঙৰ ক্ষেত্ৰখনতো মেটা-ভাৰ্ছ ছানি ধৰিব। অনলাইনৰ পদ্ধতিয়েই সলনি হৈ যাব। গ্ৰাহকে ইণ্টাৰনেটতে কাপোৰৰ ট্ৰায়েল ল’ব পাৰিব। সামগ্ৰী ক্ৰয় কৰাৰ পূৰ্বে ভাৰ্চুৱেলী তাক পৰশ কৰিব পাৰিব। লগতে মেটা-ভাৰ্ছত প্ৰশিক্ষম, নিযুক্তিৰ সাক্ষাৎকাৰ আদিত আমূল পৰিৱৰ্তন আনিব।

ক্ৰিপ্ট’কাৰেন্সি এতিয়া নতুন কথা হৈ থকা নাই। আজিৰ চাৰিখত ভৱিষ্যতৰ সম্পদ হিচাপে ইয়াত বিনিয়োগ কৰিবলৈ আৰম্ভ কৰিছে। ভাৰত ক্ৰিপ্ট’কাৰেন্সিত বিনিয়োগ আৰু বিনিয়োগৰ কথা শিকাবলৈ বহু এপভিত্তিক কোচিং চেণ্টাৰ মুকলি হৈছে। য’ৰ পৰা ম’বাইল ফোনৰ জৰিয়তে ক্ৰিপ্ট’কাৰেন্সি ক্ৰয়-বিক্ৰয় কৰিব পাৰি।

২০২২ চনত ক্ৰিপ্ট’কাৰেন্সিৰ ক্ষেত্ৰখনৰ বাবে এটা গুৰুত্বপূৰ্ণ বছৰ। এই বৰ্ষটোতে ভাৰত চৰকাৰে বিষয়টোক লৈ নিয়ম-কানুন প্ৰস্তুত কৰিব। বিগত বৰ্ষটোতো কেন্দ্ৰীয় চৰকাৰে ক্ৰিপ্ট’কাৰেন্সিক লৈ বহু অধিনিয়ম প্ৰস্তুত কৰিছে। নিয়মৰ আচল সময় ২০২২ত আহিব। অনুমান হয়, ভাৰত চৰকাৰে ক্ৰিপ্ট’কাৰেন্সিক সম্পূৰ্ণৰূপে অস্বীকাৰ কৰিব নোৱাৰে। সেয়ে ইয়াক মান্য়তা প্ৰদানৰ পূৰ্বে চৰকাৰে নিয়ন-কানুনৰ শৃংখল এটা তৈয়াৰ কৰাত নামি পৰিছে।

5 views0 comments