Wel done! গোৱালপাৰাত বোকাত আবদ্ধ ৫টা বন্যহস্তীক নতুন জীৱন দিলে বন বিভাগে

Updated: Dec 3, 2021






বন বিভাগৰ তৎপৰতাত গোৱালপাৰা লক্ষীপুৰত নিশ্চিত মৃত্যুৰ পৰা ৰক্ষা পৰিল ৫টা বন্যহস্তী। হাতীকেইটা এটা খাৱৈৰ বোকাত বুধবাৰে নিশা ১২মান বজাৰ আবদ্ধ হৈ আছিল। সেই সময়ৰে পৰা হাতীকেইটাই নিজকে বোকাৰ পৰা ওলাই আহিবলৈ আপ্ৰাণ চেষ্টা চলাইছিল। কিন্তু সফল হ'ব পৰা নাছিল। হাতীকেইটাৰ মৰণকাতৰ চিঞৰত বেদনাহত হৈ পৰে অঞ্চলবাসী। সেইদৰে ১০ ঘণ্টা বোকাত আবদ্ধ হৈ থকা হাতীকেইটাক নতুন জীৱন দিয়ে বন বিভাগে।




বন্যহস্তীকেইটা খাদ্যৰ সন্ধানত বান্দৰমাথা, কুৰ্শাপাকৰি অঞ্চলৰ পৰা চৈবাৰী অঞ্চলত প্ৰৱেশ কৰিছিল। এটা বৃহৎ হাতীৰ জাকৰ সৈতে অহা পোৱালিসহ হাতী ৫টা লক্ষীপুৰৰ চৈবাৰীৰ এটা দ' খাৱৈৰ বোকাত আবদ্ধ হৈ পৰে। খবৰ পাই লক্ষীপুৰ আঞ্চলিক বন বিভাগৰ দলে পুৱাৰে পৰা হাতীকেইটাক উদ্ধাৰৰ চেষ্টা চলায়। বন বিভাগৰ দলে এক্সকেভেটৰেৰে খাৱৈটোৰ পাৰ খান্দি খান্দি হাতীকেইটাক পাৰলৈ উঠি অহাৰ সুবিধা কৰি দিয়ে। পুৱা ১০মান বজাত এটা এটাকৈ হাতী পাৰলৈ উঠি আহে। বনকৰ্মীয়ে হাতীকেইটাক বনাঞ্চললৈ খেদি পঠিয়ায়। বন বিষয়াই সংবাদমাধ্যমৰ আগত জনোৱা মতে, হাতীকেইটা সুস্থ আৰু সবল অৱস্থাত আছে।

6 views0 comments