প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কি ফোন ব্যৱহাৰ কৰে?




প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে কি ম'বাইল ফোন ব্যৱহাৰ কৰে? অনেকজনৰ বাবে এইটো এটা পৰম কৌতুহলৰ বিষয়। অৱশ্যে প্ৰশ্নটো সোধাৰ লগে লগে আইফোন ব্যৱহাৰ কৰা বুলি উত্তৰ দিয়া লোকৰ সংখ্যাই হ'ব অধিক। কিয়নো ছেলফি তোলাৰ ভিন্ন সময়ত তেওঁৰ হাতত ভিন্ন আইফোন দেখা যায়। কিন্তু উত্তৰটো সত্য নহয়। তেন্তে কি?

প্ৰধানমন্ত্ৰী মোদীৰ হাতত ফোন দেখা গ'লেও তেওঁ কোনো ধৰণৰ আইফোন বা স্মাৰ্টফোন ব্যৱহাৰ নকৰে। আচলতে ব্যৱহাৰ কৰিব নোৱাৰে। কাৰণটো নিৰাপত্তাজনিত। ইয়াৰ অৰ্থ এইটোও নহয় যে তেওঁ ফোন ব্যৱহাৰ নকৰে। তেওঁ ব্যৱহাৰ কৰা ফোনটো বিশেষ ছফটৱেৰেৰে সমৃদ্ধ। প্ৰধানমন্ত্ৰী মোদীয়ে ছেটেলাইট বা ৰেষ্টিকটেড এৰিয়া একচেঞ্জ (আৰএএক্স) ফোন ব্যৱহাৰ কৰে। ফোনটো হেক বা ট্ৰেক কৰিব নোৱাৰি। ইয়াত সেনাই বাৰ্তা বিনিময়ৰ বাবে ব্যৱহাৰ কৰা তৰংগ ব্যৱহাৰ হয়। তদুপৰি এনটিআৰঅ' আৰু ডেইটী নামৰ নিৰাপত্তা সংস্থাই ফোনটোত সকলো সময়তে চোকা পৰ্যবেক্ষক চলাই থাকে। তদুপৰি প্ৰধানমন্ত্ৰীয়ে নিজ কাৰ্যালয়ৰ পৰা যিটো ছেটেলাইট ফোন ব্যৱহাৰ কৰে, সেইটো তিনি তৰপীয়া সুৰক্ষা বেষ্টনীৰ। আন যাৱতীয় যোগাযোগৰ বাবে তেওঁ প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ প্ৰধান সচিবৰ ফোন ব্যৱহাৰ কৰে।

12 views0 comments