কিমান বিকৃত ৰুচিৰ সেই দেশ : পাকিস্তানত হিন্দু কিশোৰক যৌন নিৰ্যাতন চলাই হত্যা





ধৰ্মৰ নামত উন্মাদ পাকিস্তানীৰ বিকৃত ৰুচি বিকৃত মানসিকতাৰ ঘৃণনীয় ছবি এখন উন্মোচিত হৈ দেশখনৰ সিন্ধ প্ৰদেশত।

এটা হিন্দু পৰিয়ালৰ ১১ বছৰীয়া কিশোৰ এজন মোল্লা-মৌলবীৰ দেশখনে যৌন নিৰ্যাতন চলাই হত্যা কৰে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আটক কৰা দুজন লোকৰ এজনে ঘটনাটো সংঘটিত কৰা বুলি স্বীকাৰ কৰিছে। বিকৃত ৰুচিৰ বাবে কিশোৰ অৰ্থাৎ ল'ৰাকো নেৰা সেই দেশখনৰে জিন্দাবাদ দিয়ে ভাৰতত বসবাস কৰা একাংশ মৌলবাদী চিন্তাধাৰাৰ লোকে।


ইফালে, নিহত কিশোৰজন শুকুৰবাৰৰ পৰা নিৰুদ্দেশ হৈ আছিল। শনিবাৰে মৃতদেহ উদ্ধাৰ হয়। কিশোৰজনৰ সম্পৰ্কীয় ৰাজকুমাৰে কয় যে তেওঁলোকে গুৰুনানক জয়ন্তীৰ কামত ব্যস্ত হৈ আছিল। কেতিয়া কিশোৰজন‌ নিৰুদ্দেশ হ'ল, গ’মেই নাপালে। শনিবাৰে এটা ঘৰত কিশোৰজনৰ মৃতদেহ উদ্ধাৰ হয়। আৰক্ষীৰ মতে, কিশোৰজন ‌যৌন নিৰ্যাতন চলাই ডিঙি চেপি হত্যা কৰা হৈছে।‌ ঘটনাৰ‌ লগত জড়িত দুজনক আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে আৰু এজনে দোষ স্বীকাৰ কৰিছে।‌

6 views0 comments