কি কাণ্ড! অষ্ট্ৰেলিয়াৰ কেংগেৰু পশ্চিমবংগত উদ্ধাৰ



সুদূৰ অষ্ট্ৰেলিয়াৰ প্ৰাকৃতিক আৱাসভূমিৰ পৰা হাজাৰ হাজাৰ কিলোমিটাৰ নিলগৰ পশ্চিমবংগৰ বনাঞ্চলত উদ্ধাৰ হৈছে কেংগেৰুৰ পোৱালি। অৱশ্যে এইটো নালাগে যে পশ্চিমবংগৰ প্ৰাকৃতিক পৰিৱেশত কেংগেৰুৰ বসবাসৰ উপযোগী হোৱাকৈ নাটকীয় পৰিৱৰ্তন ঘটিছে। সেয়া কোনো চোৰাং ব্যৱসায়ীৰ কাম বুলি সন্দেহ কৰা হৈছে। তথাপি প্ৰশ্ন এটা থাকি যায়, ইমান দূৰৈৰ পৰা কেংগেৰুৰ পোৱালি বংগ আহি পালে কেনেকৈ?

উল্লেখ্য 5পশ্চিমবংগৰ জলপাইগুৰি জিলাৰ বিভিন্ন ঠাইৰ পৰা কালি আৰু আজি এটা কেংগেৰু পোৱালিক মৃত অৱস্থাত আৰু তিনিটা কেংগেৰু পোৱালিক জীৱিত অৱস্থাত উদ্ধাৰ কৰা হয়। ঘটনাটোৱে ৰাজ্যখনৰ বন বিভাগক বিমোৰত পেলাইছে৷ আজি পুৱা শিলিগুৰি ফাৰাবাৰী অঞ্চলৰ নেপালীবস্তিত মৃত কেংগেৰু পোৱালিটো পোৱা হয়৷ আনহাতে, কালি নিশা জলপাইগুৰিৰ গাজলডোবা আৰু দাবগ্ৰাম-ফাৰাবাৰীৰ পৰা বাকীকেইটা কেংগেৰু পোৱালি উদ্ধাৰ হয়৷ কেংগেৰু পোৱালিকেইটা অষ্ট্ৰেলিয়া আৰু নিউগিনিৰ প্ৰাকৃতিক বাসস্থানৰ পৰা কেনেকৈ হাজাৰ হাজাৰ কিল’মিটাৰ দূৰৰ উত্তৰ বংগ পালেহি তাক লৈ বন বিষয়াসকল বিমোৰত পৰিছে৷


ইতিমধ্যে এই সন্দৰ্ভত এটা তদন্তৰ নিৰ্দেশ দিয়া হৈছে৷ বুলি বৈকুণ্ঠপুৰ বন সংমণ্ডলৰ ৰেঞ্জাৰ সঞ্চয় দত্তই কয়৷ উল্লেখযোগ্য যে যোৱা মাহতো পশ্চিম বংগ আৰু অসমৰ সীমাৰ আলিপুৰ দুৱাৰৰ বাৰোবিছাত এখন মালবাহী ট্ৰাকৰ পৰা এটা কেংগেৰু উদ্ধাৰ কৰা হৈছিল আৰু কেংগেৰুটোৰ অবৈধ সৰবৰাহৰ বাবে হায়দৰাবাদৰ দুজন লোকক গ্ৰেপ্তাৰ কৰা হৈছিল৷ ৰেঞ্জাৰ দত্তই কয়, ‘এই কেংগেৰুকেইটা কোনে আৰু কেনেকৈ বনাঞ্চললৈ আনিছিল আৰু কিয় আনিছিল সেইটো উলিয়াবলৈ আমি অনুসন্ধান আৰম্ভ কৰিছোঁ৷’


উল্লেখযোগ্য যে কালি নিশা টহল দিয়াৰ সময়ত বন কৰ্মীসকলে প্ৰথমতে গাজলডোবাত দুটা আৰু দাবগ্ৰামত এটা কেংগেৰু পোৱালি পায়৷ প্ৰথম দুটা পোৱালিৰ দেহত আঘাতৰ চিন আছিল৷ তাৰ পাছত আহত কেংগেৰু দুটাক চিকিৎসাৰ বাবে তৎক্ষণাৎ শিলিগুৰিৰ বেংগল ছাফাৰি পাৰ্কলৈ নিয়া হয়৷ প্ৰথমটো ঘটনাৰ কেইঘণ্টামানৰ পাছত দাবগ্ৰাম বনাঞ্চলত উদ্ধাৰ কৰা হয় আন এটা কেংগেৰু পোৱালি৷ দত্তই কয় যে বিষয়টোৰ তদন্তৰ বাবে এটা দল গঠন কৰা হৈছে৷

5 views0 comments