ভাৰতত থকা ৪০ মিলিয়ন ব্যৱহাৰকাৰীলৈ পে'মেণ্ট সেৱা আগবঢ়োৱাৰ অনুমোদন পাইছে হোৱাটছাপে





জনপ্ৰিয় মেছেজিং অপ হোৱাটছাপৰ পে'মেণ্ট সুবিধা 'হোৱাটছাপ পে'' অতি সোনকালে ভাৰতৰ ৪০ মিলিয়ন ব্যৱহাৰকাৰীৰ বাবে উপলব্ধ হব । ৰেওটাৰ্ছৰ প্ৰতিবেদনমতে, এপটোৱে NPCI-ৰ পৰা ইয়াৰ বাবে অনুমোদন লাভ কৰিছে । এই সুবিধা নিৰ্মাণ কৰা হৈছে UPI প্লেটফৰ্মৰ ওপৰত ভিত্তি কৰি । প্ৰতিবেদনটোৱে দেখুৱাইছে যে বৰ্তমান ভাৰতৰ ২০ মিলিয়ন ব্যৱহাৰকাৰীৰ বাবেহে এই সুবিধা উপলব্ধ আছে । অৱশ্যে ভাৰতৰ প্ৰায় ৫০০ মিলিয়ন লোকে ব্যৱহাৰ কৰি থকা এপটোৱে এই অনুমোদনক বেছি সুখী নহয় । মাত্ৰ ৪০ মিলিয়ন লোকৰ বাবে ব্যৱহাৰৰ অনুমোদন দিয়াটোৱে কোম্পানীটোৰ বিকাশক বাধাগ্ৰস্ত কৰিব বুলি এপটোৱে বিশ্বাস কৰে । উল্লেখযোগ্য যে এই অনুমোদন পাওঁতে কোম্পানীটোৰ ইতিমধ্যে কেইবাটাও বছৰ ব্যয় হৈছে আৰু এই অনুমোদন পোৱাৰ পিছতো কেতিয়াৰ পৰা বাকী ২০ মিলিয়ন ব্যৱহাৰকাৰীয়ে এই সুবিধা লাভ কৰিব সেয়া এতিয়াও স্পষ্ট হোৱা নাই । হোৱাটছাপৰ এই পে'মেণ্ট সেৱা আৰম্ভ কৰাৰ উদ্দেশ্য আছিল গুগল পে', পে'টিএম আৰু অন্য জনপ্ৰিয় পে'মেণ্ট সেৱাসমূহক চেৰ পেলোৱা কিন্তু কাৰ্যক্ষেত্ৰত সেয়া হৈ নুঠিল । সকলোতকৈ বেছি ব্যৱহাৰকাৰী থকা স্বত্বেও NPCI-ৰ কেপ এই সফলতাৰ পথত হেঙাৰ হৈ পৰিছে ।

2 views0 comments