২০২২ চনত কি কৰিব ? মোদী চৰকাৰৰ আঁচনিয়ে স্বাৱলম্বিতাৰ বাট দেখুৱাব পাৰে




লকডাউনকে ধৰি কৰোনা প্ৰতিৰোধৰ হেতু গ্ৰহণ কৰা বিভিন্ন কঠোৰ ব্যৱস্থাৰ সন্মুখত পৰি দেশৰ অৰ্থনীতি বিধ্বস্তপ্ৰায় হৈ পৰিছে। ২০২০ আৰু ২০২১ বৰ্ষ কৰোনাৰ বিৰুদ্ধে যুঁজ দিওঁতেই পাৰ হ’ল। ব্যৱসায়-বাণিজ্যৰ ক্ষেত্ৰখনত মাথোঁ সংকুচিত হৈ গৈ থাকিল। ২০২২ বৰ্ষটোও আৰম্ভণিৰ পৰাই অমাইক্ৰনৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে। কিন্তু এইদৰে বছৰৰ পিছত বছৰ যাবলৈ দিব নোৱাৰি। জটিল পৰিস্থিতিক প্ৰত্যাহ্বান হিচাপে লৈ আমি সকলোৱে আগুৱাই যাবই লৈগিব। যিসকলে নতুনকৈ উদ্যোগ-কাৰখানা, বেহা-বাণিজ্যৰে জীৱনটোক আগুৱাই নিব বিচাৰিছে, তেওঁলোকৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰখন আশীৰ্বাদ স্বৰূপ হৈ পৰিব পাৰে। কিন্তু বিষয় বাছনিত সতৰ্ক হ’ব লাগিব। অৰ্থাৎ কোনবোৰ বিষয়ত কেন্দ্ৰীয় চৰকাৰৰ সাহায্য তথা উদগনিমূলক ব্যৱস্থা আছে, সেইবোৰ জানি লৈ আগবাঢ়িলে জটিল দিনতো সাফল্য লাভৰ আশা কৰিব পাৰি। এইবোৰ ক্ষেত্ৰত অকল নৱাগতসকলৰ বাবেই নহয়, সকলোৰে বাবেই কেন্দ্ৰই বিভিন্ন সুবিধা আগঢ়াইছে। বিশেষকৈ পুঁজিৰ ক্ষেত্ৰত চৰকাৰে যথেষ্ট উদাৰতা দেখুৱাই থৈছে।

স্টার্ট-আপ বা ক্ষুদ্ৰ আৰু মধ্যম পৰ্যায়ৰ ব্যৱসায় কৰিব বিচৰা বা ব্যৱসায় কৰি থকাসকলৰ বাবে কেন্দ্ৰীয় চৰকাৰে বিভিন্ন প্ৰকল্প-আংচনিৰ জৰিয়তে সাহায্যৰ দিহা কৰিছে। তাৰে ভিতৰত ‘প্রধানমন্ত্রী মুদ্রা যোজনা’ (পিএমএমৱাই) অন্যতম। ২০১৫ চনৰ ৮ এপ্রিলত ইয়াৰ যাত্রাৰম্ভ হয়। মুদ্ৰা যোজনাৰ অধীনত চৰকাৰে ১০ লাখ টকাপৰ্যন্ত ঋণ দিয়ে।

অ-কর্প’ৰেট ক্ষেত্রৰ উদ্যোগপতি বা কৃষিক্ষেত্রৰ বাহিৰৰ ক্ষুদ্ৰ আৰু মধ্যম পৰ্যায়ৰ ক্ষেত্ৰত ষ্টাৰ্ট-আপ আৰু মেক ইন ইণ্ডিয়াৰ সুবিধাও আছে।


এতিয়া আলু-পিঁয়াজ, কবি, বিধে বিধে শাক আদিৰে বজাৰ উপচি পৰি আছে। শাক-পাচলিৰ বজাৰখনত ক্ৰেতাৰ অভাৱ নাই। কিন্তু উৎপাদনৰ ক্ষেত্ৰখনত লোকৰ অভাৱ। এনে ধৰণৰ কৃষিক উৎসাহিত কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ মূলধনীমূলক আঁচনি আছে। তাৰ সুবিধা গ্ৰহণ কৰিব পাৰে।


কৃষিৰ বাবে সাৰ অপৰিহাৰ্য। সাৰ সৰবৰাহৰ বাবে গোট বা সংস্থা খুলিব পাৰে। অৱশ্যে ইয়াৰ পূৰ্বে বীজ, সাৰ বিক্ৰীৰ অনুজ্ঞাপত্ৰ সংগ্ৰহ কৰিব লাগিব। তাৰ পিছত নিজৰ আশে-পাশে থকা গুণবিশিষ্ট বীজ সংগ্ৰহ কৰিবলৈ চেষ্টা চলাওক। প্ৰয়োজনসাপেক্ষে বিদেশৰ পৰাও বীজ আমদানি কৰিব পাৰে।

কৃষি বা ইয়াৰ সৈতে যুক্ত সামগ্ৰী সৰবৰাহৰ দৰে লাভজনক ক্ষেত্ৰ এটা হৈছে মাটিৰ গুণ-মান পৰীক্ষাৰ ব্যৱস্থা। এই পৰীক্ষাৰ বাবে পৰীক্ষাগাৰ স্থাপন কৰিব পাৰে। মাটিৰ গুণাগুণ পৰীক্ষা কৰি তাত কিমান পৰিমাণৰ আৰু কি সাৰ প্ৰয়োজন হ’ব, সেইটো নিৰ্ণয় কৰিব পাৰিব। লগতে কোনডোখনৰ ভূমিত কি খেতি লাভজনক হ’ব পাৰে, সেইটোও কৃষকক জনাব পাৰিব। পৰীক্ষাগাৰটো এটা লাভজনক ব্যৱসায়ত পৰিণত হ’ব পাৰে। ইয়াত কেন্দ্ৰীয় চৰকাৰে সহায় কৰে। অনাগত দিনত ইয়াৰ চাহিদা বাঢ়িব। এতিয়াই বাঢ়ি আছে।

আজিৰ তাৰিখত পশুপালন এটা লাভজনক বেহা। ইয়াৰ সৈতে এটা ব্যৱসায় জৰিত হৈ আছে। পশুখাদ্য। পশুখাদ্য উৎপাদনো লাভজনক ব্যৱসায় হ’ব পাৰে। শক্তিশালী সৰবৰাহ ব্যৱস্থা গঢ়িব পাৰিলে হাঁহ-কুকুৰা, গাহৰি-ছাগলী, গৰুকে ধৰি পশুপালনৰ ক্ষেত্ৰখনলৈ খাদ্য যোগানে আপোনাৰ ভাগ্য সলনি কৰি দিব পাৰে। অনেকে পুঁজিৰ অভাৱত ইচ্ছা থাকিলেও এইবোৰ কৰিব নোৱাৰে। কেন্দ্ৰীয় চৰকাৰৰ সংশ্লিষ্ট বিভাগৰ সৈতে যোগাযোগ কৰিলে পুঁজিৰ সমস্যা সমাধান হ’ব পাৰে।

তাকৰীয়া পুঁজিৰে ব্যৱসা আৰম্ভ কৰিব বিচাৰিলে জৈৱ সাৰৰ কথা ভাবিব পাৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জৈৱিক খেতিক যথেষ্ট গুৰুত্ব দিয়ে। ইয়াৰ বাবে উদগনিমূলক ব্যৱস্থাও কেন্দ্ৰীয় চৰকাৰৰ হাতত আছে। জৈৱিক সাৰৰ চাহিদা সমগ্ৰ দেশজুৰি।


সময় যিমানেই জটিল নহওক, সম্ভাৱনাৰ দুৱাৰ কোনো নহয় কোনো দিশে খোল খায়। মাথোঁ আৱশ্যক তাক অনুধাৱন কৰা। এটা অনুসন্ধিৎসু মনে সম্ভাৱনাৰ দুৱাৰৰ সন্ধান আগেয়ে পায়। উদ্যোমী লোকে সম্ভাৱনাক সমৃদ্ধিলৈ ৰূপান্তৰিত কৰে। আত্মবিশ্বাস লৈ নতন বছৰটোত আগবাঢ়ক, সময় যিমানেই জটিল নহওক কিয়, সফলতাই আপোনাৰ চৰণ চুব।

3 views0 comments