য'তেই হিন্দু দুৰ্বল তাতেই সংকটাপন্ন ভাৰতৰ অখণ্ডতা : মোহন ভাগৱত




য'তে হিন্দু দুৰ্বল, তাতেই ভাৰতবৰ্ষৰ সাৰ্বভৌমত্বলৈ সংকট নামিছে। এই স্পষ্ট মত আৰএছএছপ্ৰধান মোহন ভাগৱতৰ। শনিবাৰে গোৱালিয়ৰত আয়োজিত এটা অনুষ্ঠানত ভাগ লৈ তেওঁ এই তাৎপৰ্যপূৰ্ণ মন্তব্য দিয়ে। তেওঁ কয় যে হিন্দুৱেই ভাৰত আৰু ভাৰতেই হিন্দু সত্যটোক শক্তিশালী কৰাৰ আৱশ্যক আছে। কিয়নো ব্ৰিটিছে আমাৰ ইতিহাস সলনি কৰি আমাৰ মূল পৰিচয়টোকেই সলনি কৰি দিলে। 'ইংৰাজে অপৰাধী বুলি কোৱা লোকসকলক স্বাধীনতাৰ পাছত আমি ভালদৰে বিশ্লেষণ কৰি চোৱাত দেখিলোঁ তেওঁলোক সন্ত আৰু সিদ্ধপুৰুষ আছিল। তেওঁলোক সমাজক গৌৰৱদান অভিযানৰ অংশীদাৰ আছিল।


'হিন্দুত্বক ভাৰতৰ পৰা আৰু ভাৰতক হিন্দুত্বৰ পৰা আঁতৰাই ৰাখিব নোৱাৰি। এই দৰ্শনে আমাক বিশেষ কৰি গঢ়ি তুলিছে। কিন্তু ব্ৰিটিছে আহি ইতিহাস পুনৰ লিখিলে।' - তেওঁ কয়। আৰএছএছপ্ৰধান ভাগৱতে পুনৰ কয় যে ব্ৰিটিছে লিখিলে ১৫ প্ৰজন্মৰ পূৰ্বে আমাৰ পূৰ্বপুৰুষ নাছিল। কাৰণ ইতিহাসত কোনো হিন্দু অৰ্থাৎ ভাৰত নাছিল। ইয়াতে অখণ্ড ভাৰতৰ বিভাজন ঘটে।


মোহন ভাগৱতৰ মতে, ১৯৪৭ত হোৱা দেশ বিভাজনে হিন্দুক দুৰ্বল কৰি দিয়ে। তেওঁ কয়- 'যেতিয়া পাকিস্তান গঠন হ'ল, আমাক কোৱা নহ'ল আমি ভাৰত আৰু হিন্দুস্তান হৈ যাওঁ। আপুনি সেই দেশখনৰ আন নাম ৰাখিলে। কাৰণ তেওঁলোকে জানে যে হিন্দুৱেই ভাৰত আৰু ভাৰতেই হিন্দু।



মোহন ভাগৱতে কয়, অখণ্ড ভাৰত তাতেই খণ্ডিত হৈছে য'ত হিন্দু দুৰ্বল। এতিয়াও যদি ভাৰতৰ অখণ্ডতা সংকটত পৰা আৰু জনসাধাৰণ সমস্যাত পৰা ঠাইসমূহলৈ যদি চাওঁ দেখিম সেইবোৰত হিন্দু আৰু হিন্দুত্বৰ প্ৰভাৱ নিশকতীয়া।

5 views0 comments